DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰী চিকিৎসালয়ত ৰোগীক খাদ্য যোগান ধৰিবলৈও চৰকাৰৰ হাতত ধনৰ অভাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2019 9:53 am
Nagao Civil Hospital

প্ৰতিনিধিত্বমূলক ফটো।

11.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৭-৮ মাহ ধৰি ৰাজ্যৰ অসামৰিক চৰকাৰী চিকিৎসালয়বোৰে ৰোগীৰ খাদ্যৰ বাবত পাব লগীয়া ধন মুকলি কৰি দিয়া নাই বিত্ত বিভাগে, যাৰ ফলত চিকিৎসালয়বোৰত খাদ্য যোগান ধৰি থকা ঠিকাদাৰী প্ৰতিষ্ঠানবোৰে নিজৰ ধন খৰচ কৰি থাকিব লগীয়া হৈছে।

এই সম্পৰ্কীয় এটা প্ৰতিবেদন প্ৰকাশ কৰিছে দৈনিক জনমভূমি নামৰ কাকতখনে।

প্ৰতিবেদনটোৰ মতে, ২০১৮ চনৰ ডিচেম্বৰৰ পৰাই ৰাজ্যৰ বিভিন্ন জিলাত থকা চৰকাৰী চিকিৎসালয়বোৰে ৰোগীক খাদ্য যোগানৰ বাবদ পাব লগীয়া ধন পোৱা নাই। এই পৰিস্থিতি অব্যাহত থাকিলে অনাগত দিনত চিকিৎসালয়বোৰত খাদ্য যোগান বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।

স্বাস্থ্য বিভাগৰ নিয়মমতে, চৰকাৰী চিকিৎসালয়বোৰত চিকিৎসাধীন হৈ থকা ৰোগীক দিনে দুবাৰকৈ ভাত দিয়াৰ উপৰি চাহ-বিস্কুট আদি দিয়া হয়। ইয়াৰ বাবদ প্ৰতিজন ৰোগীৰ বিপৰীতে দিনে ৬৯ টকাৰ পৰা ৯০ টকাকৈ খৰচ পৰে।

একোখন চৰকাৰী চিকিৎসালয়ত মাহে তিনি লাখ বা তাতকৈ অধিক টকা খাদ্য যোগানৰ বিল হয়, স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ সূত্ৰৰ ভিত্তিত প্ৰতিবেদনটোত কোৱা হৈছে।

লগতে পঢ়ক জখলাবন্ধা চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিলে ম্যাদ ওকলা ঔষধ : তীব্ৰ প্ৰতিক্ৰিয়া

এই বিলবোৰ মাহৰ মূৰত সংশ্লিষ্ট চিকিৎসালয়ৰ অধীক্ষক আৰু জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ দ্বাৰা অনুমোদন হয়। তাৰ পিছত স্বাস্থ্যসেৱা সঞ্চালকৰ ওচৰলৈ আহে। উক্ত বিল স্বাস্থ্যসেৱা সঞ্চালকে পুনৰীক্ষণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিবৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে।

প্ৰতিবেদনটোৰ মতে, ৰাজ্যৰ বহুকেইখন জিলাৰ অসামৰিক চিকিৎসালয়ৰ খাদ্য যোগানৰ বিল স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্য্যালয়ে পুনৰীক্ষণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিবলৈ প্ৰেৰণ কৰাৰ পিছতো প্ৰায় ৭/৮ মাহ ধৰি এইবোৰ পৰি আছে।

উল্লেখ কৰিব পাৰি যে চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে বিনামূলীয়া ঔষধ প্ৰায় নাপায়েই। সাধাৰণ জ্বৰ, পেটচলা, কাহৰ চিৰাপ আদিৰ দুই-এটা ঔষধৰ বাদে প্ৰায়বোৰ দৰবেই ৰোগীয়ে ব্যক্তিগত ফাৰ্মাচিৰ পৰা কিনিব লগীয়া হয়।

আনহাতে শেহতীয়াকৈ জখলাবন্ধা, বিহালীকে ধৰি একাধিক চৰকাৰী চিকিৎসালয়ত ম্যাদ ওকলা ঔষধ বিতৰণৰ গুৰুতৰ বিসংগতি পোহৰলৈ আহিছিল।

 

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd