NORTHEAST NOW (Assamese)

কংগ্ৰেছশাসিত মিজোৰামত অসম-সৃদশ ৰাজনৈতিক পৰিস্থিতিৰ উকমুকনি!!

September 17, 2018 4:19 pm · এন ই নাও নিউজ
Updated: September 17, 2018 4:27 pm

মিজোৰামত শেহতীয়াভাৱে হৈ থকা ৰাজনৈতিক পৰিঘটনাবোৰত নতুন মোৰ দেখা গৈছে আৰু এইবোৰত অসম-সৃদশ পৰিস্থিতিৰ উকমুকনিও দেখা গৈছে।

শেহতীয়া ৰাজনৈতিক অগ্ৰগতিত আজি মিজোৰাম কংগ্ৰেছে ৰাজ্যখনৰ প্ৰাক্তন গৃহ মন্ত্ৰী আৰু দলটোৰ উপ-সভাপতি আৰ লালজিৰলিয়ানাক দলৰ পৰা বহিষ্কাৰ কৰিছে।

এখন সংবাদমেল সম্বোধন কৰি মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ দলটোৰ অনুশাসন কমিটীৰ সভাপতি চি লালপিয়ানথাংগাই কয় যে দলে তেওঁক বহিষ্কাৰ নকৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত এইটো অনিবাৰ্য্য হৈ পৰিল।

“বিৰোধীৰ আসনত থকাৰ সময়ত তেওঁ দলৰ মূল স্তম্ভ স্বৰূপ আছিল আৰু আমাৰ চালিকা শক্তি আছিল। কিন্তু দলৰ বৃহত্তৰ স্বাৰ্থত আমি এই নিৰ্দেশটো দিব লগীয়া হ’ল।” চি লালপিয়ানথাংগাই কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে স্থানীয় সংবাদমাধ্যমত দিয়া বিতৰ্কিত মন্তব্যৰ বাবে দলে তেওঁলৈ কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰিছিল।

কিন্তু তেওঁ উত্তৰ দিয়াৰ পৰিৱৰ্তে নিজৰ গৃহ মন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দিয়ে।

আন এটা মন কৰিব লগীয়া কথা যে পদত্যাগ পত্ৰ দিয়াৰ পিছতে তেওঁৰ বাসগৃহত তেওঁক মেঘালয়ৰ এন পি পি চৰকাৰৰ উপ মুখ্য মন্ত্ৰী প্ৰেছটন টিনচঙে সাক্ষাৎ কৰাটোও ৰাজনৈতিকভাৱে অতি তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে।

এই গোটেই ঘটনাক্ৰমক অসমত বিগত কংগ্ৰেছ চৰকাৰৰ শেহৰ দিনকেইটাৰ সৈতে তুলনা কৰিব পাৰি। ড০ হিমন্ত বিশ্ব শৰ্মা সেই সময়ৰ মুখ্য মন্ত্ৰীৰ দীৰ্ঘদিনীয়া বিশ্বাসী তথা সোঁহাতস্বৰূপ মন্ত্ৰী হিচাপে বিদ্ৰোহত নমাৰ দৰে আৰ লালজিৰলিয়ানাও আছিল মিজোৰামৰ মুখ্য মন্ত্ৰী লালথানৱালাৰ অতি বিশ্বস্ত লোক। তেওঁ ২০০৮ চনৰ পৰাই মুখ্য মন্ত্ৰীৰ সোঁহাত স্বৰূপ হৈ ভূমিকা লৈ আহিছিল।

এই ঘটনাক্ৰমে এই বছৰতে নিৰ্বাচন হ’ব লগীয়া আৰু ৪০খন বিধানসভাৰ আসন থকা ৰাজ্যখনৰ ৰাজনীতিত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ একমাত্ৰ মিজোৰামতে কংগ্ৰেছ দলটোৰ শাসন আছে।

Related News