• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰ টি আইৰ উত্তৰ নিদিয়ে অসমৰ চৰকাৰী বিভাগে, মুখ্য মন্ত্ৰীক অভিযোগ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , July 8, 2019 10:11 pm

2 min read

Assam govt departments ignore RTI applications, complaints activist

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰাৰ লগতে জনসাধাৰণক চৰকাৰৰ বিভিন্ন কাম-কাজৰ বিষয়ে বিশদভাৱে জনাৰ সুযোগ প্ৰদান কৰাৰ বাবে ২০০৫ চনত প্ৰৱৰ্তন কৰা হৈছিল তথ্য জনাৰ অধিকাৰ আইন। কিন্তু অসমত বৰ্তমান এই আইনৰ চৰম উলংঘন হৈ আছে।

এই আইনৰ জৰিয়তে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ তথ্য জানিবলৈ এতিয়া হাবাথুৰি খাবলগীয়া হয় জনসাধাৰণ। দেশৰ আইনপ্ৰদত্ত অধিকাৰ এটা সাব্যস্ত কৰাৰ ক্ষেত্ৰত হোৱা হেমাহিৰ কথা নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে দিপুল জ্যোতি হাজৰিকা নামৰ এগৰাকী আৰ টি আই কৰ্মীয়ে।

আৰ টি আই কৰ্মীগৰাকীয়ে জানিবলৈ দিয়া মতে বিগত কেইবা মাহ ধৰি তেওঁ অসম চৰকাৰৰ কেইবাটাও বিভাগৰ পৰা তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত আবেদন কৰি আছে যদিও তথ্য লাভ কৰা নাই। যাৰ বাবে বাৰে বাৰে অসম তথ্য আয়োগৰ ওচৰত আপীল কৰিবলগীয়া হোৱাত অতিষ্ঠ হৈ তেওঁ মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

“মই অসম চৰকাৰৰ কেইবাটাও বিভাগৰ পৰা তথ্য বিচাৰি ২০১৮ চনৰ চেপ্টেম্বৰ মাহৰ পৰা দুমাহ আগলৈ কৰা বহুকেইখন আবেদনৰ কোনো উত্তৰ পোৱা নাই। তথ্য নাপাই মই বাৰে বাৰে অসম তথ্য আয়োগৰ কাষ চাপিবলগীয়া হৈছে। কিন্তু কি কাৰণত চৰকাৰৰ এই বিভাগসমূহে তথ্য দিব নোৱাৰে সেইটোহে চিন্তনীয় বিষয়,” নৰ্থ-ইষ্ট নাওৰ আগত আৰ টি আই কৰ্মী দিপুল জ্যোতি হাজৰিকাৰ ভাষ্য।

উল্লেখ্য যে, আৰ টি আই আবেদন লাভ কৰাৰ পৰা সংশ্লিষ্ট বিভাগটোৱে ৩০ দিনৰ ভিতৰত তথ্য প্ৰদান কৰাৰ নিয়ম। কিন্তু দিপুল জ্যোতি হাজৰিকাই আমাক জনোৱা মতে একোটা বিভাগৰ পৰা তেওঁ ন মাহ পাৰ হৈ যোৱাৰ পাছতো তথ্য লাভ কৰা নাই।

তেওঁ শ্ৰম আৰু নিয়োগ বিভাগৰ পৰা কিছু তথ্য বিচাৰি ২০১৮ চনৰ চেপ্টেম্বৰ মাহৰ ১০ আৰু ২৪ তাৰিখত দুখনকৈ আবেদন কৰিছিল। একেটা বছৰৰ ১২ ডিচেম্বৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়তো তেওঁ আৰ টি আই আবেদন কৰিছিল।

একেদৰে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ পৰা চলিত বৰ্ষৰ এপ্ৰিলৰ ২৯ তাৰিখ, মে’ মাহৰ ১৬ আৰু ২৯ তাৰিখে আবেদন কৰিছিল যদিও এই পৰ্য্যন্ত তেওঁ উত্তৰ লাভ কৰা নাই।

তেওঁ লগতে জনায় যে সময়মতে তথ্য দিব নোৱাৰাৰ কথা জনাই আৰু অতিৰিক্ত সময় বিচাৰি বিভাগৰ পৰা নিয়ম অনুসৰি পাবলগীয়া কোনো চিঠিও তেওঁ পোৱা নাই।  এইদৰে তথ্য প্ৰদানত পলম কৰি বিভাগে প্ৰকৃত তথ্য সালসলনি কৰিব পাৰে পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে আৰ টি আই কৰ্মীজনে।

মুখ্য মন্ত্ৰীলৈ তেওঁ প্ৰেৰণ কৰা পত্ৰখনত তথ্য জনাৰ অধিকাৰ আইনৰ প্ৰতি অসমত হোৱা এনে ভেঙুচালিৰ কথা উদঙাই এনে প্ৰক্ৰিয়াই দুৰ্নীতি বিৰোধী যুঁজখন মন্থৰ কৰিব বুলিও উল্লেখ কৰে।  তেওঁ লগতে এইক্ষেত্ৰত মুখ্য মন্ত্ৰীক হস্তক্ষেপ কৰাৰো আহ্বান জনায়।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd