৭ ছেপ্টেম্বৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু জনকল্যাণমূলক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰিৱেশ সংৰক্ষণৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, শিক্ষা আৰু কৰ্মচাৰীৰ সুবিধাৰ্থে কেবিনেটে কেতবোৰ বিশেষ প্ৰস্তাৱত অনুমোদন জনাইছে।
পৰিৱেশ পৰিচালনা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেবিনেটে ‘অসম সেউজ কৰ নীতি, ২০২৬’ত অনুমোদন জনাইছে। এই নীতিৰ জৰিয়তে ৰাজ্যৰ শিল ভঙা কল, ইটা ভাটা আৰু আমদানিকৃত কাঠৰ দৰে নিৰ্দিষ্ট খণ্ড আৰু কাৰ্যকলাপৰ ওপৰত চৰকাৰে ‘সেউজ কৰ’ আৰোপ কৰিব।
ক্ৰীড়া ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে অহা ৭ নৱেম্বৰৰ পৰা ৰাজ্যত ‘খেল মহাৰণ’ৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এইবাৰ প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হ’ব। ১২ বছৰৰ অনূৰ্ধ্বৰ খেলুৱৈৰ বাবে ‘শৈশৱ ক্ৰীড়া সমাৰোহ’ আৰু ১২ বছৰৰ ঊৰ্ধ্বৰ অংশগ্ৰহণকাৰীৰ বাবে ‘খেল মহাৰণ’ অনুষ্ঠিত হ’ব। ‘শৈশৱ ক্ৰীড়া সমাৰোহ’ৰ জৰিয়তে ৩০০ গৰাকী প্ৰতিভাৱান খেলুৱৈক চিনাক্ত কৰা হ’ব আৰু তেওঁলোকক এথলেটিকছ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ— এই ৮ বিধ খেলত পাৰ্গত কৰিবলৈ উন্নত প্ৰশিক্ষণ তথা প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা হ’ব।
শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে লোৱা আন এক সিদ্ধান্ত মৰ্মে, ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিতৰণ কৰিবলৈ কেবিনেটে ১০৯.৩৮ কোটি টকাৰ অনুমোদন জনাইছে।
ইয়াৰ লগতে কৰ্মচাৰী আৰু প্ৰাক্তন সেনা জোৱানসকলৰ বাবেও দুটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম সচিবালয়ত কম্পিউটাৰ অপাৰেটৰৰ পৰা কনিষ্ঠ প্ৰশাসনিক সহায়ক পদলৈ পদোন্নতিৰ বাবে প্ৰয়োজনীয় চাকৰিৰ ন্যূনতম ম্যাদ ৪ বছৰৰ পৰা ৩ বছৰলৈ হ্ৰাস কৰা হৈছে। আনহাতে, চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি বিচৰা প্ৰাক্তন সেনা জোৱানৰ সৰ্বোচ্চ বয়সৰ সীমা ৪২ বছৰৰ পৰা ৪৫ বছৰলৈ বৃদ্ধি কৰিছে।





