NORTHEAST NOW (Assamese)

সাংবাদিক দিলৱাৰ হুছেইনক ৫ দিনৰ জিম্মাত বিচাৰিলে পাণ বজাৰ আৰক্ষীয়ে

March 26, 2025 4:52 pm · এন ই নাও নিউজ, গুৱাহাটী

দ্য ক্ৰছ কাৰেন্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বুধবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোওৱা হয়। বৰ্তমানেও আদালতত তেওঁৰ গোচৰৰ শুনানি চলি আছে।

জানিব পৰা মতে, আৰক্ষীয়ে তেওঁক পাঁচ দিনৰ জিম্মাত বিচাৰিছে।

ইফালে আইনী বিশেষজ্ঞসকলে যুক্তি আগবঢ়াইছে যে এনে গোচৰ সাধাৰণতে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰিৱৰ্তে বিশেষ আদালতৰ অধীনত পৰে। এই পদ্ধতিগত অস্পষ্টতাই মাজুমদাৰৰ জামিন লাভৰ সম্ভাৱনা হ্ৰাস কৰি তুলিছে।

এই গ্ৰেপ্তাৰৰ ঘটনাই সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, বিশেষকৈ সাংবাদিকসকলৰ মাজত।

আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ বাহিৰত সাংবাদিক সকলে তেওঁক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ লগে লগে পৰিস্থিতি আৰু অধিক তীব্ৰতৰ হৈ পৰে।

ইয়াৰ উপৰিও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ বাহিৰত বহু সাংবাদিক সমবেত হৈ এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Related News