‘অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ নিশ্চিত ভৱিষ্যত সুৰক্ষিত হ’ব নে নহয়, সেইটো নিৰ্ভৰ কৰিব এন আৰ চিৰ সৈতে জৰিত বিষয়া-কৰ্মচাৰীৰ কলমৰ আঁচোৰৰ ওপৰত।‘ এন আৰ চিৰ অতিৰিক্ত নাম কৰ্তন খচৰা প্ৰকাশৰ পাছতে এই মন্তব্য কৰিছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।
এই প্ৰতিক্ৰিয়াৰে এন আৰ চি কৰ্তৃপক্ষক নিয়াৰিকৈ তেওঁলোকৰ কৰ্তব্য পালনৰ বাবে ভট্টাচাৰ্য্যই আহ্বান জনায়।
‘বাৰম্বাৰ কৈ অহা হৈছে যে, অবৈধ বাংলাদেশীয়ে ভুল আৰু ভুৱা তথ্যৰে নিজৰ নামটো এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ উঠি-পৰি লাগি আছে, কিছুসংখ্যক ধৰাও পৰিছে। এতিয়াও অবৈধ বাংলাদেশীয়ে ভুৱা তথ্যৰে নিজৰ নামটো এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়ে নথি-পত্ৰসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ দিয়া নিৰ্দেশনা এন আৰ চি কৰ্তৃপক্ষই পালন কৰাৰ এয়াই সময়।‘ ভট্টাচাৰ্য্যই কয়।
ইয়াৰোপৰি, ‘চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখ লোকৰ ৩৭ লাখেই দাবী কৰিলে, তাৰ মানে অসমত ৩ লাখহে অবৈধ বাংলাদেশী আছে নেকি?’ এইদৰে প্ৰশ্ন কৰি ভট্টাচাৰ্য্যই কয় ‘এই প্ৰশ্ন ৰাইজৰ মনতো আহিছে। নিশ্চয় ইয়াতকৈ বেছি আছে বাংলাদেশী।‘
ভট্টাচাৰ্য্যৰ আহ্বান ‘সকলো জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া আৰু এন আৰ চিৰ সৈতে জৰিত সকলো বিষয়া-কৰ্মচাৰীক জাতীয় দায়িত্বৰে এন আৰ চি প্ৰক্ৰিয়া আগুৱাই নিবলৈ আহ্বান জনাইছো।‘
ইপিনে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এন আৰ চি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰি অহা বুলি কৰা দাবী সন্দৰ্ভত ভট্টাচাৰ্য্যই কয় ‘অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিদেশী বহিস্কাৰৰ ক্ষেত্ৰত কৈ অহা দায়বদ্ধতা শব্দটোৰ ফলাফল আমি বিচাৰিছো।‘
তেওঁ আৰু কয় ‘চূড়ান্ত এন আৰ চি প্ৰকাশ পাবলৈ মাজত মাথোঁ ৩৫ দিন। উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে, উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। উচ্চতম ন্যায়ালয়ৰ তদাৰকত এন আৰ চি প্ৰক্ৰিয়া চলি থকা বাবেই কাম ইমানখিনি আগবাঢ়িছে। অতিৰিক্ত নাম কৰ্তন খচৰাত যিসকলৰ নাম কৰ্তন হৈছে তেওঁলোককো সুবিধা দিয়া হৈছে।‘
১,০২,৪৬২ গৰাকী লোকৰ নাম অন্তৰ্ভুক্তিৰে বুধবাৰে এন আৰ চিৰ অতিৰিক্ত খচৰা নাম কৰ্তন তালিকা প্ৰকাশ পাইছে।
যোৱা বছৰৰ ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ খচৰাত নাম সোমোৱা, কিন্তু পৰৱৰ্তী পৰ্য্যায়ত বিভিন্ন কাৰণত অযোগ্য বিবেচিত হোৱা লোকসকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে।