• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ চুটি ছবি, এনিমেশ্যন নিৰ্মাণৰ বাবে ৰাজ সাহায্যত অনুমোদন ৰাজ্য চৰকাৰৰ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , June 24, 2019 5:46 pm

2 min read

press meet jatin Bora, Reema das

সোমবাৰে অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ সংবাদেমেল। ফটো : নৰ্থইষ্ট নাও

1.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ চুটি ছবি,এনিমেশ্যন ছবি নিৰ্মাণৰ বাবে ৰাজ সাহায্যত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে ১ কোটি টকা মোকলাই দিছে। সোমবাৰে এখন সংবাদমেল যোগে এইকথা সদৰী কৰে অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই।

ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰা  ৰীমা দাসেও সংবাদমেলত অংশগ্ৰহণ কৰে।

অধ্যক্ষ বৰাই জানিবলৈ দিয়ে যে চুটি ছবিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাতাসকলে ৫ লাখৰ পৰা ২৫ লাখ টকাৰ ৰাজ সাহায্য লাভ কৰিব। অৰ্থাৎ দৈৰ্ঘৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাতাই ২৫ লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিব।

তদুপৰি, সংবাদমেলত জানিব দিয়া অনুসৰি ৰাজ্যখনত বন্ধ হৈ থকা চিনেমা হলসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে ধন মুকলি কৰি দিছে।

আনহাতে, যশস্বী পৰিচালক ৰীমা দাসলৈ নতুন ছবি নিৰ্মাণৰ বাবে ৫০ লাখ টকা আগবঢ়োৱা হৈছে। ৰীমা দাসে তেওঁৰ নতুন ছবি পূৰ্ণ চন্দ্ৰাৰ বাবে এই ধনৰাশি লাভ কৰিব। অহা আগষ্ট মাহৰ পৰা ৰীমা দাসৰ ছবি পূৰ্ণ চন্দ্ৰাৰ শ্বুটিঙৰ কাম আৰম্ভ হ’ব।

ইপিনে, ৰীমা দাসৰ নতুন ছবি বুলবুল কেন সিং আগষ্ট বা ছেপ্টেম্বৰ মাহত অসমৰ চিত্ৰগৃহলৈ আহিব বুলিও সংবাদমেলত ব্যক্ত কৰে।

ৰীমা দাসে ছবিখনত ৫০ লাখ টকা ব্যয় নহলে বাকী পইচা চলচ্চিত্ৰ বিত্ত নিগমক ঘূৰাই দিব বুলিও জানিব দিয়ে। ইয়াৰ পূৰ্বে জাহ্নু বৰুৱালৈ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ৫০ লাখ টকা আগবঢ়োৱা হৈছিল।

আনহাতে, অসমৰ শিল্পী কল্যাণ ন্যাসৰ তৰফৰ পৰা এতিয়ালৈ কেইবাজনো শিল্পীলৈ ৫০ লাখ টকা আগবঢ়োৱা হৈছে বুলিও বৰাই জানিবলৈ দিয়ে।

অস্কাৰৰ সময়ত ৰীমা দাসক অনুদান আগবঢ়োৱা সকলোকে সহ প্ৰযোজক হিচাপে লৈ ৰীমা দাসে এখন চিনেমা নিৰ্মাণ কৰিব য’ত অনুদান আগবঢ়োৱা প্ৰত্যেকজন লোকেই ইয়াৰ লাভ্যাংশ পাব।

ইয়াৰ মাজতে প্ৰঞ্জনা দত্ত আৰু বৰদৈচিলা থিয়েটাৰৰ মাজত হোৱা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি যতীন বৰাই কয় যে তেওঁলোকে আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন।

এনেকুৱা ঘটনাৰ বাবে ৰাইজৰ মোহভংগ হ’ব আৰু ভ্ৰাম্যমাণ থিয়েটাৰ আমি জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰি যতীন বৰাই কয়,‘’অভিজিত ভট্টাচাৰ্য্য যদি ইমানে বেয়া, প্ৰযোজকে স্ক্ৰিপ্ট নিবিচাৰিলেই হল।‘’

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd