NORTHEAST NOW (Assamese)

মৰিগাঁৱত আৰক্ষীয়ে আটক কৰিলে ৬জন অবৈধ বাংলাদেশী নাগৰিকক

February 15, 2019 10:01 am · এন ই নাও নিউজ
প্রতিনিধিত্বমূলক চিত্র

অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনসমূহ সৰৱ হৈ থকাৰ সময়তে ১৪ ফেব্ৰুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে অসম আৰক্ষীৰ এটা দলে মৰিগাঁও জিলাৰ পৰা ৬জন বাংলাদেশী নাগৰিকক আটক কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে ৰাতিপুৱাই আটক কৰা বাংলাদেশী নাগৰিক কেইজন একেটা পৰিয়ালৰে সদস্য বুলি মৰিগাঁৱৰ উপ আৰক্ষী অধীক্ষক(সীমান্ত) ডি আৰ বৰাই জানিবলৈ দিয়ে।

উল্লেখ্য যে আটকাধীন বাংলাদেশী লোক কেইজনক উচ্চতম ন্যায়ালয়ে চাৰিমাহ পূৰ্বেই অবৈধ বুলি ঘোষণা কৰিছিল। এপেক্স কোৰ্টে এই অবৈধ নাগৰিক কেইজনক শীঘ্ৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ অমান্য কৰি লোক কেইজন পলাতক অৱস্থাত আছিল বুলি আৰক্ষী বিষয়াজনে কয়।

বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা দুগৰাকী মহিলাসহ এই লোক কেইজনক বিদেশী ন্যায়াধীকৰণৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়েও ‘বিদেশী’ বুলি ঘোষণা কৰিছিল।

আৰক্ষীয়ে আটক কৰা অবৈধ বাংলাদেশী নাগৰিক কেইজনক ক্ৰমে আমেজ আলী, চিৰাজুল হক, চমেট আলী, গোলাপ আলী, য়ুমুৰি বেগম আৰু ৰবিছা বেগম বুলি চিনাক্ত কৰে।

জানিব পৰা মতে উক্ত আটকাধীন নাগৰিক কেইজনক পাছত তেজপুৰস্থিত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে।

Related News