• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেলিফৰ্ণিয়াত ১৪৯ মিলিয়ন ডলাৰৰ স্বাস্থ্যসেৱা জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ তন্ময় শৰ্মা

মহেশ ডেকা by মহেশ ডেকা
June 3, 2025 9:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেলিফৰ্ণিয়াত স্বাস্থ্যসেৱা জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অসমৰ তন্ময় শৰ্মা। ছ’ভাৰেইন হেল্থ গ্ৰুপৰ প্ৰতিষ্ঠাপক শৰ্মাই ২০১৪-২০২০ চনত প্ৰৱঞ্চনামূলকভাবে বীমা দাবী আৰু অবৈধ পাৰিশ্ৰমিকৰ জৰিয়তে এই জালিয়াতি চলাইছিল বুলি জানিব পৰা গৈছে।

আগশাৰীৰ নিচামুক্তকৰণ চিকিৎসা প্ৰদানকাৰী প্ৰতিষ্ঠান ছ’ভাৰেইন হেল্থ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া শৰ্মাক ২৯ মে’ত লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২০ চনৰ ভিতৰত ১৪৯ মিলিয়ন ডলাৰৰ অধিক প্ৰৱঞ্চনামূলক বীমাৰ দাবী দাখিল কৰাৰ অভিযোগত বৰ্তমান আমেৰিকাৰ কেলিফৰ্ণিয়াত থকা অসমৰ টনময় শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে।

কেলিফৰ্ণিয়াৰ কেন্দ্ৰীয় জিলাৰ, আমেৰিকাৰ এটৰ্নী কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি অভিযোগনামাত উল্লেখ কৰা হৈছে যে শৰ্মাই স্বাস্থ্যসেৱা জালিয়াতিৰ এক বিস্তৃত আঁচনিৰ পৰিকল্পনা কৰিছিল, অপ্ৰয়োজনীয় প্ৰস্ৰাৱ পৰীক্ষাকে ধৰি স্বাস্থ্য বীমা কোম্পানীসমূহক ১৪৯ মিলিয়ন ডলাৰৰ অধিক প্ৰৱঞ্চনামূলকভাবে বীমা দাবী দাখিল কৰিছিল আৰু ৰোগীক তেওঁৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিবৰ বাবে ২ কোটি ১০ লাখ ডলাৰতকৈ অধিক উৎকোচ দিছিল।

ইয়াৰোপৰি তেওঁৰ বিৰুদ্ধে চাৰিটা ইলেক্ট্ৰনিক জালিয়াতিৰ গোচৰ, ষড়যন্ত্ৰৰ এটা গোচৰ আৰু তেওঁৰ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ বাবে অবৈধ পাৰিশ্ৰমিক দিয়াৰ তিনিটা অভিযোগ উত্থাপন কৰা হৈছে।

উল্লেখ্য যে বৰ্তমান কেলিফৰ্ণিয়াৰ টাষ্টিনৰ বাসিন্দা শৰ্মাৰ মূল ঘৰ গুৱাহাটীৰ বামুণীমৈদামত। তেওঁ প্ৰয়াত ফণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ তথা অনুৰাধা চিনেমা হলৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাৰ জ্যেষ্ঠ ভাতৃ।

তেওঁ দোষী সাব্যস্ত হ’লে প্ৰতিটো ইলেক্ট্ৰনিক জালিয়াতিৰ গোচৰৰ বাবে ২০ বছৰ ফেডাৰেল কাৰাদণ্ড, ষড়যন্ত্ৰৰ গোচৰত পাঁচ বছৰ আৰু প্ৰতিটো অবৈধ পাৰিতোষিকৰ গোচৰৰ বাবে ১০ বছৰ পৰ্যন্ত বিধিগতভাৱে সৰ্বোচ্চ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব।

অভিযোগনামা অনুসৰি ২০১৪ চনৰ পৰা ২০২০ চনলৈকে সমগ্ৰ দক্ষিণ কেলিফৰ্ণিয়া আৰু আন কেইবাখনো ৰাজ্যত কাম কৰা ছান ক্লেমেণ্টৰ ছ’ভাৰেইন হেল্থ গ্ৰুপে ৰোগীক আক্ৰমণাত্মকভাৱে খেদি ফুৰিছিল আৰু প্ৰায়ে ব্যক্তিগত বীমা কোম্পানীক উচ্চ হাৰত ৰচিদ দিছিল।

শৰ্মাৰ নিৰ্দেশনাত ছ’ভাৰেইনৰ কৰ্মচাৰীসকলে চিকিৎসাৰ বাবে এটা ভুৱা ফাউণ্ডেশ্যনৰ দ্বাৰা ধন আগবঢ়োৱা হ’ব বুলি ৰোগীক নামভৰ্তিৰ বাবে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ফাউণ্ডেশ্যনটো ৰোগীৰ তথ্য আহৰণৰ এক কৌশল আছিল যাতে তেওঁলোকৰ হৈ স্বাস্থ্য বীমা কভাৰেজ গোপনে সুৰক্ষিত কৰিব পৰা যায়। ছ’ভাৰেইনে তেওঁলোকক এই পলিচিসমূহৰ জড়িয়তে চিকিৎসালয়ত নামভৰ্তি কৰিব এই সংক্ৰান্তত ৰোগীসকল অজ্ঞাত আছিল। আনকি কৰ্মচাৰীসকলে কেতিয়াবা বীমা কোম্পানীসমূহৰ সৈতে যোগাযোগ কৰাৰ সময়ত ৰোগীৰ ৰূপ লৈছিল বুলিও অভিযোগ উত্থাপন হৈছে।

অভিযোগনামাত প্ৰকাশ কৰা অনুসৰি ছ’ভাৰেইনে স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ অনুমোদন নাথকাকৈয়ে প্ৰৱঞ্চনাৰে বীমা কোম্পানীসমূহক প্ৰস্ৰাৱ বিশ্লেষণৰ বাবে ২৯ মিলিয়ন ডলাৰৰ অধিক ৰচিদ প্ৰদান কৰিছিল।

অভিযোগ মতে তেওঁ কৰ্মচাৰীসকলক এই পৰীক্ষাসমূহ সঘনাই কৰিবলৈ নিৰ্দেশ দিছিল, আৰু চিকিৎসকৰ দ্বাৰা অনুমোদিত বুলি কোৱা পৰীক্ষাৰ বাবে হাজাৰ হাজাৰ দাবী দাখিল কৰিছিল, যিসকলে তেনে কৰা নাছিল, তেওঁলকক তাৰ পৰা নিলম্বন কৰিছিল।

ভুৱা ৰচিদৰ বাহিৰেও শৰ্মাই ৰোগীৰ দালালক ২ কোটি ১০ লাখ ডলাৰতকৈ অধিক ধন দি ৰোগী ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অবৈধ লেনদেন লুকুৱাবলৈ ভুৱা চুক্তিৰ জড়িয়তে দালালসকলৰ সেৱাক ব্যৱসায়ীক কাৰ্যকলাপ হিচাপে গাপ দি ৰাখিছিল।

বিবৃতিটোত কোৱা হৈছে যে এফবিআই, আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ মহাপৰিদৰ্শকৰ কাৰ্যালয় আৰু কেলিফৰ্ণিয়াৰ স্বাস্থ্য সেৱা বিভাগে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।

ইয়াত লগতে কোৱা হৈছে যে কেলিফৰ্ণিয়াৰ বীমা বিভাগ, আমেৰিকাৰ শ্ৰম বিভাগৰ কৰ্মচাৰী বেনিফিটছ ছিকিউৰিটি এডমিনিষ্ট্ৰেচন, অফিচ অৱ পাৰ্ছনেল মেনেজমেণ্ট, অফিচ অৱ ইন্সপেক্টৰ জেনেৰেল, আৰু আই আৰ এছ ক্রিমিনেল ইনভেষ্টিগেশ্যনে তদন্তত যথেষ্ট সহায় আগবঢ়াইছে। এই গোচৰৰ বিচাৰ চলাইছে মেজৰ ফ্ৰডছ ছেকচনৰ সহকাৰী আমেৰিকাৰ এটৰ্নী ছলমন কিমে।

Tags: AssamNewsAssamToAmericaCaliforniaArrestFBIArrestFraudInvestigationHealthcareFraudIndianInUSInsuranceFraudMedicalFraudSovereignHealthTonmoySharmaUSCrimeNews
মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd