• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাবালকৰ গাত উতলা পানী ঢলা ডিব্ৰুগড়ৰ চিকিৎসক পলাতক

Avik Chakraborty অভীক চক্ৰবৰ্তী
ডিব্ৰুগড় , September 2, 2020 7:50 pm

2 min read

Assam: Dibrugarh doctor who poured boiling water on minor absconding

নাবালকগৰাকী। ছবি সৌজন্য-- টুইটাৰ।

498
VIEWS
Share on FacebookShare on Twitter

বনকৰা নাবালকৰ গাত উতলা পানী ঢালি দিয়া ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰী পলাতক হৈ আছে।

চিকিৎসকগৰাকীৰ ঘৰলৈ যোৱা মিলন নগৰ আৰক্ষী চকীৰ আৰক্ষীৰ দল তেওঁৰ বন্ধ গেটৰ সন্মুখত বহু ঘণ্টাধৰি অপেক্ষা কৰিব লগা হয়।

পিছত আৰক্ষীয়ে দণ্ডাধীশক খবৰ দিয়ে আৰু দণ্ডাধীশৰ উপস্থিতিত চিকিৎসকগৰাকীৰ ঘৰত গেট বগাই প্ৰৱেশ কৰে।

সূত্ৰমতে, দেউৰীৰ ঘৰ ভিতৰৰ পৰা বন্ধ আছিল আৰু তেওঁলোকে ঘৰত কুকুৰ মুকলি কৰি ৰাখিছিল।

আৰক্ষীয়ে বহু ঘণ্টাধৰি ডাঃ দেউৰী আৰু পত্নী মিতালী কোঁৱৰক ঘৰত বিচাৰে যদিও কোনো সন্ধান পাবলৈ সক্ষম নহ’ল।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড্কুৱাৰ্টাৰ) পদ্মনাভ বৰুৱাই নৰ্থইষ্ট নাওক জনায়, “আমি শিশু শ্ৰমিক আইন আৰু কিশোৰ ন্যায় আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছো। আমি অভিযুক্ত ডাঃ সিদ্ধি প্ৰসাদ দেউৰীক বিচাৰি আছো আৰু আইনমতে ব্যৱস্থা লোৱা হ’ব।”

১২ বছৰীয়া শিশুটিয়ে দেউৰীৰ ঘৰত বনকৰা ল’ৰা হিচাপে কাম কৰি আহিছিল। শিশুটিক শিশু কল্যাণ সমিতিয়ে উদ্ধাৰ কৰিছিল।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বাৰ্তাত শিশুটিয়ে কয় যে ঘৰৰ মজিয়াত ৰাতি শুই থাকোতে ডাঃ সিদ্ধি প্ৰসাদ দেউৰীয়ে গাত উতলা পানী ঢালি দিয়ে।

শিশুটিয়ে জনোৱা মতে তেওঁলোকৰ সকলো ঘৰুৱা কাম তেওঁ কৰি আহিছে।

শিশুটিয়ে লগতে জনাই যে তেওঁৰ ঘৰ যোৰহাটত, কিন্তু দেউতাকৰ লগত যোগাযোগ কৰিবলৈ তাক দিয়া নহয়।

শিশু কল্যাণ সমিতিৰ এজন সদস্যই জনোৱা মতে তেওঁলোকে শিশুটিৰ প্ৰকৃত ঘৰৰ ঠিকনা বিচৰাত চিকিৎসকজনে সেয়া জনোৱা নাছিল আৰু শিশুটি তেওঁলোকৰ সম্পৰ্কীয় আৰু দেউৰী উপাধিৰ বুলি কৈছিল।

কিন্তু পিছত পোহৰলৈ আহে যে শিশুটিৰ উপাধি ভূঞাহে।

ডাঃ দেউৰী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসক আৰু পত্নী মিতালী কোঁৱৰ মৰাণ কলেজৰ অধ্যক্ষা।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd