• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Ranji Trophy 2024: বিস্ফোৰক বেটিঙেৰে ৩০ বলতে অৰ্ধশতক ৰিয়ান পৰাগৰ; ৰঞ্জীত পুনৰ পৰাস্ত অসম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 2:29 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিনায়কে বেটেৰে অকলেই যুঁজিছে। বাকীসকলৰ অৱদান তেনেই নগণ্য। ফলত বৰ্তমানৰ ৰঞ্জী ট্ৰফীত অসমে বাৰে বাৰে প্ৰতিপক্ষৰ ওচৰত হাৰ মানিব লগা হৈছে। ছত্তীশগড়ৰ বিৰুদ্ধে ৰঞ্জীৰ প্রথমখন খেলত ফ’ল’ অনত পোনপটীয়াকৈ পৰাস্ত হয় অসম৷ কেৰালাৰ বিৰুদ্ধে দ্বিতীয়খন মেচতো ফ’ল’ অ’নৰ লজ্জাৰ পৰা অসম সাৰি যাব নোৱাৰিলে৷ যদিও কেনেবাকৈ মেচখন ড্ৰ কৰি ১ পইণ্ট সংগ্ৰহ কৰে। এতিয়া অন্ধ্রৰ বিৰুদ্ধে তৃতীয়খন মেচতো অসমে পুনৰ পৰাজয়ৰ সন্মুখীন হ’ল৷

লক্ষণীয়ভাৱে অসমৰ অধিনায়ক ৰিয়ান পৰাগে তিনিওখন মেচতে ব্যক্তিগত প্রদর্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ ৰিয়ানৰ সফলতা সত্ত্বেও অসমৰ পৰাজয়ে ক্ৰিকেটৰ দৰে দলীয় ক্ৰীড়াত সকলোৰে অৱদান কিয় গুৰুত্বপূৰ্ণ সেই কথাকে প্ৰতীয়মান কৰে।

ছত্তীশগড়ৰ বিৰুদ্ধে প্ৰথমখন খেলৰ দ্বিতীয় ইনিংছত ৰিয়ানে ১১টা চাৰি আৰু ১২টা ছয়ৰে বিধ্বংসী ইনিংছ খেলি ৮৭টা বলত ১৫৫ ৰান সংগ্ৰহ কৰি আউট হয়। পিছত কেৰালাৰ বিৰুদ্ধে দ্বিতীয়খন খেলৰ প্ৰথম ইনিংছত ৰিয়ানে ১১৬ ৰান সংগ্ৰহ কৰে। ১২৫টা বলৰ আক্ৰমণাত্মক ইনিংছটোত তেওঁ ১৬টা চাৰি আৰু ৩টা ছয় মাৰে। এইবাৰ অন্ধ্ৰৰ বিৰুদ্ধে তৃতীয়খন খেলৰ দ্বিতীয় ইনিংছত ৰিয়ানে এক বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰে।

Apply Now

লগতে পঢ়কঃ ৰাম ৰাজ্যত নিষিদ্ধ ন্যায়! অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ শংকিত বিজেপি

ৰিয়ানে ৫টা চাৰি আৰু ২টা ছয়ৰ সহায়ত মাত্ৰ ৩০টা বলত নিজৰ ব্যক্তিগত অৰ্ধশতক সম্পূৰ্ণ কৰে। অৱশেষত তেওঁ ব্যক্তিগত ৭৫ ৰান কৰি আউট হৈ খেলপথাৰ এৰিলে। বিস্ফোৰক ৫৪ বলৰ ইনিংছটোত ৰিয়ানে ৫টা চাৰি আৰু ৫টা ছয় মাৰে।

অৱশেষত অসমে ১৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়। ডিব্ৰুগড়ত প্ৰথমে বেটিং কৰি অন্ধ্ৰই প্ৰথম ইনিংছত ১৮৮ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। বেট কৰিবলৈ নামি অসমে প্ৰথম ইনিংছত ১৬০ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ প্ৰথম ইনিংছত অসম ২৮ ৰান পিছ পৰি ৰয় ।

দ্বিতীয় ইনিংছত অন্ধ্ৰ প্ৰদেশে ৩৩৪ ৰান সংগ্ৰহ কৰে। সেয়ে, অসমে প্ৰথম ইনিংছৰ ২৮ ৰাণৰ সৈতে অন্তিম ইনিংছত ৩৬৩ ৰানৰ লক্ষ্যৰ সন্মুখীন হয়। অসমে অন্তিম ইনিংছত ১৯০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। অন্তিম দিনটোত জয়ী হ’বলৈ অসমক প্ৰয়োজন হৈছিল ২৮২ ৰানৰ। হাতত ৫টা উইকেট আছিল। অৱশ্যে চতুৰ্থ দিনটোত ১০৯ ৰান সংগ্ৰহ কৰি অসমে শেষৰ ৫টা উইকেট হেৰুৱাইছিল।

লগতে পঢ়কঃ নগাঁৱৰ বটদ্ৰৱা থানত প্ৰৱেশত বাধা ৰাহুল গান্ধীক; নগাঁৱত ধৰ্ণাত বহিল কংগ্ৰেছ নেতাগৰাকী

অন্ধ্ৰক নেতৃত্ব দিয়া ৰিকি ভূইয়ে প্ৰথম ইনিংছত ২৪ ৰান আৰু দ্বিতীয় ইনিংছত ১২৫ ৰানৰ দুৰ্দান্ত ইনিংছৰ বাবে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd