শিৱদৌলত শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি, আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ মুকলি ৰাজ্যপালৰ

Assam Governor Mukhi inaugurates Sivaratri, International Siva Festival in Sivasagar

ঐতিহাসিক শিৱসাগৰৰ শিৱ দৌলত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ।

শিৱৰাত্ৰিৰ আয়োজনত উখল-মাখল শিৱসাগৰৰ ঐতিহাসিক দৌলটোত আজি দুপৰীয়া অনুষ্ঠানটো বন্তি প্ৰজ্জ্বলনেৰে মুকলি কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে কয়, ”আজি পবিত্ৰ শিৱৰাত্ৰিৰ দিনা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছো। সমগ্ৰ অসমবাসীৰ মংগল কামনা কৰি শিৱ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

শিৱসাগৰৰ শিৱ দৌল দেশৰ ভিতৰতে অন্যতম শিৱ মন্দিৰ বুলি গণ্য কৰা হয় বুলি মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে কয় যে শিৱসাগৰ এখন ঐতিহাসিক আৰু পবিত্ৰ নগৰ আৰু ইয়াৰ ইতিসাহ নপঢ়াকে অসমৰ বিষয়ে ভালদৰে কোনেও জানিব নোৱাৰে।

“শিৱসাগৰত বিভিন্ন বাস্তু কলাৰ সমল আছে যিবিলাক আহোম ৰজাই স্থাপন কৰিছিল। তাৰে ভিতৰত শিৱ দৌল অন্যতম। বৰ্তমান সমগ্ৰ অসমত যিমান মঠ আৰু মন্দিৰ আছে সেই সকলোবিলাক পুনৰনিৰ্মাণ আহোম ৰজাই কৰাইছিল।অসম আমাৰ বাবে তীৰ্থভূমি। সকলো ধৰ্মাৱলম্বী লোক ইয়াত বাস কৰে,” তেওঁ কয়।

ৰাজ্যপালগৰাকীয়ে সপৰিয়ালে শিৱ দৌলত পূজা-অৰ্চনা আগবঢ়ায়।

আনহাতে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ ২০২০ উপলক্ষে প্ৰকাশ কৰা ”বজ্ৰহন্ত” নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া, উদযাপন সমিতিৰ সভাপতি গংগা প্ৰসাদ বৰগোহাঁইকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

ইফালে শিৱৰাত্ৰি উপলক্ষে শিৱ দৌল চৌহদৰ লগতে সমগ্ৰ শিৱসাগৰ চহৰ আলোকসজ্জাৰে সজাই তোলা হৈছে।