অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৭ বছৰে শাসনত থাকি নিজ সমষ্টি জালুকবাৰীৰ উত্তৰ গুৱাহাটীবাসীৰ বাবে এখন জাহাজৰো ব্যৱস্থা কৰিব নোৱাৰিলে! ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিছে দুৰ্ঘটনাটোত নিহত ছাত্ৰীদ্বয়ৰ বন্ধু, কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ গুৱাহাটীৰ জিষ্ণু নাথ নামৰ ছাত্ৰজনে।
‘আমাৰ স্থানীয় বিধায়কজনে ১৭ বছৰ ধৰি শাসনৰ গাদীত থাকি সমষ্টিবাসীৰ বাবে জাহাজ এখনৰো ব্যৱস্থা কৰিব নোৱাৰিলে। তেওঁ এই কথাত গুৰুত্ব দিব পাৰিব লাগিছিল। কিয়নো তেওঁ অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী হোৱাৰ লগতে ভাৰতৰে এজন প্ৰভাৱশালী নেতা,’ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ছাত্ৰী অংকিতা বৰুৱা আৰু ডিম্পী বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি কটন বিশ্ববিদ্যালয়ত আয়োজিত সভাত এই মন্তব্য ছাত্ৰজনৰ।
অংকিতা আৰু দিম্পীৰ দুৰ্ভাগ্যজনক মৃত্যুত শোকাভিভূত, তেওঁলোকৰ ঘনিষ্ঠ বন্ধুজনে বৃ্হস্পতিবাৰৰ শোকসভাত উত্তৰ গুৱাহাটীৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি ভুগি অহা অসুবিধা বিৱৰি ক্ষোভ প্ৰকাশ কৰে।
‘উত্তৰ গুৱাহাটীৰ যাতায়াত ব্যৱস্থা অতিকৈ পুতৌজনক। ৰাতিপুৱা এখন মাত্ৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ গুৱাহাটীলৈ আহে। সেইখনতেই সকলো চৰকাৰী বা বেচৰকাৰী কৰ্মচাৰী কাৰ্যালয়লৈ আহে। সেই বাছখনত আমাৰ ছাত্ৰ-ছাত্ৰীসকল আহিব পৰাকৈ ঠায়েই নাথাকে,’ অসহায় ছাত্ৰজনৰ মন্তব্য।
তেওঁ লগতে কয় যে উত্তৰ গুৱাহাটীৰ পৰা কাচাৰীলৈ এ এচ টি চিৰ বাছত ঠিয় হৈ আহি ৯ বজাৰ পৰা ৪ বজালৈ ক্লাচ কৰাতো এগৰাকী ছাত্ৰী বা এজন ছাত্ৰৰ বাবে সম্ভৱ নহয়।
বিশ্ববিদ্যালয়লৈ ফেৰি বা যন্ত্ৰচালিত নাৱেৰে আহিবলৈ বাধ্য হয় ছাত্ৰ-ছাত্ৰীসকল। কিন্তু ফেৰি বা নাৱতো তেওঁলোক সন্মুখীন হ’বলগীয়া হয় বিভিন্ন অসুবিধাৰ।
‘অভ্যন্তৰীণ জল পৰিবহণ বিভাগ এটা অকৰ্মণ্য বিভাগ। তেওঁলোকে বিভাগটো লোকচানত চলি থকাৰ অজুহাত দেখুৱাই ফেৰি নচলায় আৰু ঘাট বিলাক লেচীক চলাবলৈ দিয়ে। লেচীয়ে নিজৰ ময়মতালি দেখুৱাই যিমান বহন ক্ষমতা থাকে তাতকৈ বেছি মানুহ, বাহন আৰু বয়-বস্তু উঠায় আৰু যাত্ৰীসকলকো কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ কৰে,’ ছাত্ৰজনৰ অভিযোগ।
ছাত্ৰজনে উত্তৰ গুৱাহাটী আৰু মহানগৰৰ মাজত নিয়মিত বাছ চলাচলৰ ব্যৱস্থা কৰাৰ লগতে ব্ৰহ্মপুত্ৰত নতুন জাহাজৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে।
ভুত্ভুতি নাওসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বাবেও তেওঁ লগতেদাবী জনাইছে।