• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষা অনুশীলন কেন্দ্ৰ উদ্বোধন

NE NOW NEWS
নতুন দিল্লী , September 17, 2018 4:22 pm

3 min read

klqms7v8_national-testing-agency-website-nta-website_625x300_28_August_18
145
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিয়াৰ বাবে আৰু ক’লৈকেও যোৱাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় চৰকাৰে ১৭ ছেপ্টেম্বৰত উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ বাবে ১৫৬টা পৰীক্ষা অনুশীলন কেন্দ্ৰ (Test Practice Centres অৰ্থাৎ TPCs)  মুকলি কৰিছে।

এই কেন্দ্ৰসমূহত উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত হোৱা ছাত্ৰ-ছাত্ৰীসকলক অনুশীলন কৰাই তেওঁলোকক পৰীক্ষাসমূহৰ পৰিৱৰ্তিত ধৰণ-কৰণৰ পৰিচিত কৰোৱা হ’ব।

পৰীক্ষা অনুশীলন কেন্দ্ৰ উদ্বোধন কৰি কেন্দ্ৰীয় মানৱ-সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কৈছে যে চৰকাৰে সমভাৱে উচ্চ গুণমান বিশিষ্ট শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত দায়বদ্ধ। তেওঁ কৈছে, ‘কম্পিউটাৰ আৰু স্মাৰ্টফোন নথকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাৰতৰ সকলো ঠাইতেই এই পৰীক্ষা অনুশীলন কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। এতিয়াৰ পৰা সমলৰ অসুবিধাৰ বাবে কোনো ছাত্ৰ-ছাত্ৰীয়েই ভুগিবলগীয়া নহ’ব।

ভাৰতৰ ৬২২খন জিলাত ৩,৪০০টাতকৈও অধিক পৰীক্ষা অনুশীলন কেন্দ্ৰৰ নেটৱৰ্ক আছে আৰু সেইসমূহ ইতিমধ্যে উদ্বোধন হৈ গৈছে। নতুন দিল্লীত জাভেদকাৰে ২৫টা পৰীক্ষা অনুশীলন কেন্দ্ৰ গুগল হেংআউটৰ জৰিয়তে উদ্বোধন কৰিছে।

মিজোৰামৰ ৩খন জিলাত ৯টা পৰীক্ষা অনুশীলন কেন্দ্ৰ আছে আৰু ইয়াত ৩০১ টা কম্পিউটাৰ আছে। নাগালেণ্ডৰ ৭খন জিলাত ৯টা এই কেন্দ্ৰ আছে আৰু ইয়াত ৪১৭টা কম্পিউটাৰ আছে। আনহাতে মেঘালয়ৰ ৭খন জিলাত মুঠ ৫৩৫টা কম্পিউটাৰসহ ১১টা পৰীক্ষা অনুশীলন কেন্দ্ৰ আছে। ত্ৰিপুৰাৰ ৫খন জিলাত ১২টা কেন্দ্ৰত ৫৪৯টা কম্পিউটাৰ আৰু মণিপুৰৰ ১০খন জিলাত মুঠ ৬১৮টা কম্পিউটাৰেৰে ১৭টা পৰীক্ষা অনুশীলন কেন্দ্ৰ আছে। অৰুণাচলৰ ১৪খন জিলাত ২১টা পৰীক্ষা অনুশীলন কেন্দ্ৰত ৬৫৫টা কম্পিউটাৰ আছে। অসমৰ ৩০খন জিলাত ৩৮৬২টা কম্পিউটাৰেৰে ৭৭টা পৰীক্ষা অনুশীলন কেন্দ্ৰ আছে।
জাভেদকাৰে আৰু কৈছে যে এই বছৰৰ পৰা জেইই (মেইনছ) আৰু ইউজিচি নেট পৰীক্ষাৰ ধৰণ সলনি কৰা হৈছে। ‘‘বৰ্তমান ই কাগজ আৰু কলমভিত্তিক হোৱাৰ পৰিৱৰ্তে কম্পিউটাৰ-ভিত্তিক হৈছে। বৰ্তমানৰ পৰীক্ষা অধিক নিকা, বিজ্ঞানভিত্তিক আৰু ছাত্ৰ-বন্ধুত্বসুলভ আৰু দ্ৰুত।’’ তেওঁ কয়।

সলনি হোৱা ধৰণৰ সৈতে তাল মিলাই ছাত্ৰ-ছাত্ৰীক অনুশীলনৰ সুবিধা দিয়াৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষা অভিকৰণে  (National Testing Agency) সমগ্ৰ দেশতে পৰীক্ষা অনুশীলন কেন্দ্ৰ স্থাপন কৰিছে। প্ৰতিষ্ঠানটোৱে ইয়াৰ এপ এটাও মুকলি কৰিছে যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্টফোন বা কম্পিউটাৰত নিজাববীয়াকৈ অনুশীলন কৰিব পাৰিব। আৰু এইদৰে প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত এটা যথাৰ্থ বিপ্লৱৰ সূচনা হ’ব।

ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা বাৰ্তালাপত মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে জেইইৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে স্বয়ম (SWAYAM) প্লেটফৰ্মৰ জৰিয়তে আইআইটিৰ অধ্যাপক সাহায্যপ্ৰাপ্ত শিক্ষণৰ (Professor Assisted Learning)  ভিডিঅ ভাষণ লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে কৈছে যে সকলোকেইটা কেন্দ্ৰতেই ছাত্ৰ-ছাত্ৰীয়ে বিৰাট সঁহাৰি দিছে।

ভিডিঅ’ কনফাৰেঞ্চত উচ্চ শিক্ষা সচিব আৰ সুব্ৰমন্যম আৰু এনটিএৰ সঞ্চালক প্ৰধান বিনীত যোশীও উপস্থিত আছিল।

ৰাষ্ট্ৰীয় পৰীক্ষা অভিকৰণে পৰীক্ষা অনুশীলন কেন্দ্ৰ স্থাপনৰ কামত একে ঠাইতেই ৩০টা বা ততোধিক ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰ থকা ভালেমান বিদ্যালয় আৰু মহাবিদ্যালয়ক সাঙুৰি লৈছে। চাহিদা অনুসৰি, সকলো শনিবাৰে পৰীক্ষা অনুশীলন কেন্দ্ৰসমূহ (আবেলি ২-৩০ ৰ পৰা ৫-৩০লৈকে)এটা ছিফট আৰু দেওবাৰে (পুৱা ১১-০০ৰ পৰা আবেলি ২-০০বজা আৰু আবেলি ২-৩০ ৰ পৰা ৫-৩০ বজালৈকে) দুটা ছিফটলৈকে পৰিৱৰ্তন হ’ব পাৰে।

Recent News

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

index.jpg1

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd