এজন আৰক্ষী জোৱানে আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ৰাজহুৱা স্থানত বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়। তাৰ বাবে তেওঁ আগতীয়াকৈ সংবাদ মাধ্যমক খবৰো দি লয়। বিয়লি প্ৰায় ৩ মান বজাত এই অতি ব্যতিক্ৰম ঘটনাটো ঘটে।
নজৰুল ইছলাম নামৰ আৰক্ষী জোৱানজনক পিছত আৰক্ষীয়ে সংকটজনক অৱস্থাত পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত ভৰ্তি কৰে। পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানেও সংকটমুক্ত হোৱা নাই আত্মহত্যা কৰোতেও চমক ৰাখি যাব বিচৰা জোৱানজন।
জোৱানজন নগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত কৰ্মৰত আৰু তেওঁ কিয় আত্মহত্যাৰ চেষ্টা কৰিছিল এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জানিবলৈ দিয়ে আৰক্ষী উপ-আয়ুক্ত পনজিৎ দুৱাৰাই।
আনহাতে, এটা ব্যক্তিগত সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি নজৰুলে আত্মহত্যা কৰাৰ পূৰ্বে প্ৰায়কেইটা সংবাদ প্ৰতিষ্ঠানলৈ ফোন কৰি কেমেৰাৰ সন্মুখত আত্মহত্যা কৰিম বুলি কয়। তাৰ বাবে তেওঁলোকক দীঘলীপুখুৰীৰ পাৰৰ নিৰ্দিষ্ট স্থানলৈ আহিবলৈ অনুৰোধ জনাইছিল।
ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকে জানিবলৈ দিয়ামতে, নজৰুলে কেমেৰাৰ সন্মুখত কৈছিল যে তেওঁৰ নগাঁৱত এটুকুৰা মাটি আছিল। বেংকৰ যথেষ্ট ঋণ থকা নজৰুলে এই মাটিটুকুৰা বিক্ৰী কৰি ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা কৰিছিল।
কিন্তু তেওঁৰ মাটিখিনি যিজন লোকে ক্ৰয় কৰিছিল, তেওঁ টকা-পইচা নিদিয়াকৈ আৰু মাটিটুকুৰা দখল কৰি লয়।
আত্মহত্যাৰ চেষ্টা কৰাৰ পূৰ্বে জোৱানজনে বেংকৰ ঋণৰ বোজাৰ পৰা মুক্ত হ’ব নোৱাৰিয়ে জোৱানজনে আত্মহত্যাৰ পথ বাছি লোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
আত্মহত্যাৰ ঘোষণাৰে সাংবাদিকলৈ ফোন কৰাৰ পিছতে সাংবাদিকসকলে আৰক্ষীৰ শীৰ্ষ বিষয়ালৈ খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তেতিয়াই জোৱানজনে পকেটৰ পৰা বিহৰ বটল এটা উলিয়াই খাই দিয়ে। ঘটনাটোৰ সময়ত উপস্থিত একাংশ লোকে জনায়।