NORTHEAST NOW (Assamese)

কৰ্তব্যৰত অৱস্থাত ধৰ্মীয় টুপী পৰিধান কৰি নিলম্বন হ’ল অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক

November 10, 2020 6:16 pm ·
Updated: November 10, 2020 6:18 pm

কৰ্তব্যৰত অৱস্থাত ধৰ্মীয় টুপী পৰিধান কৰাৰ অপৰাধত অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শকক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

মহম্মদ চৌকত আলী নামৰ অসম আৰক্ষী আনাতাঁৰ বিভাগত কৰ্মৰত আৰক্ষীৰ উপ পৰিদৰ্শক গৰাকীয়ে কৰ্তব্যৰত সময়ত ইছলাম ধৰ্মীয় টুপী পিন্ধি থকা এখন ফ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছিল।

আলীয়ে নিজেই দিছপুৰৰ APRO কাৰ্যালয়ৰ পৰা কৰ্তব্যৰত অৱস্থাত উক্ত ফ’টোখন চ’ছিয়েল মিডিয়াত আপলোড কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে ‘অনিয়মানুৱৰ্তিতা’, ‘অনাকাংক্ষিত ব্যৱহাৰ’ আৰু ‘ইউনিফৰ্ম’ৰ নিয়ম ভংগৰ অপৰাধত আৰক্ষী উপ পৰিদৰ্শক আলীক অসম আৰক্ষীৰ অধীক্ষকৰ(যোগাযোগ) মুখ্য কাৰ্যালয়-২এ এক নিৰ্দেশনাৰ যোগে চাকৰিৰ পৰা নিলম্বন কৰে।

“অসমৰ আৰক্ষীৰ APRO, MCCৰ দিছপুৰৰ উপ পৰিদৰ্শক(Opr)১৯৮৩৩১৮৩৭ মহম্মদ চৌকত আলীক ততালিকে বলৱৎ হোৱাকৈ পৰৱৰ্তী নিৰ্দেশনা নোলোৱাকৈ ‘অনিয়মানুৱৰ্তিতা’, ‘অনাকাংক্ষিত ব্যৱহাৰ’ আৰু ‘ইউনিফৰ্ম’ৰ নিয়ম ভংগৰ অপৰাধত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।” বিভাগীয় নিৰ্দেশনাটোত এইদৰে কোৱা হয়।

আনহাতে আৰক্ষী বিভাগে উপ পৰিদৰ্শক গৰাকীলৈ কাৰণ দৰ্শৱোৰ জাননীও প্ৰেৰণ কৰিছে।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে উপ পৰিদৰ্শক গৰাকীয়ে উক্ত ফ’টোখন যোৱা ৭ নৱেম্বৰত কামৰূপ গ্ৰাম্য জিলাৰ হাজোত তুলিছিল।

Related News