NORTHEAST NOW (Assamese)

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm · এন ই নাও নিউজ, গুৱাহাটী

সমগ্ৰ দেশজুৰি অভাৱনীয়ভাৱে দেখিবলৈ পোৱা মূল্যবৃদ্ধিৰ মাজতে এছ বি আই ৰিছাৰ্চৰ শেহতীয়া প্ৰতিবেদনে উদঙাইছে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উদ্বেগজনক তথ্য। প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ জানুৱাৰীৰ পৰা মেমাহৰ ভিতৰত অসমত গ্ৰাহক মুদ্ৰাস্ফীতিৰ হাৰ ২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতৰ প্ৰধান ৰাজ্যসমূহৰ ভিতৰতে অসমে আটাইতকৈ তীব্ৰ মুদ্ৰাস্ফীতিৰ সন্মুখীন হবলগীয়া হৈছে।

উল্লেখ্য যে, এই একে সময়ছোৱাতে সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুদ্ৰাস্ফীতিৰ গড় বৃদ্ধি হৈছে ১.১৯ শতাংশ, যাৰ তুলনাত অসমত এই বৃদ্ধিৰ হাৰ যথেষ্ট বেছি।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি চলিত বৰ্ষত কেৱল অসম, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাএই তিনিখন প্ৰধান ৰাজ্যত মুদ্ৰাস্ফীতিৰ এনে তীব্ৰ বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশৰ বেছিভাগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জানুৱাৰীৰ পৰা মেমাহৰ ভিতৰত মুদ্ৰাস্ফীতিৰ হাৰ ২ৰ পৰা ৪ শতাংশৰ ভিতৰত সীমিত আছিল। দেশজুৰি ইন্ধনৰ মূল্যবৃদ্ধি আৰু ৰন্ধন গেছৰ সামান্য নাটনিৰ বাবে সামগ্ৰিকভাৱে উপভোক্তা মূল্য সূচকাংক ভিত্তিক মুদ্ৰাস্ফীতি এপ্ৰিল মাহৰ ৩.৪৮ শতাংশৰ পৰা বৃদ্ধি পাই মেমাহত ৩.৯৩ শতাংশ স্পৰ্শ কৰিছে।

এছ বি আই ৰিছাৰ্চৰ তথ্যই দেশৰ বিভিন্ন অঞ্চলৰ মাজত থকা এই মুদ্ৰাস্ফীতিৰ তাৰতম্য স্পষ্টকৈ দাঙি ধৰিছে। দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ১২ৰ পৰা ১৪খন অঞ্চলত মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক বুলি চিহ্নিত হৈছে। কৰ্ণাটক, তামিলনাডু, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ ৰাজ্যত এতিয়াও সৰ্বভাৰতীয় গড়তকৈ অধিক মুদ্ৰাস্ফীতি অব্যাহত আছে। আনহাতে ২০২৬ চনৰ জানুৱাৰী মাহৰে পৰা তেলেংগানা এই তালিকাত শীৰ্ষত আছে আৰু মেমাহত ৰাজ্যখনত ইয়াৰ হাৰ আছিল ৬.১৫ শতাংশ। অতিৰিক্ত ইন্ধন কৰ, গ্ৰাম্য মজুৰি বৃদ্ধি আৰু আমদানি কৰা সতেজ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতাই তেলেংগানাক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত মেমাহত মুদ্ৰাস্ফীতি বৃদ্ধিৰ মূল কাৰক আছিল ইন্ধন আৰু ৰন্ধন গেছ। এপ্ৰিল মাহৰ তুলনাত মেমাহত পৰিবহণ খণ্ডৰ মুদ্ৰাস্ফীতি ১৭৬ বেছিছ পইণ্ট বৃদ্ধি পাই ১.৮ শতাংশ হৈছে। একেদৰে ৰন্ধন গেছৰ ওপৰত নিৰ্ভৰ কৰা ৰেষ্টুৰেণ্ট আৰু থকা-মেলা সেৱাৰ খণ্ডত মুদ্ৰাস্ফীতি ১৫৪ বেছিছ পইণ্ট বৃদ্ধি পাই ৫.৭ শতাংশ হৈছে। ইয়াৰ উপৰি ৰূপৰ অলংকাৰে মূল মুদ্ৰাস্ফীতিলৈ ৫৬ বেছিছ পইণ্ট আৰু সোণে ৩০ বেছিছ পইণ্ট অৰিহণা যোগাইছে। সোণ আৰু ৰূপৰ মূল্যৰ এনে মধ্যমীয়া বৃদ্ধিয়ে ব্যক্তিগত যত্ন বা পৰিচৰ্যাৰ সামগ্ৰীৰ শ্ৰেণীত প্ৰায় ৮০ বেছিছ পইণ্ট বৃদ্ধি আনিছে আৰু ৰন্ধন গেছৰ নাটনিৰ বাবে ৰন্ধা মাংস তথা জলপানৰ মূল্যও বৃদ্ধি পাইছে।

Related News