আমি নিতৌ যি থালখন সজাই খাই আছোঁ, সেইবোৰ সঁচাকৈয়ে স্বাস্থ্যসন্মতনে? নে আমি অজানিতেই নিজৰ শৰীৰত বিষ সোমাই দিছোঁ? সাধাৰণ ৰাইজৰ এই অসচেতনতাক লৈ অলপতে বিশ্ব স্বাস্থ্য সংস্থাই এক তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ এটা শেহতীয়া গৱেষণা প্ৰতিবেদনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে। আমি কি খাই আছোঁ আৰু কিয় খাই আছোঁ, তাক লৈ এতিয়া পুনৰ চিন্তা কৰাৰ সময় আহি পৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি, কেৱল ২০২১ চনতে সমগ্ৰ বিশ্বতে দূষিত খাদ্য খোৱাৰ ফলত প্ৰায় ১৫ লাখ মানুহৰ মৃত্যু হৈছে। ইয়াৰ লগতে প্ৰায় ৮৬.৬ কোটি মানুহ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, বৰ্তমান চিকিৎসা বিজ্ঞানৰ ইমান উন্নতি হোৱাৰ পিছতো ইমান বৃহৎ সংখ্যক লোকৰ মৃত্যু হোৱাটো কোনো কাৰণতে মানি লব নোৱাৰি। বিশুদ্ধ খোৱাপানী, নূন্যতম চাফ-চিকুণতা আৰু সঠিকভাৱে খাদ্য সংৰক্ষণ নকৰাৰ দৰে মৌলিক বিষয়বোৰৰ প্ৰতি কৰা অৱহেলাই এই ডাঙৰ বিপৰ্যয়ৰ মূল কাৰণ।
আটাইতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শিশুসকলৰ ক্ষেত্ৰত। সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ মাত্ৰ ৯ শতাংশ হৈছে পাঁচ বছৰতকৈ কম বয়সৰ শিশু। কিন্তু আচৰিত কথা যে খাদ্যৰ পৰা হোৱা মুঠ সংক্ৰমণৰ প্ৰায় এক-তৃতীয়াংশই এই সৰু ল’ৰা-ছোৱালীসকলৰ শৰীৰত দেখা গৈছে। চিকিৎসকসকলৰ মতে, সৰু কালত মানুহৰ শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে গঢ়ি নুঠে। ইয়াৰ ফলত খাদ্যত থকা ক্ষতিকাৰক বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱীসমূহে তেওঁলোকক অতি সহজে আক্ৰমণ কৰে। ইয়াৰ বাবে হোৱা তীব্ৰ ডায়েৰিয়াই বহু সময়ত প্ৰাণঘাটী ৰূপ লয়। সঠিক চিকিৎসাৰ অভাৱত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে শিশুসকলৰ অৱস্থা অতি বেয়া হৈ পৰে।
এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ২০২১ চনত খাদ্যৰ বিষক্ৰিয়াৰ বাবে হোৱা মুঠ মৃত্যুৰ ৭৩ শতাংশৰে মূল কাৰণ কোনো বেক্টেৰিয়া বা ভাইৰাছ নাছিল, বৰঞ্চ খাদ্যত থকা বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থহে আছিল। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ক্লিনিকেল কেমিকেল টক্সিকচিটি বুলি ক’ব পাৰি। এই ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত প্ৰায় ৪২ শতাংশ মৃত্যুৰ বাবে দায়ী হ’ল বিপদজ্জনক অজৈব আৰ্চেনিক। বাকী ৩১ শতাংশ মৃত্যুৰ কাৰণ হ’ল সীহ আৰু মিথাইলমাৰ্কাৰীৰ দৰে গধুৰ ধাতু। এই বিষাক্ত উপাদানবোৰে শৰীৰত প্ৰৱেশ কৰি পোনপটীয়াকৈ শিশুৰ স্নায়ুতন্ত্ৰ আৰু মগজুৰ বিকাশত বাধা দিয়ে। ইয়াৰ ফলত দীৰ্ঘদিন ধৰি পঢ়া-শুনা কৰাত অসুবিধা আৰু স্থায়ীভাৱে স্নায়ুৰ ক্ষতি হোৱা দেখা যায়। ডাঙৰ মানুহৰ ক্ষেত্ৰত এই ৰাসায়নিক পদাৰ্থবোৰে হৃদৰোগ, ষ্ট্ৰোক আৰু কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধি মাতি আনিছে। নিজৰ খোৱা থালখনৰ অন্নই যে এনেদৰে কালান্তক বিষ হৈ পৰিব পাৰে, তাক লৈ এতিয়া সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে।





