অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।
শইকীয়াৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ পত্নী ডঃ জয়শ্ৰী গোস্বামী মহন্তয়ো সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে।
সাহিত্যিক পখিলা কলিতায়ো সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে।
আনহাতে, অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে উপ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁৰ লগতে সাহিত্যিক ৰতিমোহন নাথে আৰু পদুমী গগৈয়ে উপ সভাপতি পদত মনোনয়ন দাখিল কৰে।
তদুপৰি, আজিৰ দিনটোত প্ৰধান সম্পাদকৰ পদৰ বাবে দেৱজিত বৰা, বৰ্তমানৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই মনোনয়ন পত্ৰ দাখিল কৰে।
উল্লেখযোগ্য যে, সভাপতি পদৰ বাবে মুঠ ৭ গৰাকী, উপ সভাপতি পদৰ বাবে ৪ গৰাকী আৰু প্ৰধান সম্পাদক পদৰ বাবে মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।
শুকুৰবাৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, মুখ্য নিৰ্বাচনী বিষয়া বিপ্লৱ কুমাৰ শৰ্মা আৰু নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনৰ উপস্থিতিত গুৱাহাটীৰ আমবাৰীস্থিত কাৰ্য্যালয়ত সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
বৃহস্পতিবাৰে সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী, প্ৰহ্লাদ চন্দ্ৰ তাছা, সাহিত্যিক অধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকা আৰু পদ্মশ্ৰী সুৰ্য্যকান্ত হাজৰিকাই মনোনয়ন দাখিল কৰিছিল।
উপ সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ শৰ্মাই মনোনয়ন দাখিল কৰাৰ লগতে প্ৰধান সম্পাদক পদৰ বাবে হৰেন্দ্ৰ কলিতা আৰু যাদৱ চন্দ্ৰ শৰ্মাই মনোনয়ন দাখিল কৰিছিল।
৭ অক্টোবৰৰ তাৰিখলৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।
১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত প্ৰাথীৰ তালিকা ঘোষণা কৰা হ’ব।
১ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অসম সাহিত্ব সভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব। জিলা আৰু শাখা সাহিত্য সভাসমূহে ডাকযোগে ভোটদান কৰিব লাগিব। ১৫ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।