• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গণতন্ত্ৰ’ উদযাপনৰ দিনটোতে খানাপাৰাত চৰকাৰে কাঢ়িলে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ!

কাঢ়ি ল'লে ক’লা ৰুমাল, কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মুখত লগোৱা ক’লা মাস্কখনো; প্ৰৱেশ কৰিবলৈ নিদিলে ক'লা কাপোৰ পিন্ধা লোকক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 27, 2019 5:31 pm
Govornor Republic Day

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ এটা মুহূৰ্তত ৰাজ্যপাল জগদীশ মুখী। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ আজিৰ দিনটোতে গণৰাজ্য দিৱস পাতিবলৈ গৈ ৰাজ্য চৰকাৰে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ আহিল নাগৰিকৰ পৰা।

আজি খানাপাৰাৰ খেলপথাৰত পতা গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্য্যসূচীৰ সময়ত ‘নিৰাপত্তা’ৰ দিশটোতকৈ মুখ্য মন্ত্ৰীৰ নাক বচাবলৈ অধিক কষ্ট কৰা আৰক্ষীৰ কাৰ্য্যত চৰকাৰৰ এই অগণতান্ত্ৰিক স্বৰূপ ওলাই পৰে।

Apply Now

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিবাদত কৰা ক’লা পতাকা প্ৰদৰ্শনে কেইবা ঠাইতো বিব্ৰত কৰা মুখ্য মন্ত্ৰীয়ে আজি গণৰাজ্য দিৱসৰ দিনটোতো সেই আতংকৰ পৰা মুক্ত হ’ব নোৱাৰিলে। মুখ্য মন্ত্ৰীক যাতে আজিৰ দিনটোত কোনো লোকেই ক’লা পতাকা, ক’লা কাপোৰ দেখুৱাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ গৈ আৰক্ষীয়ে গণতান্ত্ৰিক অধিকাৰ হৰণ কৰে নাগৰিকৰ।

খেলপথাৰলৈকে সোমাই যোৱা পথছোৱাত তিনি ঠাইত তালাচী চলাই গণতন্ত্ৰ দিৱস উপভোগ কৰিবলৈ যোৱা প্ৰতিজন নাগৰিকৰ পৰা কাঢ়ি লোৱা হ’ল জেপত থকা ক’লা ৰুমালকে ধৰি সকলো ধৰণৰ ক’লা কাপোৰ।

অগণতান্ত্ৰিক আৰু নাগৰিকৰ অধিকাৰ হৰণৰ এই ঘটনাৰ পৰা সাৰি নগ’ল তাত অংশগ্ৰহণ কৰিবলৈ যোৱা শিশু আৰু ছাত্ৰ-ছাত্ৰীও। আৰক্ষীয়ে কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্যৰ বাবে মুখত মাৰি যোৱা মাস্কখনো কাঢ়ি লোৱাৰ কুণ্ঠাবোধ নকৰিলে।

এজন ছাত্ৰই ধূলিৰ পৰা বাচিবলৈ মুখত এখন মাস্ক পিন্ধি আহিছিল। কিন্তু ছাত্ৰজনে সেইখন ভিতৰলৈ নিব নোৱাৰিলে। “কাৰণ মাস্কখন ক’লা আছিল”, এজন প্ৰত্যক্ষদৰ্শীয়ে কয়।

“আন এজন ছাত্ৰই মুখ মচিবৰ বাবে ব্যৱহাৰ কৰা ৰুমালখনত ক’লা ৰং থকা বাবেই কাঢ়ি লৈ যোৱা হ’ল ৰুমালখন।” নাগৰিকজনে কয়।

অন্যান্য নাগৰিকৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ বেগো খুঁচৰি চায় নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বাহিনীয়ে।

আন একাংশক ক’লা কাপোৰ পিন্ধি যোৱাৰ বাবেই প্ৰৱেশত বাধা আৰোপ কৰা হয়। আনকি ক’লা জেকেট, কোট, ছুৱেটাৰো খুলি গণৰাজ্য দিৱস ‘উপভোগ’ৰ বাবে প্ৰবেশ কৰিব লগীয়া হয় বহু নাগৰিকক।

“মোৰ জেকেটো ক’লা, তলৰ টি-ছাৰ্টটোও ক’লা, এতিয়া মই গোটেইকেইটা খুলি কেনেকৈ ভিতৰ সোমাম?” এজন অসহায় কিশোৰে সংবাদ মাধ্যমৰ আগত এইদৰে আক্ষেপ কৰে।

উল্লেখযোগ্য যে আজিৰ গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী আৰু প্ৰশাসনিক মুৰব্বীৰ নিৰাপত্তাৰ নামত ভাৰত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ দিনটোতে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱাৰ এই ঘটনাই চৰকাৰৰ ‘অগণতান্ত্ৰিক’ স্বৰূপ উদঙাই দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd