• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাৰ ইংলে পথাৰত থলুৱা শ্ৰমিক পৰিয়াল আৰু ছাত্ৰ নেতাৰ ওপৰত বৰ্বৰ হৈ উঠিল অসম আৰক্ষী; ভূমিৰ অধিকাৰৰ দাবী কৰা প্ৰতিবাদকাৰীক নিৰ্মম লাঠিচাৰ্জ

সকলো পক্ষক সন্মিলিত হৈ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জীপালৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহৰ

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
July 31, 2024 6:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ ইংলে পথাৰত চৰকাৰৰ হৈ বৰ্বৰতা প্ৰদৰ্শন বোকাখাত আৰক্ষীৰ।ৰঙাজান-হাতীখলি-দিৰিং চাহ বাগিছাৰ শান্তিপূৰ্ণ প্ৰতিবাদী শ্ৰমিক আৰু আটছাৰ নেতাৰ ওপৰত বৰ্বৰ লাঠিচালনা অসম আৰক্ষীৰ।ফলত উত্তপ্ত হৈ পৰে আজি কাজিৰঙাৰ ইংলে পথাৰ।

চাহ জনগোষ্ঠী লোকৰ দখলত থকা কাজিৰঙাৰ ইংলে পথাৰৰ ভূমি হস্তগত কৰি অসম চৰকাৰে হায়াট গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মান কৰিবলৈ দিয়া কাৰ্যৰ বিৰোধিতা কৰিবলৈ যাওঁতেই শান্তিপূৰ্ণ প্ৰতিবাদীৰ ওপৰত বোকাখাত আৰক্ষীয়ে সংঘটিত কৰে এই বৰ্বৰ আক্ৰমণৰ ঘটনা ।

বুধবাৰে আটছা, বোকাখাত শাখাৰ উদ্যোগত তথা কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আৰু স্থানীয় হাতীখুলী-ৰঙাজান-দিৰিং চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ সহযোগত ৰঙাজানত কৰা এক প্রতিবাদী সমাবেশ কার্যসূচীৰ অন্তত ইংলে পথাৰ পৰিদৰ্শনৰ বাবে যোৱা শান্তিপূৰ্ণ জনতাৰ ওপৰত এই বৰ্বৰ আক্ৰমণত লিপ্ত হয় বোকাখাত আৰক্ষী।

Apply Now

উল্লেখযোগ্য যে কাজিৰঙাৰ ইংলে পথাৰৰ উক্ত ভূমিত ৰঙাজান-হাতীখুলী চাহ বাগিছাৰ শ্ৰমিক সকলে পুৰুষানুক্ৰমে কৃষি কাৰ্য কৰি অহাৰ পিছতো অসম চৰকাৰৰ পৰ্যটণ বিভাগে বলপূৰ্বক ভাৱে সেই ভূমি হস্তগত কৰি আন্তঃৰাষ্ট্ৰীয় হায়াট গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মান কৰিবলৈ দিয়া কাৰ্যক আৰম্ভণিৰে পৰা আটছাই বিৰোধিতা কৰি আহিছে।

সেই মৰ্মে থলুৱা আদিবাসী চাহ শ্ৰমিক সকলৰ ভূমিৰ অধিকাৰৰ স্বাৰ্থত বুধবাৰে ৰঙাজানত আয়োজিত প্ৰতিবাদী সমাবেশৰ পাছতেই এই বৰ্বৰ ঘটনা সংঘটিত হয়।

এই ঘটনাত আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকীও মহিলা প্ৰতিবাদকাৰী আহত হোৱাৰ উপৰিও আহত হৈছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড়, জিলা সম্পাদক সুশীল কালিন্দী, জিলা সাংগঠনিক সম্পাদক বিকাশ নায়ক, দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দানিচ কুমাৰ। আহত সকলক তাৎক্ষণিক ভাৱে কহঁৰাস্থিত বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে একাংশক বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছতেই আক্ৰমণ স্থলীৰ পৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদিশ বৰাইকে। বোকাখাত আৰক্ষীৰ এই আক্ৰমণক গৃহ বিভাগৰ গুণ্ডাগিৰি আৰু স্বৈৰাচাৰী বুলি কঠোৰ সমালোচনা কৰি তেওঁ কয় – দণ্ডাধীশৰ নিৰ্দেশ অবিহনে জাতীয় সংগঠনৰ নেতৃবৃন্দক আৰু তাৰ শ্ৰমজীৱীৰ ওপৰত আইন হাতত তুলি লোৱা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। লগতে তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে।

তদুপৰি বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীক সংবাদ মাধ্যম NEWS LIVE ত চাহ শ্ৰমিকসকলে ইংলে পথাৰৰ ভূমিৰ ক্ষতিপূৰণ বিচাৰি কৰা আন্দোলন বুলি প্ৰচাৰ কৰা কাৰ্যক অভিসন্ধিমূলক প্ৰচাৰ আখ্যা দিছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে। তেওঁ পুনৰ স্পষ্ট কৰি দি কয়, এয়া ক্ষতিপূৰণ বিচাৰি কৰা আন্দোলন নহয় , এয়া থলুৱা আদিবাসী লোকৰ ভূমিৰ অধিকাৰৰ আন্দোলন।

ইফালে বন্যহস্তীৰ বিচৰণভূমি তথা খিলঞ্জীয়া কৃষকৰ কৃষি ভূমি বলপূৰ্বক উচ্ছেদ কৰি কৰ্পৰেট গোষ্ঠীৰ হাতত তুলি দিয়াৰ স্বাৰ্থত থলুৱা আদিবাসী লোকক কৰা এই বৰ্বৰ আক্ৰমণৰ ঘটনাক নিন্দা তথা ফেচিষ্ট আক্ৰমণ হিচাপে আখ্যা জীপাল কৃষক শ্ৰমিক সংঘৰ।লগতে সকলো সাংগঠনিক গোৰামীৰ উৰ্ধত গৈ উদাৰচিত্তে সন্মিলিত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ পোষকতা কৰাৰ উপৰিও এই ঘটনাৰ পৰা সকলো পক্ষই শিক্ষা লোৱা উচিত বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়াই জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে ।

আনহাতে দণ্ডাধীশৰ নিৰ্দেশ অবিহনে জাতীয় সংগঠনৰ নেতৃবৃন্দক আৰু তাৰ শ্ৰমজীৱীৰ ওপৰত আইন হাতত তুলি লোৱা পুলিচ বিষয়াৰ ওপৰত মাননীয় উচ্চ আদালতক স্বমত গোচৰ পঞ্জীয়ন কৰি উচিত শাস্তি প্ৰদানৰো পোষকতা জীপালৰ উপদেষ্টা গৰাকীৰ।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd