ৰাজ্য জুৰি চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতীয় মৰ্যাদাৰ দাবীৰ লগতে ভূমি পট্টাৰ দাবীত প্ৰতিবাদ কৰি থকাৰ সময়তে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ভূমি চিলিং আইন সংশোধন কৰি চাহ জনজাতি জনগোষ্ঠীৰ সদস্যসকলৰ মাজত প্ৰায় ২.৯ লাখ বিঘা মাটি বিতৰণৰ ঘোষণা কৰিছে। এই পদক্ষেপে ৰাজ্যৰ চাহ জনজাতিৰ প্ৰায় ৪ লাখ পৰিয়ালক উপকৃত কৰিব বুলি আশা কৰা হৈছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম ভূমি চিলিং আইন সংশোধন কৰিলে আমি চাহ জনজাতি জনগোষ্ঠীৰ বাবে ২ লাখ ৯০ হাজাৰ বিঘা মাটি বিতৰণ কৰিব পাৰিম বুলি উল্লেখ কৰে।
তেওঁ লগতে আৰু কয় যে আগন্তুক ২৫ অক্টোবৰত জিলা প্ৰশাসনৰ সৈতে আন এক বৈঠকত প্ৰতিটো পৰিয়ালৰ বাবে নিৰ্দিষ্ট ভূমি আবণ্টন আৰু সীমা নিৰ্ধাৰণৰ বিষয়ে আলোচনা কৰা হ’ব। ইয়াৰ পিছত ২ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে সংশোধিত আইনখন বিধানসভালৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে চাহ জনজাতিৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে প্ৰস্তাৱিত সংশোধনীৰ ওপৰত আলোচনা কৰিব বুলি সদৰী কৰিছে ।
উল্লেখ্য যে চাহ জনজাতি জনগোষ্ঠী অসমৰ আৰ্থ-সামাজিক তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। দীৰ্ঘদিন ধৰি এই সম্প্ৰদায়ে ভূমি অধিকাৰৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সংশোধনীৰ জৰিয়তে তেওঁলোকৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। এই পদক্ষেপে চাহ জনজাতিৰ জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি আশা কৰিছে।




