‘গান্ধীক পুনৰ গুলীওৱা’ৰ প্ৰতিবাদ কৰা কংগ্রেছ কৰ্মীক আৰক্ষীৰ বাধা

গান্ধীৰ প্ৰতিকৃতিলৈ গুলীওৱা হিন্দু মহাসভাৰ কৰ্মীৰ পুত্তলিকা দাহৰ পৰা বচোৱাৰ চেষ্টাত নামিল অসম আৰক্ষী

Congress protest Bharatiya Hindu Mahasabha

মহাত্মা গান্ধীৰ প্ৰতিকৃতিত গুলীওৱাৰ প্ৰতিবাদত অখিল ভাৰত হিন্দু মহাসভাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছেৰ কাৰ্য্যসূচী। ফটো : য়ু বি।

যোৱা ৩০ জানুৱাৰিত মৃত্যু দিৱসতে জাতিৰ পিতা মহাত্মা গান্ধীক পুনৰবাৰ গুলীওৱাৰ দৰে দেশত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিল তাৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ গৈ আজি আৰক্ষীৰ বাধাৰ সন্মুখীন হ’ল অসম প্ৰদেশ কংগ্ৰেছ।

ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছে অখিল ভাৰত হিন্দু মহাসভাৰ বিৰুদ্ধে (যিটো সংগঠনে উক্ত নিকৃষ্ট ঘটনাটো সংঘটিত কৰিছিল) এই প্ৰতিবাদী কাৰ্য্যসূচীটো ৰূপায়ণ কৰিছিল। প্ৰতিবাদকাৰী কংগ্ৰেছকৰ্মীসকলে মহাত্মা গান্ধীৰ প্ৰতিকৃতিত গুলীচালনা কৰা সংগঠনটোৰ সদস্যাগৰাকীৰ পুত্তলিকাও দাহ কৰে।

প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত দলৰ শতাধিক নেতা-কৰ্মীয়ে অখিল ভাৰত হিন্দু মহাসভাৰ কৰ্মীৰ এই নিকৃষ্ট কাণ্ডক ধিক্কাৰ দিয়ে।

মহাত্মা গান্ধীক অপমান কৰা ব্যক্তিগৰাকীক গ্ৰেপ্তাৰৰ দাবী কৰাৰ লগতে বিজেপি আৰু আৰ এছ এছৰ পৃষ্ঠপোষকতাতে হিন্দু মহাসভাই এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগো আনে প্ৰদেশ কংগ্ৰেছে।

‘‘মহাত্মা গান্ধীৰ অপমান কংগ্ৰেছে কেতিয়াও সহ্য নকৰে। যিসকলে জাতিৰ পিতাক অপমান কৰিছে তেওঁলোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে’’, প্ৰতিবাদত অংশ লোৱা কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ মন্তব্য।

ইপিনে, দাহ কৰিবলৈ লওঁতেই আৰক্ষীয়ে টানি লৈ যায় মহাত্মাক অপমান কৰা হিন্দু মহাসভাৰ সদস্যাগৰাকীৰ পুত্তলিকা। ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় টনা-আঁজোৰা আৰু হতাহতি। পাছত জুমুঠিৰ কিছু অংশ দাহ কৰিয়েই কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ৩০ জানুৱাৰি দিনটোত সমগ্ৰ দেশে যেতিয়া গান্ধীজীৰ মৃত্যু দিৱস শ্ৰদ্ধাৰে পালন কৰিছিল, উত্তৰ প্ৰদেশত অখিল ভাৰত হিন্দু মহাসভাই জাতিৰ পিতাজনৰ প্ৰতিকৃতিত পিষ্টলেৰে গুলীয়াই তৃপ্তি লৈছিল। গুলীওৱাৰ লগতে গান্ধীজীৰ পু্ত্তলিকা দাহ কৰিছিল আৰু ‘মহাত্মা গডছে’ জিন্দাবাদ বুলি মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জয়ধ্বনি দিছিল।

হিন্দুত্ববাদী সংগঠনটোৰ এই কাৰ্য্যত স্তম্ভিত হৈ পৰিছিল সমগ্ৰ দেশৰ গণতান্ত্ৰিক আৰু অহিংসাৰ ‘চেতনা’।

‘‘দেশত হিন্দুত্ব কেন্দ্ৰিক ঘৃণা আৰু অসহিষ্ণুতাই কি ভয়াৱহ স্তৰত উপনীত হৈছেহি, ঘটনাটো তাৰে ‘জ্বলন্ত নমুনা’’, এইটোৱে আছিল ছ’চিয়েল মিডিয়াত বেছিভাগৰে প্ৰতিক্ৰিয়া।