DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ : ৰাজ্যৰ শিক্ষানুষ্ঠানত শীঘ্ৰে ৯ হাজাৰ শিক্ষকক দিয়া হ’ব নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2019 8:49 am
PG teachers appointment letters distribute

ফটো : য়ু বি

1.9k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাগত মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ৩ জানুৱাৰিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা জানিবলৈ দি কয় যে শিক্ষানুষ্ঠানসমূহত খালী হৈ থকা পদত ৯ হাজাৰ শিক্ষকক নিযুক্তি দিবলৈ আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

৩ জানুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশ লৈ উক্ত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বৃহস্পতিবাৰে ৰাজ্যৰ ৯খন জিলাৰ ১০৪ গৰাকী বিষয় শিক্ষকৰ মাজত নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়।

নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কয় যে মাধ্যমিক শিক্ষা বিভাগত ২৪৩৭টা খালী পদ আছিল, ইয়াৰে ১,০৫৮টা পদত ইতিমধ্যে নিযুক্তি কাৰ্য সম্পন্ন হ’ল আৰু বাকী খালী পদসমূহ চলিত বৰ্ষৰ ভিতৰতে পূৰণ কৰা হ’ব।

মাধ্যমিক শিক্ষা সঞ্চালকালয়ত আয়োজিত উক্ত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মন্ত্ৰী ভট্টাচাৰ্যই কয় যে যিবোৰ শিক্ষানুষ্ঠানত খালী পদ আছে, সেইবোৰ পদৰ বাবে পৰিচালনা সমিতিক বিজ্ঞাপন দিয়াৰ লগতে বাছনী কমিটীৰ দ্বাৰা বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি শিক্ষা বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰে ৯ হাজাৰ শিক্ষকক নিযুক্তি দিবলৈ সাজু হৈছিল কিন্তু বিষয়টো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পৰাত ডেৰ বছৰে প্ৰক্ৰিয়াটো স্থবিৰ হৈ আছিল। কিন্তু এতিয়া উচ্চ ন্যায়ালয়ৰ বাধা আঁতৰাত নিযুক্তি প্ৰক্ৰিয়া কাৰ্য পুনৰ আৰম্ভ হ’ব।

ইফালে শিক্ষক বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু কোনোধৰণৰ যাতে খামখেয়ালিৰ সৃষ্টি নহয় সেই কথাও উল্লেখ কৰে নিযুক্তি-পত্ৰ বিতৰণৰ কাৰ্যসূচীত।

উল্লেখ্য যে বৃহস্পতিবাৰে অসমৰ ৯খন জিলা ক্ৰমে শিৱসাগৰ, মৰিগাঁও, নলবাৰী, দৰং, কাছাৰ, নগাঁও, তিনিচুকীয়া, কৰিমগঞ্জ আৰু গোলাঘাটৰ ১০৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিযুক্তি-পত্ৰ বিতৰণ কৰে।

Recent News

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd