DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২১ৰ নিবাৰ্চন : প্রস্তুতি তুংগত গোলাঘাট জিলাৰ; অতিৰিক্ত ৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি

২০১৯ চনৰ তুলনাত ১৪ হাজাৰৰো অধিক বৃদ্ধি পালে ভোটদাতাৰ সংখ্যা; ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ৪,৩০৪গৰাকী ভোটদাতা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 27, 2021 2:49 pm
111195-delhi-voter-id-pti
432
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট, ২৭ ফেব্ৰুৱাৰী : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট নিৰ্বাচন জিলাটো ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচন শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে।

দেশৰ নিৰ্বাচনী আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰীত কৰা ঘোষণা অনুসৰি তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন সম্পন্ন হ’ব।

সেই অনুসৰি গোলাঘাট জিলাৰ চাৰিওটা সমষ্টি ৯৩ নং বোকাখাত, ৯৪ নং সৰুপথাৰ, ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিত প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিত খচৰা ভোটাৰ তালিকাত ৩,২৯,৭৬০ গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল ।

ইয়াৰে ১,৬৬,৩১৯ গৰাকী পুৰুষ ভোটদাতা আৰু ১,৬৩৪৪১ গৰাকী মহিলা ভোটাৰ। গোলাঘাট সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৯৬,৬১৩ (পুৰুষ-৯৯০৭৩/ মহিলা-৯৭,৫৪০)গৰাকী ভোটাৰ নাম সন্নিৱিষ্ট হৈছিল।

একেদৰে খুমটাই সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৩৩,১৪৭(পুৰুষ-৬৭,২৪৬/ মহিলা-৬৫,৯০১)গৰাকী ভোটাৰ নাম অন্তৰ্ভুক্ত হৈছিল। পৰৱৰ্তী সময়ত গোলাঘাট সমষ্টিত ৫,৫২৯ গৰাকী আৰু খুমটাই সমষ্টিত ৪,৯৩২ গৰাকী অৰ্থাৎ মুঠ ১০,৪৬১ গৰাকী ভোটাৰ নাম তালিকাত অন্তৰ্ভুক্ত হয়।

এতিয়ালৈকে গোলাঘাট নিৰ্বাচন জিলাত ৩,৪০,২২১ গৰাকী ভোটাৰ নাম চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে। ইয়াৰে ১,৭০,৪৪৬ গৰাকী পুৰুষ ভোটাৰ আৰু ১,৬৯,৭৭৫ গৰাকী মহিলা ভোটাৰ ।

চূড়ান্ত তালিকা অনুসৰি গোলাঘাট সমষ্টিত ২,০২,১৪২(পুৰুষ১,০১,২৬৮/মহিলা- ১০০৮৭৪) আৰু খুমটাই সমষ্টিত ১,৩৮,০৭৯ (পুৰুষ- ৬৯,১৭৮/মহিলা ৬৮,৯০১) গৰাকী ভোটাৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হৈছে। ভোটাৰ তালিকাৰ উন্নীতকৰণ  প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। সেয়ে ভোটদাতাৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এইবাৰ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটদাতাৰ সংখ্যা ৪,৩০৪গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত ২,৬২৭গৰাকী আৰু খুমটাই সমষ্টিত ১,৬১৪ গৰাকী। আনহাতে ৮০ বছৰ বয়সৰ উৰ্ধৰ গোলাঘাট সমষ্টিত ২,৫৮১ গৰাকী আৰু খুমটাই সমষ্টিত ১,৭২৩ গৰাকী মুঠ ৪,২৪১ গৰাকী ভোটাৰ আছে। সমষ্টি দুটাত ডি ভোটাৰৰ সংখ্যা ৭২০গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত ৪৮৫ আৰু খুমটাই সমষ্টিত ২৩৫ গৰাকী। সমষ্টি দুটাত ৫৫৫ গৰাকী চাৰ্ভিছ ভোটাৰ আছে। ইয়াৰে গোলাঘাট সমষ্টিত ৩৮৫ আৰু খুমটাই সমষ্টিত ১৭০ গৰাকী ভোটাৰ আছে। দুয়োটা সমষ্টিত এতিয়ালৈকে নাম অন্তৰ্ভূক্ত হোৱা বিশেষভাৱে সক্ষম ভোটাৰ সংখ্যা ৪৯২গৰাকী। ইয়াৰে গোলাঘাট সমষ্টিত ২৩৩ আৰু খুমটাই সমষ্টিত ২৫৯গৰাকী ।

কোবিড-১৯ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭ টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭ ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে।

সমষ্টি দুটাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৪৮৬। ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব। সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ (critical) হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫ নং হিন্দী বিদ্যালয় আৰু ১৯৪ নং ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪ নং জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ।

ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে দুয়োটা সমষ্টিক ১০ টা জ’ন আৰু ৩৯ টা চেক্টৰত ভাগ কৰি জ’নেল আৰু চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। গোলাঘাটত ৬টা আৰু খুমটাইত ৪টা জ’ন কৰা হৈছে। আনহাতে গোলাঘাটত ২৩ টা আৰু খুমটাইত ১৬ টা চেক্টৰ থাকিব।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ সমষ্টি দুটাত ভোটাৰ সংখ্যা ১৪,৩৪১ গৰাকী বৃদ্ধি পাইছে। মহিলা ভোটাৰ সংখ্যা ৮,৬০৬গৰাকী আৰু পুৰুষ ভোটাৰ সংখ্যা ৫,৭৩৫গৰাকী বৃদ্ধি পাইছে। ২০১৯ চনত দুয়োটা সমষ্টিত মুঠ ভোটাৰ সংখ্যা আছিল ৩,২৫,৮৮০ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১,৬৪,৭১১ গৰাকী আৰু মহিলা ভোটাৰ ১,৬১,১৬৯ গৰাকী।

স্মৰ্তব্য যে ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ইতিমধ্যে দুয়োটা সমষ্টিত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোটগ্ৰহন কেন্দ্ৰত ভালেমান সা-সুবিধাৰ ব্যৱস্থা কৰিছে।

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব।

আনহাতে ৮০বছৰৰ উৰ্ধৰ ব্যক্তিসকলে  প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও ভোট দান কৰিব পাৰিব। এনে বেলটসমূহ প্ৰয়োজনসাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব।

তদুপৰি বিশেষভাৱে সক্ষম ভোটাৰসকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ অনাৰ বাবে হুইল শ্বেয়াৰ অথবা অন্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে।

নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় বিষয়ৰ অভাৱ-অভিযোগ দাখিলৰ বাবে c-Vigil মোবাইল এপ ব্যৱহাৰ কৰিব পাৰিব। লগতে প্ৰাৰ্থীসকলে নিৰ্বাচন সংক্ৰান্তীয় অনুমতি, মনোনয়নৰ অগ্ৰগতি সম্পৰ্কীয় সবিশেষ আদি Suvidha এপৰ জৰিয়তে লাভ কৰিব পাৰিব।

ইয়াৰ উপৰি নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী,  ফ্লায়িং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd