• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্য মন্ত্ৰীৰ সংবাদমেলত কাগজ কলৰ প্ৰসংগ উত্থাপন; কি ক’লে সোণোৱালে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2020 5:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ সক্ৰিয় কৰি তুলিব বুলি বিভিন্ন সময়ত ঘোষণা কৰি আহিলেও বৰ্তমানলৈ এই ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো পদক্ষেপ।

শেহতীয়াকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আৰ্থিক পেকেজেও স্পৰ্শ কৰা নাই এই কাগজ কল দুটাক।

Apply Now

ৰাজ্যবাসীৰ এক আশা আছিল যে MSME খণ্ডৰ অন্তৰ্ভুক্ত কৰি হ’লেও কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে মৃতপ্ৰায় কাগজকল দুটা উজ্জীৱিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ হাতত ল’ব। কিয়নো বৰ্তমান কাগজ-কল দুটাৰ ওপৰত ভৰসা কৰি থকা শ-শ পৰিয়ালে এতিয়াও অতি আশাৰে কাগজ কলৰ কাম আৰম্ভ হ’ব বুলি বাট চাই আছে।

এনে সময়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সম্বোধন কৰা সংবাদমেলত এগৰাকী সাংবাদিকে এক প্ৰশ্ন উত্থাপন কৰিছিল।

সাংবাদিকৰ প্ৰশ্ন ‘MSME চেক্টৰৰ উদ্যোগৰ বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু ইয়াৰ পৰা অসমৰ মৃতপ্ৰায় কাগজকল দুটা কেনেকৈ উপকৃত হ’ব?’

প্ৰশ্নটোৰ উত্তৰ কেৱল এটা বাক্যত দি কয় ‘সেইটো MSME চেক্টৰত নপৰে।‘

তাৰ বিপৰীতে একেখন সংবাদমেলতে সৰ্বানন্দ সোণোৱালে মোদীৰ এই পেকেজে ৰাজ্যৰ উদ্যোগসমূহৰ শ্ৰমিক-মালিকসকলক উপকৃত কৰিব বুলি দাবী কৰে।

মুখ্য মন্ত্ৰীগৰাকীৰ এনে উত্তৰৰ পাছতে নৰ্থ-ইষ্ট নাওৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

আমাৰ সাংবাদিকৰে সৈ হোৱা টেলিফোনিক বাৰ্তালাপত শইকীয়াই কয় ‘মুখ্য মন্ত্ৰীৰ এনে উত্তৰ অতিকৈ দুৰ্ভাগ্যজনক। ৰাজ্য চৰকাৰৰ বলিষ্ঠ নেতৃত্বৰ অভাৱ, এই সময়ত অসমে এটা সুযোগ পাইছিল। আমাৰ চৰকাৰী খণ্ডৰ উদ্যোগ দুটা অতি কম মুলধনৰ বাবেই নিলামৰ পৰ্য্যায়লৈ গুচি গৈছে।‘

তেওঁ আৰু কয় ‘সেইকেইটা পুনৰ উজ্জীৱিত কৰি নিজৰ স্থানীয় উদ্যোগ কেইটাৰ বিকাশ কৰিব পাৰিলে হেঁতেন। দ্বিতীয়তে যিসকলে দৰমহাৰ পৰা দীৰ্ঘদিন বঞ্চিত হৈ আছে, সেইসকলৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। কিন্তু ৰাজ্য চৰকাৰে এইক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ দেখুৱাব নোৱাৰাটো দুৰ্ভাগ্যজনক।‘

আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই আমাৰ সাংবাদিকৰ আগত কয় ‘কাগজ কল দুটা পুনৰজ্জীৱিত কৰি তোলাটো সকলোৰে দাবী। সেইটো কি কাৰণে চৰকাৰে উজ্জীৱিত কৰা নাই। ঠিক আছে MSME চেক্টৰৰ ভিতৰত নপৰে সেইটো চৰকাৰে জানে। কিন্তু আমি কৈছো কেৱল কাগজ কল দুটা নহয়, তাত শ-শ থলুৱা লোকৰ ভৱিষ্যত জৰিত হৈ আছে।‘

‘ইমান এটা লাভজনক প্ৰতিষ্ঠান ধ্বংস কৰি পেলোৱা হৈছে। ক’ত কি গণ্ডগোল আছে সেইবোৰ চাফা কৰি বিত্তীয় সাহায্য প্ৰদান কৰি সেইকেইটা পুনৰুজ্জীৱিত কৰিব লাগে। এনেই উদ্যোগৰ সংখ্যা কম অসমত। মুখ্য মন্ত্ৰীয়ে যদি সেইদৰে কৈছে এইটো অতি দুৰ্ভাগ্যজনক কথা।‘ মহন্তই লগতে কয়।

মহন্তৰ মতে ‘বিজেপি চৰকাৰ ৰাইজৰ চৰকাৰ নহয়। তেওঁলোকে এফালৰ পৰা জাতি-মাটি-ভেটি ধ্বংস কৰি পেলালে। ৰাজ্যৰ বিজেপি চৰকাৰ নাগপুৰ আৰু দিল্লীৰ কথামতে চলে। অসমীয়া জাতিৰ কাৰণে নিজস্ব পৰিকল্পনা নাই, মোদীয়ে যি কয় সেয়া ভাটৌৰ নিচিনা আওৰাই।‘

‘জাগীৰোড আৰু কাছাৰ কাগজ কলৰ দৰে মৃতপ্ৰায় উদ্যোগ আৰু লকডাউনৰ ফলত মৃত্যুৰ মুখলৈ গতি কৰা সকলো উদ্যোগৰ দায়িত্ব চৰকাৰে ল’ব লাগে।‘

আনহাতে, মুখ্য মন্ত্ৰীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সংগ্ৰামী মঞ্চৰ কাৰ্য্যকৰী সভাপতি অদীপ ফুকনে।

ফুকনে কয় ‘মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক MSMEৰ অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য কৰাব লাগিব। নহ’লে ২০ লাখ কোটি টকা পেকেজৰ পৰা অসমে কি পাম? এই দুটা পেপাৰ মিল আৰু নামৰূপ সাৰ কাৰখানাৰ বাবদ ৩ হাজাৰ কোটি টকা ৰাজ্য চৰকাৰে কিয় আনিব নোৱাৰে?’

‘মুখ্য মন্ত্ৰীয়ে যদি দিল্লীক বাধ্য কৰাব নোৱাৰে তেন্তে ৰাইজৰ আগত মুকলিকৈ কওঁক। অসমৰ বন্ধ উদ্যোগসমূহ তেওঁ যদি চলাব নোৱাৰে তেন্তে মুকলিকৈ কওঁক।‘ ফুকনে লগতে কয়।

মুখ্য মন্ত্ৰীলৈ আহ্বান জনাই ফুকনে কয় ‘এই সংকটকালত মুখ্য মন্ত্ৰীয়ে ৰাজহাড় পোন কৰি কাম কৰক।‘

মুখ্য মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে এনেদৰেই সৰব হৈ পৰিছে বিভিন্নজন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd