• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়লা চিণ্ডিকেটক লৈ লোকসভাত প্ৰদ্যুৎ বৰদলৈৰ সৰৱ ভূমিকাৰ পিছতে সংবাদমেল বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 2, 2019 9:28 pm
Assam coal syndicate: BJP slams Cong MP Pradyut Bordoloi

মঙলবাৰে গুৱাহাটীত বিজেপিৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কয়লা চিণ্ডিকেট প্ৰসংগত লোকসভাত মঙলবাৰে প্ৰদ্যুৎ বৰদলৈয়ে লোৱা সৰৱ ভূমিকাৰ পিছতে গুৱাহাটীত সংবাদমেলযোগে কংগ্ৰেছ নেতাজনক শাসক দল বিজেপিয়ে উভতি ধৰিছে।

মঙ্গলবাৰে সন্ধিয়া হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত জয়ন্ত মল্ল বৰুৱাই নগাঁৱৰ সাংসদগৰাকীক কটাক্ষ কৰাৰ লগতে ‘দন্দুৰী মহিলা’ আখ্যা দিয়ে।

Apply Now

“প্ৰদ্যুৎ বৰদলৈয়ে সংসদৰ মজিয়াত কয়লা চিণ্ডিকেটৰ প্ৰসংগ উত্থাপন কৰাৰ পাছত এনে লাগিছে যে বহুদিন মনে মনে থকা নিমাতী কন্যা এগৰাকী যেন দন্দুৰী মহিলা হ’ল,” সংবাদমেলত বৰুৱাৰ মন্তব্য।

লগতে পঢ়ক– লোকসভাৰ মজিয়াত অসমৰ কয়লা চিণ্ডিকেট প্ৰসংগ, এন এছ চি এনলৈ যায় ধনৰ ভাগ

মুখ্য মন্ত্ৰী হোৱাৰ অবাস্তৱ সপোন দেখি নিমাতী কন্যাৰ পৰা দন্দুৰী মহিলা হ’ব নালাগে বুলিও বৰুৱাই সংবাদমেলত কয়। “মুখ্য মন্ত্ৰী হোৱাৰ অবাস্তৱ সপোন দেখি দন্দুৰী মহিলা হ’ব নালাগে। তেওঁৰ যি স্বভাৱ সেই স্বভাৱতে থাকক। সাংসদ হোৱাৰ পাছত মুখ্য মন্ত্ৰী হোৱাৰ অলীক কল্পনা লৈ অনাহকত কিছুমান কথা ক’বলৈ আৰম্ভ কৰিছে।”

আনহাতে, ২০০১ চনৰ পৰা প্ৰদ্যুৎ বৰদলৈয়েহে মাৰ্ঘেৰিটাত কয়লা চিণ্ডিকেট চলাই অহা বুলি অভিযোগ তোলে বৰুৱাই।

তেওঁ কয়, “২০০১ চনৰ পৰা মাৰ্ঘেৰিটাত কেনেদৰে কয়লা চিণ্ডিকেট চলি আছিল সেই উত্তৰ বৰদলৈয়ে ভালদৰে দিব পাৰিব।”

ইপিনে, বৰদলৈয়ে সংসদত কয়লা চিণ্ডিকেটৰ তদন্তৰ বাবে মন্ত্ৰী গোট গঠনৰ বাবে জনোৱা দাবীক আদৰণি জনাই বৰুৱাই কয় যে এই মন্ত্ৰী গোটে ২০০১ চনৰ পৰা তদন্ত কৰিব লাগে বুলি বৰদলৈয়ে কওক।

লগতে পঢ়ক– খেতিয়কৰ পৰাও কমিছন খায় চিণ্ডিকেটৰ মহানায়ক অখিল গগৈয়ে

“তেতিয়াহে প্ৰকৃততে জোলোঙাৰ মেকুৰী কি সেই কথা ওলাই পৰিব,” বৰুৱাই কয়।

আনহাতে, বৰদলৈয়ে অবৈধ কয়লাৰ ধন এন এছ চি এনলৈ যায় বোলা প্ৰসংগত বৰুৱাই কয়, “তেওঁৰ দিনত এন এছ চি এন, আলফা বা সন্ত্ৰাসবাদী সংগঠনক টকা-পইচা দিছিল। সেই পৰম্পৰা আজিও চলি আছে বুলি তেওঁ ভাবিছে। তেওঁ মাৰ্ঘেৰিটাত চলাই অহা পৰম্পৰা আজি নাই।”

“ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কয়লা চিণ্ডিকেটৰ ওপৰত নিজাববীয়াকৈ এটা গোচৰ লৈছে। বৰদলৈৰ হাতত যদি কিবা তথ্য আছে তেওঁ ন্যায়ালয়ত দাখিল কৰক, আমি তাত স্বাগতম জনাম। কিন্তু ৰাজনৈতিক মুনাফা ল’বৰ বাবে যি কাৰবাৰ আৰম্ভ কৰিছে সেইবিলাক বাদ দিব লাগে,” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীৰ মন্তব্য।

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি বিজেপিৰ আন এগৰাকী ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই দাবী কৰে যে “কয়লাৰ খনিত ৮০ জন লোকৰ মৃত্যু হোৱা” বুলি বৰদলৈয়ে অনা অভিযোগ মিছা।

“তেওঁ এই তথ্য দাঙি অসমৰ ৰাইজক বিপথে পৰিচালনা কৰিছে। যদি তেওঁৰ হাতত ৮০ জন লোকৰ কয়লাখনিত মৃত্যু হোৱাৰ তথ্য আছে তেন্তে জিলা প্ৰশাসন বা উচ্চ ন্যায়ালয়ত নাম-তথ্য সহকাৰে দাখিল কৰক। মাৰ্ঘেৰিটাৰ এগৰাকী স্থানীয় যুৱক হিচাপে কওঁ, আমি দেখি আহিছিলো যে ধন আৰু বাহুবলৰে মাৰ্ঘেৰিটাত বৰদলৈয়ে ১০-১২ বছৰ চিণ্ডিকেট চলাই আহিছিল। আমাৰ চৰকাৰ অহাৰ লগে লগে সেই চিণ্ডিকেট যেতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল তেওঁ আৰু তেওঁৰ চেলা-চামুণ্ডাসকল এতিয়া সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্য হেৰুৱাই ওলোটাই চোৰে চকীদাৰক গালি পৰা আৰম্ভ কৰিছে,” পবিত্ৰ মাৰ্ঘেৰিটাই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd