• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ : মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 2:44 pm
55658d72-75fd-488f-a988-dc12e66723cb

দীনদয়াল উপাধ্যায় বি,য়ক গ্ৰন্ত উন্মোচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল। ফটো : নৰ্থইষ্ট নাও

492
VIEWS
Share on FacebookShare on Twitter

 

”পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ। তেখেতৰ বিষয়ে যিমানেই অধ্যয়ণ কৰিব সিমানেই জ্ঞানৰ পোহৰ, আধ্যাত্মিক চেতনা শক্তি লাভ কৰাৰ উপৰি মানৱ ধৰ্মৰ দৰ্শন লাভ কৰিব। বিশ্বৰ বুকুত তেখেতৰ আদৰ্শৰেহে একাত্ম মানৱতবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ।” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

নগাঁৱৰ অন্যতম গ্ৰন্থ প্ৰকাশন ৰণাংগন প্ৰকাশনৰ পৰা প্ৰকাশিত বিশিষ্ট কবি, প্ৰাৱন্ধিক, অনুবাদক পৰাণ কুমাৰ বৰুৱাৰ দ্বাৰা সম্পাদিত  ”যুগদ্ৰষ্টা দীনদয়াল” আৰু তেখেতৰে ”পণ্ডিত দীনদয়াল উপাধ্যায়ঃ জীৱন আৰু কৰ্মসাধনা” গ্ৰন্থৰ বাংলা ভাষাৰ ভাঙনি অসম বিধান সভা সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱন প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ব্যক্তিত্বত ইমানেই গুণ আছে বুলি উল্লেখ কৰি কয় যে যি দিশৰ পৰা তেখেতক বিশ্লেষণ কৰিব সেই দিশৰ পৰাই পোহৰ পাব। সাধাৰণভাৱে জীৱন-যাপন কৰা এগৰাকী ব্যক্তিৰ চিন্তাত বিশাল মনৰ কথা পৰিলক্ষিত হয়। তেখেতৰ মানৱতা সম্পৰ্কত কোৱা প্ৰতিটো কথাৰ বাবেই সমাজখন কেতিয়াও বিপদত নপৰে। যুগে যুগে এইখন সমাজ সদায় শক্তিশালী হৈ থাকিব।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে দীনদয়াল উপাধ্যায়ে জীৱনৰ প্ৰতিটো মুহূৰ্তই মানৱতাৰ স্বাৰ্থত আগবঢ়াই গৈছিল বুলি উল্লেখ কৰি কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনজোৰা সাধনা, কৰ্ম আৰু দৰ্শনৰ জৰিয়তে প্ৰকাশিত আলোকে দেশৰ জনসাধাৰণক জ্ঞানৰ মাৰ্গ প্ৰদৰ্শন কৰিছিল। এইগৰাকী মহান মনীষীৰ আধ্যাত্মিক, সামাজিক আৰু মানৱীয় চিন্তাৰে প্ৰসাৰিত কৰি ভাৰত ৰাষ্ট্ৰক বিশ্বক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত নিষ্ঠাৰে আত্মনিয়োগ কৰিছিল।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিধায়ক দিলীপ পাল, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, শিলাদিত্য দেৱ, কিশোৰ নাথ, সঞ্জয় কিষাণ, চক্ৰধৰ গগৈ আৰু অসমৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ অধ্যক্ষ হৰেকৃষ্ণ ভঁ‌ৰালী, মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভঁ‌ৰালীকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁ‌ত ধৰে মাহেকীয়া বাৰ্তালোচনী ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাসে। উল্লেখ্য যে, ‘পণ্ডিত দীনদয়াল উপাধ্যায়ঃ জীৱন আৰু কৰ্মসাধনা” গ্ৰন্থৰ বাংলা ভাষাৰ ভাঙনি কৰে মণিকা সৰকাৰ আৰু সুশান্ত সৰকাৰে।

Recent News

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd