DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসৰ দিনাই গঁড় হত্যা প্ৰতিৰোধৰ বাবে কাজিৰঙাত অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
January 27, 2022 4:48 pm
গণৰাজ্য দিৱসৰ দিনাই গঁড় হত্যা প্ৰতিৰোধৰ বাবে কাজিৰঙাত অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ
171
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা গঁড় হত্যাৰ পিচতেই ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হৈছে উচ্চ প্ৰশিক্ষিত এক কামাণ্ডো বাহিনী ৷

দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ দিনাই গঁড় সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হৈছে এই কামাণ্ডো বাহিনী ৷ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্র সংৰক্ষিত এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডললৈ ১০জন আৰু উত্তৰ পাৰৰ বিশ্বনাথ বন সংমণ্ডলত লৈ ১০জন কামাণ্ডো প্ৰেৰণ কৰিছে অসম চৰকাৰে। এই কামাণ্ডো বাহিনীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বন শিবিৰত বাহৰ পাতি চোৰাং চিকাৰীক প্ৰতিৰোধৰ বাবে কাম কৰিব৷

উল্লেখ্য যে পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী  আদি নিয়োগ কৰা হৈছিল যদিও ইয়াৰ পিচতো চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰিবলৈ সক্ষম হোৱাৰ পিচত কালিৰে পৰা ৰাষ্ট্ৰীয় উদ্যান খনত অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ কৰা হৈছে।

বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত অত্যাধুনিক মৰণাস্ত্ৰৰে অভিজ্ঞ এই কামাণ্ডো বাহিনীয়ে এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত।

চলিত বৰ্ষৰ পহিলা মাহতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খড়্গ কাটি নিয়াৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্বসহকাৰে বিষয়টো ল’বৰ বাবে বন বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিছিল৷

যাৰ বাবে গঁড় হত্যাৰ পিচতেই যোৱা ২৩ জানুৱাৰী তাৰিখে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙ কাজিৰঙাত উপস্থিত হৈ চোৰাং চিকাৰীক প্ৰতিহত কৰাৰ বাবে কাজিৰঙাত কামাণ্ডো নিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল ৷

সেই মৰ্মে আজি গণৰাজ্য দিৱসৰ দিনটোতে গঁড় হত্যা প্ৰতিৰোধৰ সংকল্পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ শিলে খুন্দা বন শিবিৰলৈ যাত্ৰা আৰম্ভ কৰিছে ১০ জন কামাণ্ডোৱে ।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd