• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃততে দায়ী কোন? কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয়? লুৰীণজ্যোতিৰ প্ৰশ্ন

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত নিৱনুৱাসকলৰ জীৱনক লৈ হেতালি খেলা হৈছে কিয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2020 5:34 pm
76784546_1023090254706383_6427435553649590272_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে অসম আৰক্ষীৰ ৫৯৭ টা উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা আধাতে বাতিল কৰিব লগা পৰিস্থিতিৰ বাবে দায়ী কোন? কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ দৰে পৰিস্থিতি উদ্ভৱ হয়? বছৰ বছৰ জুৰি এটা চাকৰিৰ কাৰণে হা-হুমুনিয়াহ কাঢ়ি থকা লাখ লাখ শিক্ষিত ছাত্ৰ-ছাত্ৰীৰ মনত এনে ঘটনাই কেনেধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে এবাৰ ভাবি চাইছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া?‘ নিজৰ ফেইচবুক পোষ্টযোগে এইদৰে প্ৰশ্ন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

তদুপৰি, ২৩ লাখ নিবনুৱাক সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা আপোনাৰ নেতৃত্বৰ চৰকাৰখনৰ দিনত বাৰে বাৰে নিবনুৱাসকলৰ জীৱনৰ লগত হেতালি খেলা হৈছে কিয় ? বুলি প্ৰশ্ন কৰি তেওঁ বিজেপি চৰকাৰৰ নিযুক্তিৰ ক্ষেত্ৰত বিফলতাসমূহ দাঙি ধৰে।

Apply Now

‘যোৱা দুবছৰে জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সম্পাদন কৰিব নোৱাৰিলে। এপিডিচিএলৰ বাচনি পৰীক্ষা সম্পাদন কৰিব নোৱাৰিলে। ফলাফল ঘোষণাৰ এবছৰ উকলি যোৱাৰ পাছতো বিদেশী ন্যায়ধীকৰণৰ ১৬০০ প্ৰাৰ্থীক নিযুক্তি দিব নোৱাৰিলে।‘ গগৈয়ে কয়।

ইপিনে, গগৈৰ মতে ‘২০১৮ চনৰে পৰা অসম অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই একমাত্ৰ পৰীক্ষা ব্যৱস্থাত থাকি যোৱা কেৰোণৰ কাৰণে। ডিৰেক্টৰ, লোকেল ফাণ্ডৰ অধীনত বছৰৰ আৰম্ভণিতে অনুষ্ঠিত কণিষ্ঠ সহায়ক পদৰ বাচনি পৰীক্ষাৰ ফলাফল আজি পৰ্যন্ত প্ৰকাশ কৰিব নোৱাৰিলে।‘

‘চাহ শ্রমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনৰ ৩৫টাকৈ বিষয়া-কৰ্মচাৰীৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা এবছৰতকৈ অধিক সময়ৰ পাছতো নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত বিফলতা। কৃষি বিভাগৰ দুই সহস্ৰাধিক গ্ৰাম্য কৃষি সম্প্ৰসাৰণ সহায়কৰ বাচনি পৰীক্ষা আয়োজনত চূড়ান্ত ব্যৰ্থতা।‘ লুৰীণজ্যোতিয়ে এইদৰে কয়।

ইয়াৰোপৰি, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বাচনি পৰীক্ষা সম্পৰ্কত উত্থাপিত অভিযোগৰ তদন্তৰ নামত ভেকোভাওনা কৰা বুলিও অভিযোগ কৰে লুৰীণজ্যোতিয়ে।

ইপিনে, নতুন নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ পুঁজি নাই বাবেই অতি কৌশলেৰে প্ৰশ্নকাকত ফাদিল কৰি উপ-পৰিদৰ্শক পৰীক্ষা বাতিল কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এটা নিযুক্তি নিকাকৈ দিব নোৱাৰা বিজেপি চৰকাৰখনক গৰিহণা জনালোঁ আৰু উপযুক্ত তদন্ত দাবী কৰিলোঁ।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd