• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৱা ৪ মে’ ৰ পৰা কিয় হঠাৎ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা; জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 21, 2020 6:54 pm
Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৪ মে’ৰ পৰা ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

“যেতিয়াৰে পৰা আন্তঃৰাজ্যিক যাতায়াত ব্যৱস্থা আৰম্ভ কৰা হৈছে তেতিয়াৰে পৰা ৰাজ্যত বৃদ্ধি পাইছে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা।” NHM কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

Apply Now

তেওঁ আৰু কয় “অসম এটা critical phaseত সোমাইছে। বাহিৰৰ পৰা যিমান আহি থাকিব সিমানে বৃদ্ধি হৈ থাকিব।”

ইপিনে, ৰাজ্যৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত জিলা কামৰূপ মেট্ৰ’ বুলি উল্লেখ কৰি তেওঁ কয় “জিলাখনত এতিয়ালৈকে আক্ৰান্ত হৈছে ৩৭গৰাকী, হোজাইত ২৩ গৰাকী, কামৰূপ গ্রাম্যত ১৬ গৰাকী, কাছাৰ ১৪, গোলাঘাট ১৪, নগাওঁ ১২, মৰিগাঁওত ১০ গৰাকী লোক আক্ৰান্ত হৈছে।”

বাকী কেইখনমান জিলাত কম পৰিমাণে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি উল্লেখ কৰি কয় “বৰপেটা, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, ওদালগুৰি আৰু পশ্চিম কাৰ্বিআংলং মুঠ ৮ খন জিলাত এতিয়ালৈকে কোনো লোক ক’ৰ’ণাত আক্ৰান্ত হোৱা নাই।”

ইপিনে, বৰ্তমানলৈকে পোৱা ১৯১টা কেছৰ ৩৬টা তবলীগ জামাতৰ সৈতে সম্পৰ্কিত বুলি উল্লেখ কৰি শৰ্মাই কয় ” আক্ৰান্ত হোৱা ১১২গৰাকী লোক ৰাজ্যৰ বাহিৰৰ পৰা অহা আৰু ৩২গৰাকী আলু গুদাম সম্পৰ্কিত ৰোগী।”

অৱশ্যে, ৰাজ্যত ক’ৰ’ণাত আক্ৰান্ত হোৱা ৯গৰাকী ৰোগীৰ বৰ্তমানেও ট্ৰেভেল হিষ্টৰী  স্বাস্থ্য বিভাগৰ হাতত নাই বুলি তেওঁ সদৰী কৰে।

আনহাতে, সেই একেখন সংবাদমেলত কোভিড যুদ্ধত কিছুমান নীতি নিৰ্দেশনা পৰিৱৰ্তন কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় “এখন জিলাত ২০০ এক্তিভ কেচ নোপোৱা পৰ্যন্ত ৰেড বা অৰেঞ্জ জ’ন ঘোষণা কৰা নহয়। কোনো কেচ পোৱা অঞ্চল বা সংক্ৰমিত হ’ব পৰা অঞ্চললৈকে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব।”

বৰ্তমানলৈ ৰাজ্যত ৪০হাজাৰৰো অধিক লোকৰ কোভিড-১৯ টেষ্ট কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

আনহাতে, এতিয়াৰে পৰা “মানৱীয় দৰদেৰে আপোচবিহীন কুৱাৰেন্টাইন ব্যৱস্থা হ’ব” বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় “ৰাজ্যৰ কোৱাৰেন্টাইন চেন্টাৰত থকা প্ৰতিগৰাকী লোকৰ বিপৰীতে খাদ্যৰ নামত প্ৰতিদিনে ৫০০ টকা খৰচ কৰিব অসম চৰকাৰে। লগতে হোটেলত কোৱাৰেন্টাইন থকা লোকসকলক ২০০০ টকা ৰূম ভাড়াৰ লগতে ৫০০টকা খাদ্যৰ নামত প্ৰতিদিনে বহন কৰিব চৰকাৰে।”

তেওঁ আৰু কয় “আনুষ্ঠানিক কুৱাৰেন্টাইন আৰু হোম কুৱাৰেন্টাইন মিলাই মুঠ ১৩ হাজাৰ টকা খৰচ কৰা হ’ব।”

ইয়াৰোপৰি, ৭ দিনলৈকে যদি কোনো লোকৰ কুৱাৰেন্টাইনত থকা অৱস্থাত যদি নিগেটিভ আহে তেন্তে তেওঁক ঘৰলৈ যাব দিয়া হ’ব যদিও বাকী ৭ দিন পৰিয়ালৰ লোকৰ সৈতে কুৱাৰেন্টাইন হৈ থাকিব লাগিব বুলি তেওঁ কয়।

তেওঁ আৰু কয় “হোম কোৱাৰেন্টাইনত থকা লোকসকলকো খৰচ প্ৰদান কৰিব অসম চৰকাৰে।”

আনহাতে, গাঁও পৰ্যায়ত কুৱাৰেন্টাইন কমিটি গঠন কৰা হ’ব বুলি উল্লেখ কৰি হিমন্তই কয় “পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰক সভাপতি হিচাপে লৈ আশা কৰ্মী, গাওঁবুঢ়া, ANMৰে এই সমিতি গঠন কৰা হ’ব। তেওঁলোকে যাতে বহিঃৰাজ্যৰ পৰা অহা লোকে কুৱাৰেন্টাইন ভঙ্গ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।”

ইয়াৰোপৰি গুৱাহাটীৰ ক্ষেত্ৰত স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক কমাণ্ডাৰ হিচাপে লৈ দুগৰাকী নাগৰিক সমিতিৰ লোক, MPW মেম্বাৰ, লাট মণ্ডল, এপাৰ্টমেণ্ট SOCIETYৰ মেম্বাৰৰে কমিটি গঠন কৰিব।

উক্ত সংবাদমেলত অসমৰ বাহিৰত থকা লোকসকলৰ বাবেও বিশেষ ঘোষণা কৰি তেওঁ কয় “অসমৰ বাহিৰত থকা লোকসকলক ৭২ কোটি টকা সাহায্য প্ৰদান কৰিছে চৰকাৰে। বৃহস্পতিবাৰে অসমৰ বাহিৰত থকা ৩ লাখ ৬১হাজাৰ ১৭১গৰাকী লোকক সাহায্যৰ বাবে ৭০ কোটি টকা মোকলাই দিছে। প্ৰত্যেকে লাভ কৰিব ২০০০ টকাকৈ। শুকুৰবাৰৰ ভিতৰত সকলোৰে একাউন্টত সোমাব সাহায্যৰ এই দ্বিতীয় কিস্তি।”

“চিকিৎসাৰ বাবে বহিঃৰাজ্যত থকা অসমৰ লোকসকলক পুনৰ প্ৰদান কৰা হব ২৫ হাজাৰ টকাৰ সাহায্য।” মন্ত্ৰী শৰ্মাই লগতে কয়।

ইপিনে, চিকিৎসক সকলে এতিয়াৰে পৰা ৭ দিন কৰ্তব্য পালন কৰি ৭ দিন কোৱাৰেন্টাইনত থাকিব লাগিব বুলি তেওঁ ঘোষণা কৰি লগতে কয় “পূৰ্বে ১৪দিনৰ কোৱাৰেন্টাইন ৰখা হৈছিল।”

ইয়াৰোপৰি, ৭৩০৬গৰাকী লোকক ধনন্তৰী আঁচনি যোগেদি লকডাউনৰ সময়ত চৰকাৰে ঔষধ যোগান ধৰিছে বুলি তেওঁ জনায়।

“কিন্তু এতিয়াৰে পৰা এই আঁচনিৰ যোগেদি কেৱল কোৱাৰেন্টাইনত থকা লোকসকলৰহে ঔষধ যোগান ধৰিব।” তেওঁ কয়।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd