• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গেৰুৱা ধুমুহাত উটি গ’ল বিৰোধী: দিছপুৰত পুনৰ পদুম ফুলাটো প্ৰায় নিশ্চিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:26 am
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ আজি ঘোষিত ফলাফলৰ প্ৰাৰম্ভিক ধাৰাত শাসকীয় বিজেপি নেতৃত্বাধীন এন.ডি.এ (NDA) মিত্ৰজোঁটে এক বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। ৰাজ্যখনৰ ১২৬ খন আসনৰ ভিতৰত ১০০ খনৰো অধিক আসনত মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি দিছপুৰত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত কৰি তুলিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চ ‘অসম সন্মিলিত মৰ্চা’ মাত্ৰ ২০ ৰ পৰা ২৫ খন আসনতে সীমাবদ্ধ থকা পৰিলক্ষিত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত আৰম্ভণিৰে পৰাই শাসকীয় পক্ষই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়।

বিজেপিৰ এই বিজয় যাত্ৰাত কেইবাজনো হেভিৱেট নেতাই নিজৰ দখল অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে বিৰোধীৰ শিবিৰত শোকৰ ছাঁ পৰিছে। প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰাটো বিৰোধীৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে। ইয়াৰ উপৰি শিৱসাগৰত অখিল গগৈ ৬৮৪৩৫ ভোটেৰে ১২৬৭৯ ভোটৰ ব্যৱধানত আগবাঢ়ি থকাৰ বিপৰিতে খোৱাঙত লুৰীণজ্যোতি গগৈৰ দৰে হাই-প্রফাইল নেতৰ বৃহৎ ব্যৱধানত  পৰাজয়বৰণে বিৰোধী শিবিৰক অধিক হতাশ কৰি তুলিছে।

Apply Now

মিত্ৰজোঁটৰ অন্যতম সহযোগী দল অসম গণ পৰিষদ (AGP) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টেও (BPF) নিজৰ নিজৰ দুৰ্গত আশানুৰূপ প্ৰদৰ্শন কৰিছে। অগপৰ সভাপতি অতুল বৰা আৰু জ্যেষ্ঠ নেতা কেশৱ মহন্তই নিজ নিজ সমষ্টিত জয়ৰ দিশে আগবাঢ়িছে। বিৰোধী দলসমূহৰ ভিতৰত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ.আই.ইউ.ডি.এফ আৰু ৰাইজৰ দলেও দুই-এখন আসনত অগ্ৰগতি লাভ কৰিছে যদিও মিত্ৰজোঁটৰ বিজয় ৰথ ৰখাবলৈ সেয়া পৰ্যাপ্ত হোৱা নাই। নিৰ্বাচনৰ এই ফলাফলক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্তুষ্টি প্ৰকাশ কৰি কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবেই জনসাধাৰণে পুনৰ মিত্ৰজোঁটৰ ওপৰত আস্থা প্ৰকট কৰিছে।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলে ইতিমধ্যে বিজয় উৎসৱ পালন কৰা দেখা গৈছে। ইয়াৰ বিপৰীতে বিৰোধীৰ কাৰ্যালয়সমূহ নিস্তব্ধ হৈ পৰিছে। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইটোৱেই আছিল প্ৰথম নিৰ্বাচন, য’ত ভোটাৰৰ সঁহাৰিয়ে বহু পুৰণি সমীকৰণ সলনি কৰি পেলালে। এই পৰ্যন্ত ভোটগণনা সম্পূৰ্ণ হোৱা নাই যদিও মিত্ৰজোঁটে যিধৰণৰ জনদেশ লাভ কৰিছে, তাৰ পৰা স্পষ্ট যে অসমৰ ৰাজনীতিত বিজেপিৰ ভেটি অধিক শক্তিশালী হৈ পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd