কা বিৰোধী প্ৰতিবাদলৈ ইমান ভয় কিয় সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ? তাৰে এক প্ৰমাণ হিচাপে প্ৰতিবাদকাৰীয়ে জোৰ সমদল কৰিবলৈ অনা বাহৰ জোৰসমূহ জ্বলাবলৈ নিদি আৰক্ষীয়ে কাঢ়ি দলিয়াই পেলায়।
প্ৰথম অৱস্থাত আৰক্ষীয়ে এই প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ নিদিয়াত গীত মাতৰে প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীসকলে।
অৱশেষত সেই প্ৰতিবাদত সেও মানি বেৰিকেড খুলি দিয়ে প্ৰতিবাদকাৰীসকলক।
উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰৰ স্বৈৰাচ্ছাৰিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
তেওঁ কয় ‘আমাৰ প্ৰতিবাদী কাৰ্যসূচীলৈ চৰকাৰে ভয় কৰিছে। তাতে ওলাই পৰিছে এই চৰকাৰখন জনগণৰ লগত নাই। শোষণকাৰী কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবে চাৰিওফালে জুই জ্বলাই দিছে। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ৰঙা চকুলৈ ভয় নকৰি ৰাইজ ইয়াত সমবেত হৈছিল। কিন্তু তেওঁলোকে যে গণতান্ত্ৰিক প্ৰতিবাদৰ মুখামুখি হ’বলৈ যে ভয় কৰিছে তাতে আমাৰ জয় সুনিশ্চিত হৈছে।‘
‘চৰকাৰে মনত ৰখা ভাল যে হিটলাৰৰ দৰে শক্তিশালী শাসকৰো এদিন পতন হৈছিল। যিমানেই মানুহৰ কন্ঠৰোধ কৰিবলৈ চেষ্টা কৰিব সিমানে জনতা জাগৃত হ’ব। এই প্ৰতিবাদ দীঘলীয়া আৰু শক্তিশালী হ’ব। অসমৰ চুকে-কোণে জোৰ লৈ প্ৰতিবাদ হৈছে কিন্তু গুৱাহাটীত জোৰ লৈ সমদল কাৰ্যসূচীলৈ ভয় কৰিছে কিয়নো ইয়াত সচেতন ৰাইজে অংশগ্ৰহণ কৰিছে।‘ ভূঞাই লগতে কয়।
ইপিনে, উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি জীপাল কৃষক শ্ৰমিক সংঘৰ সভাপতি সোণেশ্বৰ নৰহে কয় ‘অসমীয়া পুলিচে অসমীয়া মানুহক শোষণ কৰা নীতি নচলিব। আমাৰ অসমীয়া পুলিচ ভাই-ভাই। সৰ্বানন্দ সোণোৱাল চৰকাৰে তেওঁলোকৰ আৰক্ষীৰ হতুৱাই আমি জ্বলাবলৈ অনা জোৰ দলিয়াই পেলাইছে। আমাক বেৰিকেড দি বাধা দি আগুৱাই আহিব দিয়া নাছিল। আমাৰ সাংস্কৃতিক প্ৰতিবাদত বাধ্য হৈ আৰক্ষীয়ে অৱশেষত বেৰিকেড খুলি দিলে।’
‘আমি জয়ী হৈছো যিমানে বেৰিকেড নিদিয়ক আমি খুলি যাবলৈ সক্ষম হ’ম। আজি আমাৰ জোৰ দলিয়াই পেলোৱা কাৰ্যই প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰ শংকিত।‘ নৰহে লগতে কয়।
প্ৰতিবাদী সমদলৰ অন্তত ৰাজপথতে মমবাতি জ্বলাই কা বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰতিবাদকাৰীয়ে।