ইংৰাজী মাধ্যমৰ প্ৰৱল আগ্ৰাসনৰ সোঁতৰ মাজত সবলভাৱে থিয় হৈ থকা এটা স্তম্ভ হিচাপে প্ৰায় সকলো অসমীয়াই গণ্য কৰা অসম জাতীয় বিদ্যালয়ে গৌৰৱেৰে ২৫টা বছৰ সম্পূৰ্ণ কৰিলে। অসমত মাতৃভাষা মাধ্যমৰ শিক্ষাত গুণগত মানৰ সৈতে সবল ভেটি ধৰি থকা এই বৃহৎ শৈক্ষিক অনুষ্ঠানটোৱে ২৫ বছৰীয়া সফলতাক অনন্য ধৰণে উদযাপনৰ বাবে আগ বাঢ়িছে।
সেই উপলক্ষে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আজি আৰম্ভ হৈছে অসম জাতীয় বিদ্যালয় আৰু জাতীয় বিদ্যালয় সত্তাৰ ৰূপালী জয়ন্তী সমাৰোহ। এই সমাৰোহ উপলক্ষে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত উদুলি-মুদুলি পৰিৱেশ দেখা পোৱা গৈছে।
অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় বিদ্যালয় সত্তাৰ অংশস্বৰূপ মুঠ ২৬খন জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিয়ে এই সমাৰোহত অংশ লোৱা বুলি জানিব পৰা গৈছে।
সমাৰোহৰ কাৰ্য্যসূচীসমূহ নুনমাটিস্থিত গুৱাহাটী তেল শোধনাগাৰ খেলপথাৰ আৰু জাতীয় বিদ্যালয় চৌহদত অনুষ্ঠিত হ’ব।
২৬ ডিচেম্বৰ, অৰ্থাৎ আজি পুৱাতে কেন্দ্ৰীয় পতাকা উত্তোলনৰ লগতে অংশগ্ৰহণ কৰা আটাইবোৰ বিদ্যালয়ৰ পতাকা উত্তোলন আৰু চহিদ তৰ্পণো সম্পন্ন হোৱাৰ কথা।
কাৰ্য্যসূচী মতে, অহা ২৯ ডিচেম্বৰত অভিভাৱক সমাৰোহ, ৩০ ডিচেম্বৰত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ, ৩১ ডিচেম্বৰত আমাৰ ৰূপালী জয়ন্তী শীৰ্ষক কাৰ্য্যসূচী আৰু ১ জানুৱাৰিত দিনত মূল অনুষ্ঠান আৰু সন্ধিয়ালৈ ৰূপালী সন্ধিয়া শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান।
অহা ৩১ জানুৱাৰিত ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, গ্ৰন্থ আৰু তথ্যচিত্ৰ উন্মোচন কৰা হ’ব বুলি বিদ্যালয়ৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জনায়।
উল্লেখযোগ্য যে ১৯৯৩ চনতে স্থাপিত অসম জাতীয় বিদ্যালয়ে ২৫টা বছৰ সফলতা আৰু গৌৰৱেৰে সম্পূৰ্ণ কৰা উপলক্ষে ২০১৮ চনৰ ১ জানুৱাৰিৰ পৰা ২০১৯ চনৰ ১ জানুৱাৰিলৈকে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। ইংৰাজী মাধ্যমৰ আগ্ৰাসনৰ প্ৰৱল সোঁতৰ মাজত অসমীয়া মাধ্যমক সফলভাৱে ধৰি ৰাখিছে অসম জাতীয় বিদ্যালয় বা চমুকৈ অজাবি আৰু লগতে ইয়াৰ সম্প্ৰসাৰিত সত্তাটোৱে। ইয়াক সবলভাৱে থিয় হৈ থকা এটা স্তম্ভ বুলিব পাৰি।