• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ; প্ৰাদেশীকৰণ নহ’ল ১৩৪ খন মহাবিদ্যালয়ৰ ৪০০ সহকাৰী অধ্যাপকৰ পদ

মিন্টূ দাস by মিন্টূ দাস
August 23, 2018 3:11 pm
Siddhartha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংশোধিত প্ৰাদেশীকৰণ আইনৰ জৰিয়তে যোৱা ১৫ আগষ্টৰ ভিতৰত ১৩৪ খন মহাবিদ্যালয়ৰ প্ৰায় ৪০০ সহকাৰী অধ্যাপকৰ পদ প্ৰাদেশীকৰণ হোৱাৰ কথা আছিল যদিও অদ্যপি নহ’ল। চলিত বৰ্ষৰ বিধান সভা অধিবেশনতে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে, যি প্ৰায় চাৰিশ সহকাৰী অধ্যাপকে নেট, শ্লেট সম্পূৰ্ণ কৰিলে বা পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰিলে তেওঁলোকৰ পদসমূহ যোৱা ১৫ আগষ্টৰ ভিতৰত প্ৰাদেশীকৰণ কৰা হব। ১৫ আগষ্টও পাৰ হৈ গ’ল যদিও অদ্যপি পদসমূহ প্ৰাদেশীকৰণ নহ’ল।

২০১৩ চনতে সেই সময়ৰ ৰাজ্য চৰকাৰে ২০১১-১২ সংশোধিত প্ৰাদেশীকৰণ আইনৰ জৰিয়তে এই ১৩৪ খন মহাবিদ্যালয়ৰ ৩০ শতাংশ পদ প্ৰাদেশীকৰণ কৰিছিল।কিন্তু মহাবিদ্যালয়সমূহৰ ৭০ শতাংশ সহকাৰী অধ্যাপকৰ নেট, শ্লেট নথকাৰ বাবে তেওঁলোকৰ পদসমূহ প্ৰাদেশীকৰণ কৰা নাছিল। সেই অনুযায়ী প্ৰায় ১১৫০ গৰাকী সহকাৰী অধ্যাপকৰ পদ সেই সময়ত প্ৰাদেশীকৰণ হোৱা নাছিল।

Apply Now

চৰকাৰে এই সহকাৰী অধ্যাপকসকলক নেট, শ্লেট উত্তীৰ্ণ হ’বৰ বাবে ৫ বছৰ সময় সীমা বান্ধি দিছিল। সেই অনুযায়ী এই মহাবিদ্যালয় সমূহত কৰ্মৰত প্ৰায় ৪০০ সহকাৰী অধ্যাপকে নেট, শ্লেট সম্পূৰ্ণ কৰিলে। কোনো কোনোৱে অশেষ কষ্ট কৰি পি এইচ ডি ডিগ্ৰীও গ্ৰহণ কৰিলে। ২০১৬ চনত ২০১১-১২ সংশোধিত প্ৰাদেশীকৰণৰ এই আইনখন সাময়িকভাবে বাতিল হয়।

সেই সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কোনো শিক্ষকে আইনখনত বিসংগতি থকা বুলি অভিযোগ তুলি গোচৰ তৰে। গোচৰীয়া পক্ষৰ মতে আইনখনত ২০০৬ চনত চৰকাৰৰ অনুমোদন পোৱা একাংশ শিক্ষানুষ্ঠান আইনখনৰ আওতাত সোমোৱা নাই। নায়্যালয়ে ৬ মাহৰ ভিতৰত আইনখন সংশোধন কৰি পুনৰ প্ৰণয়নৰ বাবে নিৰ্দেশ জাৰী কৰে। ২০১৭ বৰ্ষৰ মাৰ্চ মাহত আইনখন সংশোধন হ’ল আৰু সংশোধিত আইনখন সেই বৰ্ষৰে ৫ মে’ত ৰাজ্যপালৰ দ্বাৰা গৃহীত হয়।সেই অনুযায়ী নেট, শ্লেট আদি এই ডিগ্ৰীসমূহ সম্পূৰ্ণ কৰা সকলৰ পদসমূহ নীতি অনুযায়ী প্ৰাদেশীকৰণ কৰা হব আৰু নোৱৰাসকলক ‘টিউটৰ’ হিচাপে ৰাখি পুনৰ এই ডিগ্ৰীসমূহ সম্পূৰ্ণ কৰাৰ সুবিধা প্ৰদান কৰা হ’ব।

ইয়াৰ পিচতে বিভিন্ন জিলাত থকা সংমণ্ডল বিদ্যালয়সমূহৰ কাৰ্যালয়ে পদসমূহৰ সম্পৰ্কত পুনৰীক্ষণ কৰি প্ৰতিবেদনো দাখিল কৰিছিল। এই আইনখনৰ পুনৰ সংশোধনৰ সময়ত আইনখনত এটা বিষয় সন্নিবিষ্ট কৰা হৈছিল। সেই মৰ্মে পদ প্ৰাদেশীকৰণ হ’বলগীয়া সহযোগী অধ্যাপকজন যিটো বিষয়ৰ সেই বিষয়টোত স্নাতক পৰ্যায়ৰ শেষ ষান্মাষিকত কমেও ১৫ জন ছাত্ৰ-ছাত্ৰী থাকিব লাগিব। তেতিয়াহে সহকাৰী অধ্যাপকজনৰ পদটো প্ৰাদেশীকৰণ কৰা হ’ব।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ বিধান সভা অধিবেশনত আইনখন পুনৰ সংশোধন কৰি ২০১৭-১৮ বৰ্ষৰ আইন হিচাপে গ্ৰহণ কৰা হয়। এই সংশোধনৰ সময়তো বিষয়সমূহত শেষ ষান্মাষিকত কম পক্ষেও ১৫ জন ছাত্ৰ-ছাত্ৰী থকা আৰু অতিৰিক্ত পদৰ বাবে ছাত্ৰ-ছাত্ৰী ১৫০ জন হ’ব লাগিব বুলি গ্ৰহণ কৰা পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখে। কিন্তু বহু মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান, ভূগোল বিজ্ঞান, সংস্কৃত, ইতিহাস, অংক শাস্ত্ৰ আদি বিষয়ত ষষ্ঠ অৰ্থাৎ শেষ ষান্মাষিকত ১৫ জন ছাত্ৰ-ছাত্ৰী নাই। এনেবোৰ বহু কাৰণতে এই সহকাৰী অধ্যাপকসকলৰ পদ প্ৰাদেশীকৰণৰ বিষয়টো অনিশ্চিত হৈ পৰিছে।

জানিব পৰামতে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকে এই পদসমূহ প্ৰাদেশীকৰণৰ ফাইল বিত্ত বিভাগলৈ প্ৰেৰণ কৰা নাই। তদুপৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী সলনি হোৱাটোৱেও প্ৰভাব পেলাইছে বিষয়টোত। যোৱা ১৫ আগষ্টৰ পূৰ্বে সহকাৰী অধ্যাপকসকলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক লগ ধৰিছিল যদিও তেওঁ পৰ্যায়ক্ৰমে পদসমূহ প্ৰাদেশীকৰণ হ’ব বুলি সাধাৰণ উত্তৰ দি থয়।

ইপিনে উচ্চ শিক্ষা সঞ্চালক বিষয়সমূহত শেষ ষান্মাষিকত ১৫ জন ছাত্ৰ-ছাত্ৰী থকাটোত আঁ‌কোৰগোজ হৈ আছে। এই সম্পৰ্কত চামগুৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ শৰ্মাই ক্ষোভ উজাৰি আজি সংবাদ মাধ্যমৰ আগত কয় যে এই সম্পৰ্কে যদি পূৰ্বতেই যদি আমাক স্পষ্ট কৰিলেহেতেন তেন্তে আমি নেট, শ্লেট কষ্ট কৰি সম্পূৰ্ণ কৰাৰ বিপৰীতে অন্য চাকৰি বিচাৰিলোহেঁ‌তেন। এতিয়া আমি আশাত বন্দী হৈ দীৰ্ঘদিন ধৰি আছো আৰু কিমান দিন থাকিম। বঞ্চিত সহকাৰী অধ্যাপকজনে ৰাজ্য চৰকাৰক বিষয়টো পুনৰ বিবেচনাৰ আহ্বান জনাইছে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd