• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ৰ নিবাৰ্চন : প্রস্তুতি তুংগত গোলাঘাট জিলাৰ; অতিৰিক্ত ৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি

২০১৯ চনৰ তুলনাত ১৪ হাজাৰৰো অধিক বৃদ্ধি পালে ভোটদাতাৰ সংখ্যা; ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ৪,৩০৪গৰাকী ভোটদাতা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 27, 2021 2:49 pm
111195-delhi-voter-id-pti
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট, ২৭ ফেব্ৰুৱাৰী : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট নিৰ্বাচন জিলাটো ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচন শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে।

দেশৰ নিৰ্বাচনী আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰীত কৰা ঘোষণা অনুসৰি তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন সম্পন্ন হ’ব।

Apply Now

সেই অনুসৰি গোলাঘাট জিলাৰ চাৰিওটা সমষ্টি ৯৩ নং বোকাখাত, ৯৪ নং সৰুপথাৰ, ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিত প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিত খচৰা ভোটাৰ তালিকাত ৩,২৯,৭৬০ গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল ।

ইয়াৰে ১,৬৬,৩১৯ গৰাকী পুৰুষ ভোটদাতা আৰু ১,৬৩৪৪১ গৰাকী মহিলা ভোটাৰ। গোলাঘাট সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৯৬,৬১৩ (পুৰুষ-৯৯০৭৩/ মহিলা-৯৭,৫৪০)গৰাকী ভোটাৰ নাম সন্নিৱিষ্ট হৈছিল।

একেদৰে খুমটাই সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৩৩,১৪৭(পুৰুষ-৬৭,২৪৬/ মহিলা-৬৫,৯০১)গৰাকী ভোটাৰ নাম অন্তৰ্ভুক্ত হৈছিল। পৰৱৰ্তী সময়ত গোলাঘাট সমষ্টিত ৫,৫২৯ গৰাকী আৰু খুমটাই সমষ্টিত ৪,৯৩২ গৰাকী অৰ্থাৎ মুঠ ১০,৪৬১ গৰাকী ভোটাৰ নাম তালিকাত অন্তৰ্ভুক্ত হয়।

এতিয়ালৈকে গোলাঘাট নিৰ্বাচন জিলাত ৩,৪০,২২১ গৰাকী ভোটাৰ নাম চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে। ইয়াৰে ১,৭০,৪৪৬ গৰাকী পুৰুষ ভোটাৰ আৰু ১,৬৯,৭৭৫ গৰাকী মহিলা ভোটাৰ ।

চূড়ান্ত তালিকা অনুসৰি গোলাঘাট সমষ্টিত ২,০২,১৪২(পুৰুষ১,০১,২৬৮/মহিলা- ১০০৮৭৪) আৰু খুমটাই সমষ্টিত ১,৩৮,০৭৯ (পুৰুষ- ৬৯,১৭৮/মহিলা ৬৮,৯০১) গৰাকী ভোটাৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হৈছে। ভোটাৰ তালিকাৰ উন্নীতকৰণ  প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। সেয়ে ভোটদাতাৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এইবাৰ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটদাতাৰ সংখ্যা ৪,৩০৪গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত ২,৬২৭গৰাকী আৰু খুমটাই সমষ্টিত ১,৬১৪ গৰাকী। আনহাতে ৮০ বছৰ বয়সৰ উৰ্ধৰ গোলাঘাট সমষ্টিত ২,৫৮১ গৰাকী আৰু খুমটাই সমষ্টিত ১,৭২৩ গৰাকী মুঠ ৪,২৪১ গৰাকী ভোটাৰ আছে। সমষ্টি দুটাত ডি ভোটাৰৰ সংখ্যা ৭২০গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত ৪৮৫ আৰু খুমটাই সমষ্টিত ২৩৫ গৰাকী। সমষ্টি দুটাত ৫৫৫ গৰাকী চাৰ্ভিছ ভোটাৰ আছে। ইয়াৰে গোলাঘাট সমষ্টিত ৩৮৫ আৰু খুমটাই সমষ্টিত ১৭০ গৰাকী ভোটাৰ আছে। দুয়োটা সমষ্টিত এতিয়ালৈকে নাম অন্তৰ্ভূক্ত হোৱা বিশেষভাৱে সক্ষম ভোটাৰ সংখ্যা ৪৯২গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত ২৩৩ আৰু খুমটাই সমষ্টিত ২৫৯গৰাকী ।

কোবিড-১৯ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭ টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭ ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে।

সমষ্টি দুটাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৪৮৬। ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব। সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ (critical) হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫ নং হিন্দী বিদ্যালয় আৰু ১৯৪ নং ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪ নং জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ।

ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে দুয়োটা সমষ্টিক ১০ টা জ’ন আৰু ৩৯ টা চেক্টৰত ভাগ কৰি জ’নেল আৰু চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। গোলাঘাটত ৬টা আৰু খুমটাইত ৪টা জ’ন কৰা হৈছে। আনহাতে গোলাঘাটত ২৩ টা আৰু খুমটাইত ১৬ টা চেক্টৰ থাকিব।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ সমষ্টি দুটাত ভোটাৰ সংখ্যা ১৪,৩৪১ গৰাকী বৃদ্ধি পাইছে। মহিলা ভোটাৰ সংখ্যা ৮,৬০৬গৰাকী আৰু পুৰুষ ভোটাৰ সংখ্যা ৫,৭৩৫গৰাকী বৃদ্ধি পাইছে। ২০১৯ চনত দুয়োটা সমষ্টিত মুঠ ভোটাৰ সংখ্যা আছিল ৩,২৫,৮৮০ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১,৬৪,৭১১ গৰাকী আৰু মহিলা ভোটাৰ ১,৬১,১৬৯ গৰাকী।

স্মৰ্তব্য যে ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ইতিমধ্যে দুয়োটা সমষ্টিত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোটগ্ৰহন কেন্দ্ৰত ভালেমান সা-সুবিধাৰ ব্যৱস্থা কৰিছে।

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব।

আনহাতে ৮০বছৰৰ উৰ্ধৰ ব্যক্তিসকলে  প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও ভোট দান কৰিব পাৰিব। এনে বেলটসমূহ প্ৰয়োজনসাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব।

তদুপৰি বিশেষভাৱে সক্ষম ভোটাৰসকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ অনাৰ বাবে হুইল শ্বেয়াৰ অথবা অন্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে।

নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় বিষয়ৰ অভাৱ-অভিযোগ দাখিলৰ বাবে c-Vigil মোবাইল এপ ব্যৱহাৰ কৰিব পাৰিব। লগতে প্ৰাৰ্থীসকলে নিৰ্বাচন সংক্ৰান্তীয় অনুমতি, মনোনয়নৰ অগ্ৰগতি সম্পৰ্কীয় সবিশেষ আদি Suvidha এপৰ জৰিয়তে লাভ কৰিব পাৰিব।

ইয়াৰ উপৰি নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী,  ফ্লায়িং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd