গ’ল লুইতৰ বুকুত চলিব লগা জাহাজ, চলিছে গংগাত

অভিযোগমতে গোটেই প্ৰক্ৰিয়াটোতে উপেক্ষিত হৈছে অসমৰ থলুৱা উদ্যোগী।

Assam govt’s sincerity in revamping river transport questioned, Barges meant for Brahmaputra leased out to operate on Ganga

ধুবৰীত পৰি থকা আৰ পি এল কাজিৰঙা।

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নদী পৰিবহণ উন্নত কৰা বুলি ঢোল পিটি আহিলেও, অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ শেহতীয়া কিছু কাৰ্য্য-কলাপে চৰকাৰী নিষ্ঠাৰ ওপৰত প্ৰশ্ন তুলিছে।

ব্ৰহ্মপুত্ৰত চলিব লগা কিছুমান জাহাজ বিভাগটোৱে শেহতীয়াকৈ ক’লকাতাৰ কিছু গোষ্ঠীক লীজত দি দিছে।

গংগা-ভাগিৰথী-হুগলি নৈৰ ৰাষ্ট্ৰীয় জলপথ নং ১ত চলাবলৈ এই জাহাজসমূহ ইতিমধ্যে লৈ যোৱা হৈছে।

কিন্তু, অভিযোগমতে গোটেই প্ৰক্ৰিয়াটোতে উপেক্ষিত হৈছে অসমৰ থলুৱা উদ্যোগী।

“আমাৰ চৰকাৰখনে জাতি, মাটি, ভেটিৰ কথা কয়। আৰু আমি ল’কেল উদ্যমীসকলক সুযোগ নিদিয়ে,” তেওঁ কয়।

গংগাত চলাবলৈ নিয়া জাহাজসমূহ চলিব লগা আছিল ব্ৰহ্মপুত্ৰৰ বুকুত, শদিয়াৰ পৰা ধুবৰীৰ মাজত।

“এই জাহাজসমূহ চলিব লগা আছিল ২নং ৰাষ্ট্ৰীয় জল পথত, শদিয়াৰ পৰা ধুবৰীলৈ ৮৯১ কি. মি. পথত,” চৰকাৰৰ নিষ্ঠাত প্ৰশ্ন তুলি অসমৰ উদ্যোগীজনে কয়।

অসমৰ উদ্যোগীসকলেও জাহাজসমূহৰ বাবে অনুষ্ঠিত শেহতীয়া নিবিদা প্ৰক্ৰিয়াত ভাগ লৈছিল। কিন্তু থলুৱাক অগ্ৰাধিকাৰ নিদি সেইসমূহ অসমৰ বাহিৰৰ কোম্পানিক দিয়া হ’ল।

“আমি তিনিখন জাহাজৰ বাবে নিবিদা দাখিল কৰিছিলো—টি এফ গৌৰীসাগৰ (Terminal facility 500 MT), ডি এল বি ৰংঘৰ (Deck Loading Barge 500 MT) আৰু পি টি আৰিমত্ত (Pusher Tug 800 MT); কাৰণ এই তিনিওখন বাণিজ্যিক ভেছেল গুৱাহাটীকেন্দ্ৰিক আছিল,” তেওঁ কয়।

কিন্তু, চৰকাৰী বিভাগটোৱে টি এফ গৌৰীসাগৰৰ বাবেহে কেৱল তেওঁলোকৰ নিবিদা গ্ৰহণ কৰে।

“গৌৰীসাগৰৰ পৰা আমাৰ একো কাম হ’ব লগা নাই কাৰণ বাকী ৰংঘৰ আৰু আৰিমত্ত দুখন ামি নাপালো,” তেওঁ কয়।

কিয়? কাৰণ, এই তিনিওখন জাহাজ চলোৱা হয় এটা গোট (cluster) হিচাপে।

“পুশ্বাৰ টাগ এখন কেৱল ল’দিং জাহাজ টনাৰ বাবেহে ব্যৱহাৰ কৰা হয় আৰু ডেক ল’দিং জাহাজ গৌৰীসাগৰ আমাৰ একো কামত নাহিব,” তেওঁ কয়।

ক’লকাতাৰ কোম্পানি ইষ্টাৰ্ন নেভিগে’চন আৰু ৰীচ্চ এছিয়াই (দুয়োটাৰে মালিক একেজনেই) ২০০৮ চনৰ পৰাই অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কমেও ১০খন জাহাজ চলাই আছে।

“লীজৰ ম্যাদ শেষ হ’লেই এই জাহাজসমূহ বিভাগৰ ক’লকাতা, নহ’লে ধুবৰীত থকা ষ্টে’চনত পেলাই থোৱা হয়,” তেওঁ কয়।

নৰ্থইষ্ট নাওৰ অনুসন্ধানত ধুবৰীত এনেদৰে পেলাই ৰখা কিছু জাহাজৰ পুতৌজনক অৱস্থাও পোহৰলৈ আহিছে।

ধুবৰীত পেলাই থোৱা এনে এখন জাহাজ হৈছে আৰ পি এল কাজিৰঙা।

কাজিৰঙাখন চলিছিল ৰাষ্ট্ৰীয় জল পথ ১ত। পানীৰ লৱণে জাহাজখন এতিয়া মেৰামতি কৰিব নোৱাৰা অৱস্থা কৰি পেলাইছে।

তাৎপৰ্য্যপূৰ্ণ কথাটো হৈছে, অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে এক প্ৰকল্প আৰম্ভ কৰাৰ সময়তে এই কথা পোহৰলৈ আহিছে।

ভাৰত চৰকাৰে প্ৰকল্পটোৰ বাবে ১২০ মিলিয়ন ইউ এছ ডলাৰৰ সাহায্য বিচাৰি বিশ্ব বেংকক অনুৰোধ জনাইছে।

এই পদক্ষেপৰ পৰৱৰ্তী ব্যৱস্থাৰূপেই প্ৰকল্পটো আৰম্ভ কৰা হৈছে।