• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি: এতিয়ালৈকে ৩শও চোৱা নাই আপত্তিয়ে, মাজত ১১ দিন; কি মন্তব্য নেতাসকলৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 19, 2018 10:24 pm
Assam NRC: State Govt appoints 221 Foreigners’ Tribunal members

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাসকলৰ “দাবী আৰু আপত্তি” দাখিলৰ বাবে মাজত আছে মাত্ৰ ১১টা দিন আৰু এতিয়ালৈকে সূত্ৰ মতে আপত্তি দাখিল হৈছে মাত্ৰ ২৮৯টা।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰি ৰোৱা ৪০ লাখ লোকৰ ভিতৰত যোৱা ১৫ ডিচেম্বৰলৈকে ১৪ লাখ ৮০ হাজাৰ লোকৰ আবেদন জমা হ’ল ৰাজ্যৰ এনআৰচি সেৱা কেন্দ্ৰসমূহত। লগতে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা ২৮৯ গৰাকী লোকৰ বিৰুদ্ধে ইতিমধ্যে আপত্তি দাখিল কৰা হৈছে।

Apply Now

মন কৰিবলগীয়া যে, এনআৰ চিৰ চূড়ান্ত খচৰাত বহু বিদেশীৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱা বুলি বহু জাতীয় দল-সংগঠনে দাবী কৰাৰ বিপৰীতে আন কিছুসংখ্যকে খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলিও অভিযোগ তুলিছিল।

ইয়াৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থা, খিলঞ্জীয়া মঞ্চ, প্ৰব্ৰজন বিৰোধী মঞ্চ, আমছুকে ধৰি অন্য বহুকেইটা সংগঠন আছিল। আনকি শাসকীয় দল বিজেপিৰ নেতাসকলেও অবৈধ লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি দাবী কৰি আহিছিল।

স্বাভাৱিকতে প্ৰশ্ন হয়, এন আৰ চিত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি থকাৰ পাছতো কিহৰ বাবে ২৮৯গৰাকী লোকৰ বিৰুদ্ধেহে বৰ্তমানলৈকে অভিযোগৰ আঙুলি উঠিছে বা অভিযোগ দাখিল হৈছে এন আৰ চি সেৱাকেন্দ্ৰত? এতিয়া কি স্থিতি আছে উক্ত দল-সংগঠনসমূহৰ?

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শাসকীয় দল বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। আনৰ গালৈ দোষ ঠেলিয়ে বিজেপিক দায়মুক্ত কৰাৰ চেষ্টা চলালে তেওঁ।

নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বিধায়ক শইকীয়াই পুনৰ দোহাৰে বিজেপিৰ স্থিতি।  ‘অবৈধ বিদেশী লাখ লাখৰ নাম সোমাইছে। দল-সংগঠনে কেৱল হিন্দু বাংলাদেশী বুলি চিঞৰি থাকোতেই দিন গৈছে।‘ এইদৰে কয় শইকীয়াই।

আনহাতে, বহু হিন্দু  লোকৰ নাম খচৰাৰ পৰা বাদ পৰা বুলি অভিযোগ তোলে বিধায়ক শইকীয়াই।

’৭০ টাকৈ সংগঠনে হিন্দু বাংলাদেশী চিঞৰি থকাৰ সময়তে বহু হিন্দু লোকৰ নাম বাদ পৰি ৰ’ল এন আৰ চিৰ পৰা, তাৰ বিপৰীতে বহু মুছলমান লোকৰ নাম সোমাই পৰিল।‘ মন্তব্য শইকীয়াৰ।

‘বিজেপিয়ে নাম সোমোৱা বিদেশীৰ বিৰুদ্ধে অভিযোগ দখিলৰ বাবে চিন্তা-চৰ্চা কৰি আছে।‘ মাজত মাথো ১১ দিন থকাৰ সময়ত চিন্তা-চৰ্চাহে কৰি থকা বুলি কয় বিধায়ক শইকীয়াই।

অসমৰ ৯৮টা জাতীয় সংগঠনকে ‘এই পৰিস্থিতিৰ বাব দায়ী’ বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

তেওঁ কয়, ‘এন আৰ চিত নাম সোমোৱা বিদেশীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলেহেঁতেন, কিন্তু অসমৰ ৯৮ টা সংগঠনৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।‘

মিত্ৰ দল অগপকো এই প্ৰসংগৰ সৈতে সাঙুৰি শইকীয়াই কয়, ‘অগপৰ নিচিনা দলৰ বাবে ভোটাৰ লিষ্টত বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অবৈধ বিদেশীৰ নাম সোমাবলৈ সুবিধা পালে।‘

আনহাতে, ’১৫ ডিচেম্বৰলৈকে ২৮৯ গৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল হোৱাৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে।

তেওঁ কয়, ‘এই বিষয়টো আমি চিন্তা চৰ্চা কৰি আছো। ৩০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে তথ্য পাতিখিনি গোটাই আছো। দুই এদিনৰ ভিতৰত অভিযোগ দাখিল কৰিম।‘

তদুপৰি নাথে অসমৰ জনসাধাৰণক এই বিষয়ত সচেতন হ’বলৈ আহ্বান জনাই কয়, ‘যিসকলে কোনো লোকৰ বিষয়ে জানে যে এইজন ’৭১ ৰ পাছত অহা, তেওঁলোকে কোনো ভয় নকৰি সেইসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। সকলোৰে এ আৰ এন নম্বৰ পঞ্চায়ত, এন আৰ চি সেৱা কেন্দ্ৰসমূহত উপলব্ধ।‘

‘অভিযোগ দাখিল কৰিলেহে এন আৰ চি কৰ্তৃপক্ষই উক্ত লোকজনৰ তথ্য-পাতিসমূহ পুনৰ নিৰীক্ষণ কৰিব। অসমৰ সচেতন জনগণ বহি থকাৰ সময় নহয়।’ এইদৰে কয় আছুৰ সভাপতিগৰাকীয়ে।

আনহাতে, শাসনাধীন বিজেপি চৰকাৰখনক সমালোচনা কৰি নাথে কয়, ‘এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱা প্ৰথম দিনটোৰ পৰাই একো উদ্যোগ হাতত লোৱা নাই। চৰকাৰে নিজাববীয়াকৈ এন আৰ চিৰ সৈতে জৰিত বিষয়ববীয়াসকলক মাতি আনি আলোচনা কৰিব পাৰিলেহেঁতেন। চৰকাৰে নিজাববীয়াকৈ অভিযোগ দাখিল কৰি পুনৰ নিৰীক্ষণ কৰিব পাৰিলেহেঁতেন। তেনে কৰা আজিলৈকে দেখা নাপালো।‘

আনহাতে, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ‘২৮৯ জন লোকৰ বিৰুদ্ধে জনসাধাৰণে অভিযোগ দাখিল কৰাটো আমাৰ বাবে লুক আউট নহয়’ বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘এন আৰ চি কৰ্তৃপক্ষই নিজেই নিৰীক্ষণ কৰিব লাগে যাতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা এজনো লোকৰ নাম যাতে এন আৰ চিত অন্তৰ্ভুক্ত নহয়।‘

জনসাধাৰণে অভিযোগ দাখিল কৰাটো আজিজুৰ ৰহমানৰ মতে ‘ডাঙৰ বিষয় নহয়।‘ তেওঁৰ মতে ‘এন আৰ চি কৰ্তৃপক্ষই ভুল কৰি বিদেশীৰ নাম সুমুৱাব, জনসাধাৰণে অভিযোগ দিব, তেনে কথা হ’ব নোৱাৰে।‘

আনহাতে, প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই দাবী কৰি কয়, ‘জনসাধাৰণে কেনেকৈ অভিযোগ দাখিল কৰিব, জনসাধাৰণে এন এছ কে কেন্দ্ৰত এ আৰ এন নম্বৰ বিচাৰি গ’লেও নাপায়, সেয়েহে অভিযোগ সংখ্যাটো তেনে হোৱাটো স্বাভাৱিক।’

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে যোৱা ১২ ডিচেম্বৰৰ দিনা জিলা উপায়ুক্তৰ কাৰ্য্যালয়, মহকুমাধিপতিৰ কাৰ্য্যালয়, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু এন আৰ চি সেৱা কেন্দ্ৰ সমূহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ তালিকা আঁৰি ৰাখিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

জানিব পৰা মতে যোৱা ১৫ ডিচেম্বৰলৈকে নাম বাদ পৰি ৰোৱা ৪০ লাখ লোকৰ ভিতৰত ১৮ লাখ ৮০ হাজাৰ লোকে ইতিমধ্যে আবেদন জনাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd