এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত নোহাৱাৰ আশংকাত হোজাই জিলাৰ লংকাত এজন লোকে বিষপান কৰি আত্মহত্যা কৰা ঘটানাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত লোকজন লংকাৰ উদালীৰ কছাৰী গাঁৱৰ বাসিন্দা ৰহিম উদ্দিন।
প্ৰাপ্ত তথ্য মতে কিছুদিন পূ্ৰ্বে হিয়েৰিঙৰ বাবে লংকাৰ এটা এন আৰ চি কেন্দ্ৰলৈ যাওঁতে কৰ্তৃপক্ষৰ ফালৰ পৰা ৰহিমক তেওঁৰ পিতৃ প্ৰয়াত বসিৰ উদ্দিনৰ নাম ভোটাৰ তালিকাত বসিৰ আলী বুলি থকাৰ বাবে এন আৰ চিৰ তালিকাত ৰহিমৰ নাম অন্তৰ্ভূক্ত নহ’ব বুলি কোৱাৰ লগতে ৫০ হাজাৰ টকা জৰিমনা নাইবা জেল হ’ৱ পাৰে কৈছিল।
পিছত লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰহিমে নিজে নগৈ আনৰ হতুৱাই আবেদন জনাইছিল যদিও কাৰ্য্যালয়ৰ কোনো বিষয়াই তেওঁ নিজে আহি নথি-পত্ৰ জমা কৰাৰ লগতে স্বাক্ষৰ কৰিব লাগিব বুলি কৈছিল। কিন্তু কাৰ্যালয়লৈ গ’লে আৰক্ষীয়ে তেওঁক আটক কৰিব পাৰে বুলি ভয়ত মানসিক ভাৰসাম্য হেৰুৱাই যোৱা শনিবাৰে ঘৰতে বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল।
পৰিয়ালৰ লোকে ৰহিমক ততাতয়াকৈ প্ৰথমে লংকা প্ৰাথমিক চিকিৎসালয় আৰু পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত হোজাইৰ হাম হাস্পাতালত ভৰ্তি কৰোৱায়। ইয়াত তেওঁ কিছু পৰিমানে সুস্থ হৈ উঠিছিল যদিও সোমবাৰে পুনৰ বিহপান কৰাত নিজ ঘৰত মৃত্যুক সাবটি লয়।
উল্লেখযোগ্য যে, এন আৰ চিৰ প্ৰথম আৰু দ্বিতীয়বাৰ প্ৰকাশ পোৱা তালিকাত ৰহিম উদ্দিনৰ নাম অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰি তেওঁৰ প্ৰয়াত পিতৃ বসিৰ আলীৰ নাম ১৯৭০ চনৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত আছিল।
বাতৰি লিখা সময়ত ৰহিমৰ বাসগৃহত উদালী আৰক্ষীৰ লোক উপস্হিত হৈ তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।