DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰাক লৈ ‘বিভ্ৰান্ত’ দৰঙৰ কিশোৰীৰ ‘আত্মহত্যা’

অনুপ শৰ্মা by অনুপ শৰ্মা
June 26, 2019 10:26 pm
Assam girl confuses additional draft exclusion list as final NRC, hangs self

দৰঙত বুধবাৰে “আত্মহত্যা” কৰা কিশোৰীগৰাকী। ছবি-- নৰ্থ ইষ্ট নাও।

739
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ অতিৰিক্ত বহিষ্কৰণ খচৰা প্ৰকাশৰ দিনাই দৰঙৰ এগৰাকী কিশোৰীয়ে বিষয়টোত “বিভ্ৰান্ত হৈ আত্মহত্যা” কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই অভিযোগ কৰিছে নুৰ নাহৰ বেগম (১৩) নামৰ “আত্মহত্যাকাৰী” কিশোৰীগৰাকীৰ সম্পৰ্কীয় লোকসকলে।

লোকসকলৰ মতে যোৱা বছৰ খচৰা এন আৰ চিত নাম নথকা নুৰে বুধবাৰে প্ৰকাশিত বহিষ্কৰণৰ তালিকাত নাম নথকা বুলি শুনি বিভ্ৰান্তিত ভুগি “আত্মহত্যা” কৰিছে। ছোৱালীজনীয়ে দুপাত্তাৰে ফাঁচ লৈ “আত্মহত্যা” কৰা বুলি জানিব পৰা গৈছে।

“ছোৱালীজনীৰ নাম পৰীক্ষা কৰিবলৈ তাইৰ দেউতাক আজি ওচৰৰ এন আৰ চি সেৱা কেন্দ্ৰলৈ গৈছিল। অতিৰিক্ত বহিষ্কৰণ খচৰাত তাইৰ নাম নথকা বুলি জানি কথাটো ফোনযোগে দেউতাকে তাইক জনালে আৰু তাই আত্মহত্যা কৰিলে,” এগৰাকী সম্পৰ্কীয়ই জনায়।

তেওঁ কয় যে অতিৰিক্ত খচৰাখন যে বহিষ্কৰণৰ খচৰাহে আৰু তাত নাম নথকাটোৱে যে চূড়ান্ত এন আৰ চিত তাইৰ নাম থকাটো নিশ্চিত কৰিছিল সেই কথা ছোৱালীজনীয়ে বুজা নাছিল।

আনহাতে আমছুৱে ঘটনাটোৰ বাবে অসম চৰকাৰক জগৰীয়া কৰিছে। সংগঠনটোৰ স্থানীয় গোটৰ সম্পাদক আব্দুল হায়ে কয় যে প্ৰকাশিত অতিৰিক্ত বহিষ্কৰণ খচৰাখনক লৈ অসম চৰকাৰে পৰ্য্যাপ্ত প্ৰচাৰ চলোৱা নাছিল।

কিন্তু দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই ঘটনাটোৰ সৈতে এন আৰ চিৰ সম্পৰ্ক অগ্ৰাহ্য কৰিছে। “ৰৌমাৰী চাপৰিৰ পৰা এজনী ছোৱালীয়ে আত্মহত্যা কৰাৰ খবৰ আহিছে। কিন্তু আত্মহত্যাটোৰ সৈতে এন আৰ চিৰ কোনো সম্পৰ্ক নাই। আন কিবা কাৰণ আছে। আমি তদন্ত চলাই আছো,” তেওঁ কয়।

১,০২,৪৬২ গৰাকী লোকৰ নাম অন্তৰ্ভুক্তিৰে বুধবাৰে এন আৰ চিৰ অতিৰিক্ত বহিষ্কৰণ খচৰা প্ৰকাশ পাইছে।

যোৱা বছৰৰ ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ খচৰাত নাম সোমোৱা, কিন্তু পৰৱৰ্তী পৰ্য্যায়ত বিভিন্ন কাৰণত অযোগ্য বিবেচিত হোৱা লোকসকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে।

Recent News

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd