ভাৰতৰ নিৰ্বাচন আয়োগৰ স্বচ্ছতা আৰু নিৰপেক্ষতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে অসম নাগৰিক সন্মিলনে। শেহতীয়াকৈ পোহৰলৈ অহা কেতবোৰ বিস্ফোৰক তথ্যৰ ভিত্তিত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে সন্মিলনৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে। ড° হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানৰ দৰে বিশিষ্ট নাগৰিকৰ স্বাক্ষৰিত এক বিবৃতিত এই দাবী উত্থাপন কৰা হৈছে।
ভাৰতীয় গণতন্ত্ৰত ভোটাধিকাৰ আৰু নিৰ্বাচন আয়োগৰ গুৰুত্বৰ কথা সোঁৱৰাই দি বিবৃতিটোত কোৱা হৈছে যে সুকুমাৰ সেন আৰু টি এন চেচানৰ দৰে ব্যক্তিয়ে আয়োগৰ যি স্বতন্ত্ৰতা বজাই ৰাখিছিল, সেয়া এতিয়া বিপন্ন হৈ পৰিছে। নাগৰিক সন্মিলনৰ অভিযোগ অনুসৰি, যোৱা কেইবা বছৰ ধৰি নিৰ্বাচন আয়োগ ক্ৰমান্বয়ে চৰকাৰৰ এক বহতীয়া বিভাগলৈ পৰ্যবসিত হৈছে। নিৰ্বাচনত শাসকীয় দলক জয়ী কৰোৱাৰ স্বাৰ্থত আয়োগে কাম কৰি অহা বুলি তেওঁলোকে অভিযোগ কৰিছে। ইয়াৰ অংশস্বৰূপেই এছ আই আৰৰ জৰিয়তে প্ৰায় ১৩ কোটি ভোটাৰৰ নাম সম্পূৰ্ণ অবৈধভাৱে কৰ্তন কৰা বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে, যিটো পৰিসংখ্যা পৃথিৱীৰ বহু দেশৰ মুঠ জনসংখ্যাৰো অধিক।
যোৱা ২২ ছেপ্টেম্বৰত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত প্ৰকাশিত সাংবাদিক ঋতিকা চোপ্ৰাৰ এক অনুসন্ধানমূলক প্ৰতিবেদনৰ উদ্ধৃতি দি বিশিষ্ট নাগৰিকসকলে কয় যে নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ কাম-কাজত ব্যাপক বিসংগতি চলি আছে। নিয়ম অনুসৰি আয়োগৰ সিদ্ধান্তসমূহ সৰ্বসন্মত হ’ব লাগে যদিও মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে আন দুগৰাকী আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ সন্মতি নোহোৱাকৈয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটাৰ তালিকাৰ সংশোধনী আৰু ৬ নং প্ৰপত্ৰৰ সালসলনিৰ দৰে স্পৰ্শকাতৰ বিষয়ত আন দুজন আয়ুক্তক আওকাণ কৰি মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে একতৰ্ফাভাৱে সিদ্ধান্ত লোৱা বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। এতিয়া ভোটাৰ তালিকাৰ সকলো নিয়ন্ত্ৰণ কেৱল জ্ঞানেশ কুমাৰ আৰু আই টি বিভাগৰ সঞ্চালক প্ৰধান সীমা খান্নাৰ হাতলৈ যোৱা বুলিও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছে।
পশ্চিমবংগত লাখ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি পেলোৱা আৰু গোৱা নিৰ্বাচনৰ সময়ত বহু বৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ আঁৰতো মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ গোপন হাত থকা বুলি সন্মিলনে সন্দেহ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আন দুগৰাকী আয়ুক্তই তেওঁলোকৰ অমতৰ বিষয়ে ১৪ বাৰকৈ লিখিতভাৱে জনোৱাৰ লগতে কেবিনেট সচিবকো অৱগত কৰিছিল। এই সমগ্ৰ পৰিস্থিতিয়ে নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক প্ৰতিষ্ঠান এটাৰ ভিতৰচৰাত চলি থকা স্বেচ্ছাচাৰী শাসনৰ ছবিখনকে উদঙাই দিছে বুলি বিবৃতিটোত কোৱা হৈছে।
এই সকলোবোৰ তথ্য পোহৰলৈ অহাৰ পিছত অসম নাগৰিক সন্মিলনে বৰ্তমানৰ নিৰ্বাচন আয়োগৰ তত্ত্বাৱধানত অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে গঠিত চৰকাৰসমূহৰ স্থায়িত্ব আৰু বৈধতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচনী আয়ুক্ত নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ নিৰপেক্ষ হোৱাৰ দাবী জনোৱাৰ লগতে এই অনিয়মৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ তেওঁলোকে আহ্বান জনাইছে। অৱশ্যে তেওঁলোকৰ বৰ্তমানৰ প্ৰধান দাবী হৈছে যে গণতন্ত্ৰৰ বৃহৎ স্বাৰ্থত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক অতি শীঘ্ৰে পদৰ পৰা বৰ্খাস্ত কৰি সমগ্ৰ কাণ্ডৰ এক উচিত তদন্তৰ জৰিয়তে তেওঁক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।





