• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিক আদৰণি অসমৰ চলচ্চিত্ৰ সমাজৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2019 9:02 am
সংবাদমেলৰ ছবি, ফটো নৰ্থ-ইষ্ট নাও

সংবাদমেলৰ ছবি, ফটো নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ দীৰ্ঘদিনীয়া দাবী অসম চলচ্চিত্ৰ নীতিক অনুমোদন জনালে ৰাজ্য চৰকাৰৰ কেবিনেটে। চৰকাৰৰ এই ইতিবাচক সঁহাৰিৰ বাবে মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক ধন্যবাদ জনাইছে চলচ্চিত্ৰ সমাজে।

আজি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি অসমীয়া বোলছবিজগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে কেবিনেটৰ উক্ত সিদ্ধান্তক আদৰণি জনায়।

Apply Now

সংবাদমেলত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক, তথা সংগীত পৰিচালক হিতেশ বৰুৱাই কয় ‘অসমীয়া চলচ্চিত্ৰ জগতৰ ৪০ বছৰীয়া সপোন পূৰণ হোৱাৰ পথত। সঁচাকৈয়ে আমাৰ বাবে আনন্দৰ দিন। এই নীতিৰ জৰিয়তে চলচ্চিত্ৰ জগতক অধিক আগুৱাই নিব পাৰিম।‘

যোৱা ২২ জুলাইত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত অসম চলচ্চিত্ৰ নীতি ২০১৯ক অনুমোদন জনোৱা হয়।

আজিৰ সংবাদমেলত উপস্থিত থকা অভিনেত্ৰী মলয়া গোস্বামীয়ে কয়, ‘এই নীতিৰ বাবে আমি ৪০ বছৰে বহুত যুদ্ধ কৰিছিলো। এতিয়া এক আশাৰ ৰেঙণি দেখা পাইছো। চিনেমা হলৰ ক্ষেত্ৰত চৰকাৰে উত্তম সিদ্ধান্ত গ্ৰহণ কৰিছে। জ্যোতি চিত্ৰবনৰ কাঠামো আৰু উন্নত হ’ব। আমাৰ দায়িত্ব আগতকৈ বাঢ়িব যাতে দৰ্শকক এখন ভাল চিনেমাৰ সোৱাদ দিব পাৰো।‘

‘বিজু ফুকন, আব্দুল মজিদ, মুনিন বৰুৱাৰ সপোন পূৰণ হৈছে। ৩৬৫ দিনেই হলত অসমীয়া চিনেমা চলিব। ইচ্ছা কৰিলেই চলচ্চিত্ৰ নির্মাতাই হলত প্ৰদৰ্শন কৰিব পাৰিব।‘ – কয় পৰিচালক ৰাজেশ ভূঞাই।

উল্লেখযোগ্য যে নতুন চলচ্চিত্ৰ নীতিত অসমীয়া ছবি নিৰ্মানত ২৫ শতাংশ ৰাজ সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছে।, সেই অনুসৰি ১ কোটি টকা ব্যয়েৰে চিনেমা নিৰ্মান কৰিলে প্ৰযোজকে ২৫ লাখ টকা ৰাজ সাহায্য লাভ কৰিব।

ইয়াৰ উপৰি চৰকাৰৰ ফালৰ পৰা ৰাষ্ট্ৰীয় পুৰষ্কাৰপ্ৰাপ্ত চিনেমাক ১ কোটি আৰু অস্কাৰলৈ মনোনীত চিনেমাক ২ কোটি টকা প্ৰদান কৰা হ’ব। লগতে কলা-কুশলীৰ চিকিৎসাৰ ক্ষেত্ৰত ২ লাখ টকাৰ জীৱন বীমাৰ কথা উল্লেখ আছে এই চলচ্চিত্ৰ নীতিত।

আজিৰ উক্ত সংবাদমেলত অভিনেত্ৰী মলয়া গোস্বামী, মৃদুলা বৰুৱা, অভিনেতা ৰবি শৰ্মাকে ধৰি পৰিচালক ৰাজেশ ভূঞা, সংগীত পৰিচালক হিতেশ বৰুৱা উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd