NORTHEAST NOW (Assamese)

মেট্ৰিক ফে’ল ল’ৰাহঁতলৈ চাকৰিৰ সুবিধা গুৱাহাটীৰ অভিযন্তাৰ, মুকলি ফ’ন নম্বৰ

May 15, 2019 8:26 pm · অনিৰ্বাণ পাঠক
Updated: May 15, 2019 8:45 pm

মেট্ৰিকৰ ফলাফলক লৈ অসম উত্তাল হৈ থকাৰ দিনটোতে “কোৰ মৰা, হাল বোৱাৰ অভিজ্ঞতা থকা মেট্ৰিক ফে’ল পৰিশ্ৰম কৰিব পৰা ল’ৰা”লৈ চাকৰিৰ সুবিধা আগবঢ়াইছে গুৱাহাটীস্থিত মেকানিকেল অভিযন্তা অভিজিত বড়াই।

স্থান পোৱা ছাত্ৰ-ছাত্ৰীক লৈ সমগ্ৰ ৰাজ্যৰ গতানুগতিক ব্যস্ততাৰ সময়ত লাৰ্চেন এণ্ড তাৰ্ব’ৰ প্ৰাক্তন চিনিয়ৰ ইগজেকিউতিভজনে আগবঢ়াইছে এই তাৎপৰ্য্যপূৰ্ণভাৱে অগতানুগতিক সুবিধা।

“কোৰ মৰা, হাল বোৱাৰ অভিজ্ঞতা থকাৰ”দ্বাৰা শাৰিৰীক শ্ৰমৰ প্ৰতি বিমুখ নোহোৱা বুজোৱা হৈছে, নৰ্থ ইষ্ট নাও-ক বুধবাৰে জনায় অভিযন্তাজনে।

“হতাশ” হোৱাৰ কাৰণ নাই বুলি মেট্ৰিকৰ ফলাফল বেয়া হোৱাসকলক সাহস দি বড়াই কয় যে তেওঁলোকক চাকৰি দিয়া প্ৰতিষ্ঠানো আছে। আৰু তেওঁৰ গুৱাহাটীস্থিত ইউনিভাৰ্চেল আৰ্থমুভিং চাৰ্ভিচে এই কাম কৰি আহিছে।

“মেট্ৰিক ফে’ল হ’লেও প্ৰাৰ্থীৰ পাৰদৰ্শিতা অনুযায়ী আমি ১৫ৰ পৰা ২০হাজাৰ পৰ্য্যন্ত দৰমহা প্ৰদান কৰি আহিছো। মোৰ প্ৰতিষ্ঠানত বহুকেইগৰাকী মেট্ৰিক ফে’ল যুৱকে ইতিমধ্যেই সুন্দৰভাৱে কাম কৰি আছে,” বৰাই জনায়।

আগ্ৰহী ল’ৰাসকলক নিজৰ ৱাৰ্কশ্বপত মাহিলী জলপানি আৰু থকা-খোৱাৰ সুবিধাসহ দুবছৰ প্ৰশিক্ষণ দিয়াৰ পিছত নিজৰ প্ৰতিষ্ঠানতে নিযুক্তি দিব বুলি বড়াই সদৰী কৰিছে।

“প্ৰশিক্ষণ দিয়া হ’ব দুবছৰৰ বাবে আমাৰ গুৱাহাটী ৱাৰ্কশ্বপত। প্ৰশিক্ষণৰ সময়ত মাহে ৩,০০০টকাকৈ জলপানি আৰু থকা-খোৱাৰ ব্যৱস্থা দিয়া হ’ব। সুকলমে প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰাৰ্থীক আমাৰ প্ৰতিষ্ঠানত স্থায়ীভাৱে মকৰল কৰা হ’ব উপযুক্ত দৰ্মহাৰে,” জনায় অভিযন্তাজনে।

অভিযন্তা অভিজিত বড়া। ছবি সৌজন্য– ফে’চবুক।

গুৱাহাটীৰ লখৰাস্থিত ইউনিভাৰ্চেল আৰ্থমুভিং চাৰ্ভিচৰ ৱাৰ্কশ্বপত বড়াই ল’ৰাহঁতক ডিজেল মেকানিক, হাইড্ৰ’লিক মেকানিক, ৱে’ল্ডাৰ, পেইণ্টাৰ, অট’ ইলে’কট্ৰিচিয়ান আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

কিন্তু এই সুবিধাৰ “মেট্ৰিক ফেইল হোৱা”টো মূল শিক্ষাগত অৰ্হতা হ’ব লাগিব বুলি অভিযন্তাজনে এটা ফে’চবুক প’স্তো কৰিছে।

“মেট্ৰিক ফে’ল”ক কিয় অৰ্হতাৰূপে নিৰ্ধাৰণ কৰা হৈছে?

“প্ৰথমতে আমি অভিযান্ত্ৰিকৰ স্নাতক, আই টি আই বা অন্য কাৰিকৰী জ্ঞানসম্পন্ন প্ৰাৰ্থী নিয়োগ কৰিছিলো। কিন্তু পাছত দেখা গ’ল তেওঁলোকে কিছু অভিজ্ঞতা হোৱাৰ পাছতে বেছি দৰমহা দিয়া অন্য কোম্পানিলৈ গুচি যায়। তেওঁলোক বেছি দৰমহা পালে নিশ্চয়কৈ যাবই তাত মই বেয়া পাই লাভ নাই। কিন্তু মই যিহেতু এজন ব্যৱসায়ী গতিকে প্ৰাৰ্থী এজনক শিকাই লোৱাৰ পাছত আন কোম্পানিলৈ গুচি গ’লে মোৰ লোকচান হয়। গতিকে মই এনে প্ৰাৰ্থীক নিয়োগ কৰাৰ কথা ভাবিছো যিয়ে আন ঠাইলৈ গুচি যোৱাৰ সম্ভাৱনা কম,” বৰাই কয়।

২০০৪ চনত জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল এঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লোৱা বড়াই কিছু বছৰ চাকৰি কৰিছিল।

আগ্ৰহী ল’ৰাহঁতে যোগাযোগ কৰিব পৰাকৈ বড়াই তেওঁৰ দুটা ফ’ন নম্বৰো ৰাজহুৱা কৰিছে। এই সন্দৰ্ভত 99570-31811 আৰু 99549-98479ত তেওঁক যোগাযোগ কৰিব পাৰিব।

২০১২ চনত তেওঁ চাকৰি এৰি ব্যৱসায় আৰম্ভ কৰে।

Related News