• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্যক্তিগতখণ্ডৰ বিদ্যালয়লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 22, 2020 3:10 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে ৰাজ্যৰ শিক্ষা বিভাগে। আজি মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত NHMৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূলৈ এই নিৰ্দেশনা দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘মুখ্য মন্ত্ৰীৰ অনুমোদন ক্ৰমে শিক্ষা বিভাগে এক নিৰ্দেশ দিছে যে ব্যক্তিখণ্ডৰ বিদ্যালয়সমূহে মাৰ্চ আৰু এপ্ৰিল মাহৰ ৫০ শতাংশ মাছুলহে সংগ্ৰহ কৰিব পাৰিব। L KGৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে এই নিয়ম মানি চলিব লাগিব। যদি কোনোবাই মাছুল সংগ্ৰহ কৰিছে তেন্তে তেওঁলোকে মে’ মাহত এইটো এডজাষ্ট কৰিব লাগিব।‘ ব্যক্তিগত বিদ্যালয়সমূহৰ কতৃপক্ষক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

Apply Now

আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ কোনো বিদ্যালয়ে মাছুল বঢ়াব নোৱাৰিব। ক’ৰ’না থকালৈকে এই নীতি নিৰ্দেশনা বাহাল থাকিব।‘

তাৎপৰ্য্যপূৰ্ণভাৱে যদি কোনোবাই এই নিয়ম ভংগ কৰে তেন্তে দুৰ্য্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বিদ্যালয়খন বন্ধ কৰি দিয়া হ’ব বুলি সংবাদমেলত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

সেই একে সময়তে কোনোধৰণৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে শিক্ষকৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰি লগতে কয় ‘ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০ শতাংশ মাছুল সংগ্ৰহ কৰিলে বুলিয়েই শিক্ষক আৰু কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা কথাটো মানি ল’ব পৰা নাযাব।‘

তদুপৰি, শংকৰদেৱ শিশু নিকেতনৰ দৰে শিক্ষানুষ্ঠান সমূহে এই সিদ্ধান্তৰ ইতিমধ্যে আদৰণি জনাইছে বুলি সংবাদমেলত শিক্ষামন্ত্ৰীয়ে কয়।

আনহাতে, সেই একেখন সংবাদমেলতে ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় এক তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় ‘ভাৰতত মৃত্যুৰ হাৰ ৩.২ শতাংশ। বিশ্বত মৃত্যুৰ হাৰ ৭ শতাংশ। অসমত সপ্তম দিনটো পৰ্য্যন্ত কোনোধৰণৰ নতুন ক’ৰ’না ভাইৰাছ পোৱা নাই। অসমত মৃত্যুৰ হাৰ ২.৯৪ শতাংশ।‘

ইয়াৰোপৰি, ৰাজ্যত ৫৭৮৯ গৰাকী ব্যক্তিক এতিয়ালৈকে টেষ্ট কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘২১৪ টা ৰিজাল্ট পাবলৈ বাকী আছে। ইয়াৰে কিছু মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ অনুৰোধত কৰা কেচো অন্তৰ্ভুক্ত হৈ আছে। মুঠ ৬ টা লেবত এই টেষ্ট কৰা হৈছিল।‘

অহা ২৫ এপ্ৰিলত গুৱাহাটীৰ সাংবাদিকসকলৰ বাবে গুৱাহাটী মেডিকেল কলেজত ক’ৰ’না টেষ্ট কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইচ্ছুক সাংবাদিকে এই টেষ্ট বিনামূলীয়াকৈ কৰাব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে, বৰ্তমানলৈকে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়, অসামৰিক চিকিৎসালয়সমূহক মিলাই মুঠ ৩৩৩৮ খন আইশ্বলেশ্যন বেড আছে, ৪৪০ টা আই.চিয়ু আছে বুলি তেওঁ জনায়। ইয়াৰোপৰি কুৱাৰেন্টাইন কৰিবৰ বাবে  ১০০৬১ টা ব্যৱস্থা আছে তথা পিপিই কীট প্ৰায় ২ লাখ আছে আৰু ৮৬ হাজাৰ আছে এন ৯৫ মাস্ক আছে বুলিও তেওঁ কয়।

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd