জোকৰ মুখত চূণ সনাৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। এছআইটিৰ প্ৰতিবেদন ৬ মাহ নিজৰ লগত ৰাখি ৮ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক আনি মহা আড়ম্বৰৰে আয়োজন কৰা সংবাদমেল যে ফ্লপশ্ব’ আছিল সেই কথা আজি প্ৰমাণ কৰি দায়ৱদ্ধতাসহকাৰে অসমৰ ৰাইজ আৰু সাংবাদিকক সকলো তথ্য সদৰী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অধিক প্ৰত্যাহ্বান সৃষ্টি কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক কাষত বহুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি দেশ আৰু অসমৰ ৰাইজৰ মনত উদ্ৰেক ঘটা প্ৰতিটো প্ৰশ্নৰ লগতে সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰো উত্তৰ সাৱলীলভাৱে দিবলৈ আন্তৰিক চেষ্টা চলায়। প্ৰসংগক্ৰমে গগৈয়ে কয় যে মই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সন্তান আৰু মোৰ দেহত লাচিত বৰফুকনৰ তেজ আছে। তেওঁ কয়, ”মোক আক্ৰমণ কৰক, মই ভয় নকৰো। কিন্তু অসমৰ ৰাইজৰ মাজত বিভেদৰ বীজ সিঁচি সাম্প্ৰদায়িক ৰাজনীতি কৰাতো সহ্য নকৰো। কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ ৰাইজৰ ওপৰত আক্ৰমণ চলোৱাতো কোনোপধ্যেই সহ্য কৰা নহয়।’’ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকলে নিয়মমতে লাভ কৰি অহা আৰক্ষীৰ নিৰাপত্তা তেওঁক কিয় দিয়া হোৱা নাই বুলি প্ৰশ্ন কৰি সভাপতিজনে কয় যে তেওঁৰ জীৱনৰ প্ৰতি আহি পৰা ভাবুকিলৈ চাই শুভকাংক্ষীসকলে তেওঁক ভালকৈ চলা-ফুৰা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
গৌৰৱ গগৈয়ে সংবাদমেলত কয়, ”মুখ্যমন্ত্ৰীয়ে বিগত ৬মাহ ধৰি এনে কাম কৰি থকাৰ কাৰণ হৈছে কংগ্ৰেছ দলৰ বাঢ়ি অহা জনপ্ৰিয়তা। মুখ্যমন্ত্ৰীৰ হাতত ৬মাহৰ আগতেই প্ৰতিবেদনখন পৰিছে। তেওঁ ৬মাহ পঢ়িলে। তাৰ পাছত দেখিলে যে, তেওঁ উত্থাপন কৰা প্ৰতিটো অভিযোগ মিছা। সেয়েহে তেওঁ বিগত ৬মাহে নাটক কৰিলে।’’ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অহা এনে প্ৰতিবেদনৰ ওপৰত বিগত ছমাহ কিয় শুই আছিল বুলিও গগৈয়ে প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ দখলত থকা ১২হাজাৰ বিঘা মাটিৰ লগতে ৰাজ্যৰ ৪০হাজাৰ বিঘা মাটি আদানি আম্বানি আৰু পতঞ্জলিক গতাই দিয়া তথ্যবোৰ উলিয়াই অনাৰ বাবে মিছা অভিযোগ উত্থাপন কৰি আহিছে বুলিও কয় গগৈয়ে।
গগৈয়ে কয়, ”এছ আই টিৰ প্ৰতিবেদন ফাদিল হোৱাৰ বাবে মই ভাল পাইছো। এই ফ্লপ শ্ব’ মুকলি হোৱালৈকে মই বাট চাই আছিলো। মই কৈছো মুখ্যমন্ত্ৰীৰ এই অভিযোগ ছুপাৰ ফ্লপ। অখিল গগৈয়ে কৈছে এয়া বেহাৰবাৰী আউট পোষ্ট আৰু সংবাদ মাধ্যম তথা ৰাইজে কৈছে এয়া হৈছে ভেল্কীবাজী।’
সন্তানৰ নাগৰিকত্ব আৰু ধৰ্ম সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৰা মন্তব্যৰ প্ৰসংগক লৈ আজি সংবাদমেলত সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তেওঁ কয়, ”মুখ্যমন্ত্ৰী ইমান তললৈ গ’ল যে, মোৰ ৫ বছৰীয়া, ৯ বছৰীয়া সন্তানকো টানি আনিছে।’’ মুখ্যমন্ত্ৰীক সকিয়াই দি গগৈয়ে কয়, ”আপোনাৰ লৰা-ছোৱালীৰ কথাও মই জানো। আপোনাৰ ল’ৰা-ছোৱালীয়ে ক’ত কেনেকৈ থাকে গুৱাহাটীৰ সকলোৱে সেইবোৰ কথা জানে। আপোনাৰ সন্তানৰ সেইবোৰ কথা ৰাজহুৱা কৰিবলৈ মোক বাধ্য নকৰাব।’’ তেওঁ আৰু কয়, ”মোৰ পত্নীয়ে নিজৰ দেশ এৰি ভাৰতত কাম কৰি আছে। মোৰ সন্তানক মোৰ পৰিবাৰেই ডাঙৰ কৰি আছে। ৰাজনৈতিক ব্যক্তি হিচাপে আমি পৰিয়ালৰ পৰা আঁতৰত থাকো। যেতিয়া মোৰ সন্তানৰ বয়স ১৮বছৰ হ’ব তেতিয়া তেওঁলোকেই নিজে সিদ্ধান্ত ল’ব তেওঁলোকে কি নাগৰিকত্ব ল’ব।’’ নিজৰ ৰাজনৈতিক জীৱনত তৰুণ গগৈৰ নামত দাগ লাগিব পৰা কোনো কাম কৰাৰ কথা ভাবিবই নোৱাৰে বুলিও কয় গগৈয়ে। গগৈয়ে কয়, ”অসমৰ ৰাইজৰ ওপৰতে মই সকলো এৰিছো। ৰাইজে জানে কোন দুৰ্নীতিগ্ৰস্ত আৰু কোন কি আদৰ্শৰে চলে। ৰাইজে ২০২৬ত ইয়াৰ উত্তৰ দিব।’’
সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই গগৈয়ে কয়, ”কালি হিমন্ত বিশ্ব শৰ্মাৰ আঢ়ৈ ঘণ্টীয়া সংবাদমেলত এনে কোনো প্ৰমাণ দিব নোৱাৰিলে যে মই কোনো অন্য দেশৰ এজেণ্ট হও৷ তেওঁ শূন্যতে গদা ঘুৰাই কথাবোৰ ক’লে৷ এছআইটিৰ ৰিপৰ্ট তেওঁৰ হাতত ছয়মাহ পূৰ্বৰে পৰা আছিল৷ ১০ ছেপ্টেম্বৰত সকলো তথ্য ৰাজহুৱা কৰিম বুলি কৈছিল৷ জনগণে ভাবিছিল যে সকলো তথ্য ৰাজহুৱা কৰি কেন্দ্ৰীয় চৰকাৰলৈ তদন্তৰ অনুমতি বিচাৰি আবেদন কৰিলে৷ আমাৰ প্ৰথম প্ৰশ্ন এয়াই যে বিগত ছয়মাহ ধৰি মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদনক লৈ মুখ বন্ধ কৰি ৰাখিছিল কিয়? ছয়মাহ পূৰ্বে এই প্ৰতিবেদন ফাদিল নকৰিলে কিয় আৰু কেন্দ্ৰৰ অনুমতিৰ বাবে প্ৰেৰণ নকৰিলে কিয়? তাৰ দ্বাৰা এটাই প্ৰমাণ হয় যে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদন পঢ়ি গম পালে যে তেওঁ গঠন কৰা এছআইটিয়ে এটাও তথ্য আৰু প্ৰমাণ আনিবলৈ সক্ষম নহ’ল৷ প্ৰথমে তেওঁ কৈছিল যে ১৫ দিনৰ বাবে পাকিস্তানলৈ গৈছিলো৷ কালি আকৌ ক’লে যে ১০ দিনৰ বাবে গৈছিলো৷ প্ৰথমে কথাবোৰ এনেদৰে কৈছিল যে শেহতীয়াকৈ পাকিস্তান গৈছিলো৷ ২০১৩ চনৰ কথা, ১৩ বছৰ পূৰ্বৰ কথা কৈ আছে৷ প্ৰথমে ক’লে যে সাংসদ নৌহওতেই গৈছিল৷ কাকো নজনোৱাকৈ পাকিস্তান গৈছিল৷ এইবাৰ ক’লে যে আটাৰী সীমান্তৰে গৈছিল৷ এয়াই নেকি তেওঁৰ তথ্য?’’
মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ এই সংবাদ মেল নহয়, অসমৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ প্ৰতি শ্ৰদ্ধা জনাইহে আজিৰ সংবাদ মেল আয়োজন কৰিছে বুলিও গগৈয়ে মন্তব্য কৰে আৰু সাংবাদিকক প্ৰশ্ন কৰিবলৈ দি এটাৰ পিছত এটাকৈ মুখ্যমন্ত্ৰীয়ে ৮ ফেব্ৰুৱাৰীত সংবাদমেলত উত্থাপন কৰা অভিযোগৰ উত্তৰ সাৱলীলভাৱে প্ৰদান কৰে। প্ৰতিবেদন দাখিল হ’ল যদিও এছআইটিয়ে এবাৰলৈয়ো সোধা-পোছা কৰিবলৈ কিয় নামাতিলে বুলিও তেওঁ প্ৰশ্ন কৰে। এছআইটিয়ে মতা হ’লে নিজেই কাৰ্যালয়লৈ খোজকাঢ়ি গৈ প্ৰশ্নবোৰৰ উত্তৰ প্ৰদান কৰিলেহেতেন বুলিও কয় গগৈয়ে।
দেশৰ সুৰক্ষাক লৈ হেতালি খেলি লোকসভাত প্ৰশ্ন কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি গগৈয়ে কয়, ”অসমৰ সাংসদে সংসদত দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ কিয় প্ৰশ্ন কৰিব নোৱাৰে? মোৰ প্ৰশ্ন এয়াই যে অসমৰ সাংসদে দেশৰ সুৰক্ষাক লৈ প্ৰশ্ন নকৰিব কিয়? অসমৰ সাংসদে দেশৰ বাবে ভাবিব নোৱাৰে নেকি? অসমৰ সাংসদে আন্তঃৰাষ্ট্ৰীয় বিষয়, ভাৰতৰ বিদেশ নীতি কি হ’ব লাগে তাক লৈ অসমৰ সাংসদে বিচাৰ ব্যক্ত কৰিব নোৱাৰে নেকি? দেশৰ ৰাজনীতি আৰু সুৰক্ষাক লৈ অৱগত নহয় নেকি? জ্ঞান নাই নেকি? এয়া বিজেপিৰ সাংসদৰ মানসিকতা হ’ব পাৰে৷ কিন্তু এয়া আমাৰ কৰ্তব্য৷ আজিৰ পৰা কেইবছৰমান পূৰ্বে তেজপুৰ বিশ্ববিদ্যালয়লৈ যাওতে মোক আপুনি কিয় সাংসদ হ’বলৈ আহিল বুলি প্ৰশ্ন কৰিছিল৷ তেতিয়া মই কৈছিলো যে মই সদনত দেশৰ কণ্ঠ হ’ম, অসমৰ কথা উত্থাপন কৰিম আৰু যিসকলে মোক নিৰ্বাচিত কৰিলে তেওঁলোকৰ কথা সদনত কম৷ মুখ্যমন্ত্ৰীয়ে অলপ পঢ়া শুনা কৰক৷ মই সদনত যি প্ৰশ্ন কৰিছিলো সেই একেই প্ৰশ্ন অন্য দলৰ সাংসদেও উত্থাপন কৰিছিল৷ এনচিপিৰ সাংসদেও প্ৰশ্ন কৰিছিল, যিজন সাংসদে এতিয়া বিজেপিত যোগদান কৰিছে৷ মই মুখ্যমন্ত্ৰীক আৰু তথ্য দিব খোজো যে যদি লোকসভাৰ সচিবালয়ে ভাবে যে কোনো প্ৰশ্নৰ বৈধতা নাই বা প্ৰশ্নটোৰ উত্তৰ ৰাজহুৱা হ’ব নালাগে তেন্তে সম্পূৰ্ণ প্ৰশ্নটোকে বাতিল কৰে৷ সাংসদে প্ৰশ্ন কৰিবলৈ হ’লে প্ৰশ্নবোৰৰ বাবে আগতীয়া জাননী দিব লাগে৷ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত শলঠেকত পেলাব পৰা প্ৰশ্ন বাতিল কৰে লোকসভাৰ সচিবালয়ে৷ আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিৰ্দেশনা গৈছে যে কোনো ধৰণৰ প্ৰশ্ন পিএম কেয়াৰৰ ওপৰত সুধিব নোৱাৰে৷ যদি মোৰ প্ৰশ্নৰ উত্তৰ লোকসভাৰ সচিবালয়ে গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে উত্তৰ দিছে তেন্তে জানিব লাগিব যে সেই প্ৰশ্ন শুদ্ধ প্ৰশ্ন৷ মই ভাবো মুখ্যমন্ত্ৰীয়ে সংসদত কেনেকৈ প্ৰশ্ন কৰে সেই কথা নাজানে৷ সদনৰ নিয়ম আৰু প্ৰক্ৰিয়াৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে জানি লোৱা উচিত৷ অসমৰ সাংসদে একো নাজানে বুলি ভবাটো মুখ্যমন্ত্ৰীৰ ব্যক্তিগত চিন্তা৷’’
পাকিস্তানলৈ কিয় গৈছিল আৰু ১০ দিন কি কৰিছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে তেওঁ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে পাকিস্তানলৈ গৈছিল। ”মই ইয়াৰ পূৰ্বে দিল্লীত দিয়া সংবাদমেলত সকলো কথা কৈছিলোৱেই যে ২০১৩ চনৰ শেষৰপিনে মই মোৰ পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলো৷ এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰ অৱগত৷ ২০১৪ চনত মই কেন্দ্ৰীয় চৰকাৰক পাছপৰ্ট জমা দিছো৷ তাত মই সীমান্ত অতিক্ৰম কৰাৰ ষ্টাম্প আছে৷ পাকিস্তানৰ গৃহ বিভাগৰ ষ্টাম্প আছে৷ সেই পাছপৰ্ট মই মোদী চৰকাৰক জমা কৰি দিছো৷ মোদী চৰকাৰৰ পৰা মই নতুন ডিপ্লমেটিক পাছপৰ্ট লৈছো৷ মোদী চৰকাৰৰ হাতত সকলো তথ্য আছে যে এগৰাকী সাংসদে পাকিস্তানলৈ গৈছে আৰু তাত থাকি আহিছে৷ সকলো তথ্য চৰকাৰৰ তাত আছে, মই সেই কথা ইতিমধ্যে কৈছো৷’’ কি কাৰণত গৈছিলো তাক লৈ প্ৰশ্ন আহিব পাৰে বুলি উল্লেখ কৰি গগৈয়ে কয়, ”মই আগতে কৈছো৷ মোৰ পত্নীয়ে এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাত ২০১২ চনত কাম কৰিছিল৷ সেই সংস্থাৰ অধীনত তেওঁ পাকিস্তানত আছিল৷ সেই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোক ব্ৰিটিছ চৰকাৰে, নেডাৰলেণ্ড চৰকাৰে অনুদান দিয়ে৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তত যেনে আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া আদিত কাম চলি আছে৷ উক্ত কাৰ্যসূচীৰ অধীনত তেওঁ এবছৰ পাকিস্তানত আৰু এটা বছৰ পিছত ভাৰতলৈ আহে৷ যেতিয়া তেওঁ কামত গৈছিল স্বামী হিচাপে ময়ো তেওঁৰ সৈতে গৈছো৷ মই তাত গৈ চাইছিলো যে তেওঁ তাত কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল৷ বিদেশ, তাকো ইউৰোপ মহাদেশৰ এগৰাকী নাৰীয়ে পাকিস্তানৰ দৰে দেশ এখনত কেনেকৈ অকলে থাকিছিল, কোনখন বজাৰত গৈছিল, কোনখন পাৰ্কলৈ গৈছিল, ক’ত খাদ্য খাইছিল, কাপোৰ ক’ৰ পৰা ক্ৰয় কৰিছিল সেইবোৰ চাবলৈ মোৰো মন গৈছিল৷ তক্ষশীলাৰ দৰে প্ৰাচীন সভ্যতা বিজড়িত প্ৰত্নতাত্বিক স্থান চাবলৈকো মন যোৱাত মই সেয়াও চাবলৈ গৈছিলো৷ কালি মুখ্যমন্ত্ৰীয়ে সুধিছিল যে প্ৰথমে ভিছা আছিল লাহোৰলৈ যোৱাৰ বাবে। হয়, মই ভিছা সলনি কৰিছিলো কিয়নো আমি তক্ষশীলা চাবলৈ গৈছিলো৷ ইছলামাবাদত মোৰ পত্নীয়ে কাম কৰা কাৰ্যালয় আছিল৷ তাৰ পৰা তক্ষশীলালৈ তেনেই ওচৰ। মই এই কথাবোৰ এইবাবেই কৈছো যে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া নাই৷ মই অসমৰ ৰাইজকহে প্ৰশ্নবোৰৰ উত্তৰ দিব খোজো৷’’
গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি কয়, ”মই পত্নীৰ সৈতে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে পাকিস্তানলৈ গৈছিলো৷ মই আজি সুধিব বিচাৰো যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ছিংগাপুৰত কোন কোন আছিল৷ সেই কথা কওক৷ বহুতৰ অভিযোগ আছে যে ছিংগাপুৰত জুবিনদাৰ মৃত্যুৰ সময়ত তাত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ লোক আছিল৷’’ আনহাতে, আজিৰ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ মৌলবী এগৰাকীৰ সৈতে তোলা বিস্ফোৰক ফটো এখনো ৰাজহুৱা কৰে। সংবাদ মাধ্যমৰ আগত ফটোখন ৰাজহুৱা কৰি গগৈয়ে কয়, ”মই এটা কথা কৈ থাকো যে মুখ্যমন্ত্ৰীয়ে বাংলাদেশলৈ গৈ খুব ভাল পায়। মই মাত্ৰ এবাৰ পাকিস্তানলৈ গৈছো৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ১০ বাৰ বাংলাদেশলৈ গৈছে৷ মোৰ হাতলৈ এখন ফটো আহিছে৷ মুখ্যমন্ত্ৰীয়ে কওক যে এই ফটো কেতিয়া লৈছিল আৰু এই ফটোৰ কাহিনী বৰ্ণনা কৰক৷ তেওঁৰ সৈতে কি কথা পাতিছিল৷ এই ফটোখন বাংলাদেশৰ৷’’ সাংবাদিকসকলক উদ্দেশ্যি তেওঁ আৰু কয়, ”আপোনালোকে এইখন ফটোৰ কথা মুখ্যমন্ত্ৰীক সোধক৷ মন্দিৰৰ সন্মুখত তোলাতো ঠিকে আছে, কিন্তু এগৰাকী বিখ্যাত মৌলানাৰ সৈতেও তেওঁ ফটো উঠিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত কোনদিনা হিন্দু, কোনদিনা মুছলমান আৰু কোনদিনা নাস্তিক ধৰিবকে নোৱাৰি৷ যেতিয়া কংগ্ৰেছত আছিল তেতিয়া মুছলমানৰ তেজ পানীৰ পাইপেৰে বৈ গৈছিল৷ বিজেপিত সোমাই এনেকুৱা ভিডিঅ’ বনাইছে যে মুছলমানৰ ওপৰত নৰসংহাৰ কৰিবলৈ কৈছে৷ ৰাজনৈতিক সুৰক্ষাৰ বাবে কালি তেওঁ খ্ৰীষ্টান হৈ যাব নে, শিখ হয় নে মুছলমান হৈ যায় তাৰ ঠিক নাই৷ মোৰ টুপী পিন্ধা ফটো ভাইৰেল কৰা হৈছে৷ মই আশা কৰিম টুপী পিন্ধা মুখ্যমন্ত্ৰীৰ ফটোও দুই-এখন ভাইৰেল কৰক৷’’ মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ হিন্দু বুলি প্ৰশ্ন কৰি গৌৰৱে কয়, ”তেওঁ কেনেধৰণৰ হিন্দু? হিন্দু হৈ মুখ্যমন্ত্ৰীয়ে গৰুৰ ছিণ্ডিকেটৰ পৰা টকা খায়৷ তেওঁ যদি প্ৰকৃততে হিন্দু নেতা তেন্তে আজি ৰাতিৰ ভিতৰতে গৰুৰ ছিণ্ডিকেট বন্ধ কৰক৷ বন্ধ কৰিব পাৰিবনে? বন্ধ কৰিব নোৱাৰে৷ কিয়নো তেওঁৰ ঘনিষ্ঠই চিণ্ডিকেট চলাব লাগে।’’
পাকিস্তানৰ পৰা দৰমহা লোৱা বুলি উত্থাপিত অভিযোগৰ বিষয়টো সন্দৰ্ভত স্পষ্ট কৰি গগৈয়ে কয় যে ভাৰতলৈ অহাৰ পিছত মাথো এমাহহে পাকিস্তানৰ সংস্থাটোৰ পৰা দৰমহা লৈছিল৷ গগৈয়ে কয়, ”কথাটো এনেদৰে প্ৰচাৰ কৰা হৈছে যে পাকিস্তানৰ টকা তেওঁৰ ব্যক্তিগত একাউণ্টত জমা হৈছে৷ প্ৰথম কথাটো হ’ল এই প্ৰকল্পটো হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ। এই প্ৰকল্প দক্ষিণ আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াত চলি আছে৷ পৰিৱেশক লৈ এই কাৰ্যসূচী চলি আছে৷ যেনেদৰে এছিয়ান বেংকৰ প্ৰকল্পবোৰ অসমত হৈ আছে তেনেকৈ সেই এনজিঅ’ই ভাৰত আৰু পাকিস্তানত কাম কৰি আছে৷ যি দৰমহা দিয়া হয় সেই টকা পাকিস্তানৰ টকা নহয়৷ আন্তঃৰাষ্ট্ৰীয় সংস্থাই টকা ভাৰত আৰু পাকিস্তানৰ এনজিঅ’ক দিয়ে৷ যেতিয়া মোৰ পত্নী পাকিস্তানত আছিল তেতিয়া পাকিস্তানৰ এনজিঅ’ৰ জৰিয়তে মোৰ পত্নীৰ একাউণ্টত সোমাইছিল৷ যেতিয়া মোৰ পত্নী ভাৰতলৈ আহিল তেতিয়া তাত কাম কৰাৰ বাবদ পাবলগীয়া টকা পাকিস্তানৰ এনজিঅ’টোৱে ভাৰতৰ এনজিঅ’ক দিয়ে৷ এনজিঅ’টোৱে সেই টকা মোৰ পত্নীক দিয়ে৷ মাথো এমাহৰ বাবে পাকিস্তানৰ এনজিঅ’ৰ টকা পত্নীৰ একাউণ্টত সোমাইছিল৷ যেতিয়া চিফটিং হ’ল তেতিয়া কৰ্মচাৰীৰ দৰমহা চিফটিং হ’ল৷ নিৰ্বাচনৰ সময়ত সকলো তথ্য জমা দিছো৷ এতিয়া ১৩ বছৰৰ আগৰ কথাৰে হিমন্ত বিশ্ব শৰ্মাই হাৱা পাংচাৰ হোৱা টায়াৰত হাৱা ভৰাবলৈ চেষ্টা কৰিছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ হাতত তথ্য নাই৷ অভিযোগ তথ্যহীন৷ কালি যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল তেতিয়া মুখমণ্ডল ম্লান হৈ পৰিছিল। দুজন বিশেষ সাংবাদিকৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে ইমান টকা খৰছ কৰিলে তথাপিও একো কৰিব নোৱাৰিলে৷ তাৰ পিছতে হেডলাইন কি হ’ল ‘ভেল্কিবাজি’৷ আমাৰ চেহেৰা চাওক হাঁহি মুখেৰে প্ৰশ্নৰ উত্তৰ দি আছো৷’’
মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ যোৱা আৰু ভাৰতৰ তথ্য যোগান ধৰা বুলি অনা অভিযোগৰ উত্তৰ প্ৰদান কৰি গৌৰৱ গগৈয়ে কয় যে মোৰ পত্নীয়ে ভাৰতৰ মিডিয়াত প্ৰকাশিত আৰু য’ত চৰকাৰে দিয়া তথ্য আছে তাৰ ভিত্তিত এক প্ৰতিবেদন প্ৰেৰণ কৰিছিল৷ তেওঁ কয়, ”আন্তঃৰাষ্ট্ৰীয় সংস্থাত কাম কৰিলে বিভিন্ন কামৰ বাবে নিজৰ বিশ্লেষণবোৰ দিবলগীয়া হয়। সেই বিশ্লেষণবোৰ দিওতে তেওঁ কোনো আইবিৰ গোপন তথ্য নহয়, ভাৰতৰ মিডিয়াত প্ৰকাশিত আৰু চৰকাৰে দিয়া তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰিছিল।’’ গগৈয়ে আৰু কয়, ”যিদৰে সাধাৰণ নাগৰিকে ২০১৩ চনলৈ পাকিস্তানলৈ গৈছিল সেই একেই নিয়ম মানি ময়ো পাকিস্তানলৈ গৈছিলো৷ তাত গ’লে কোন চহৰত যাব লাগে সেই অনুমতি আগতে ল’ব লাগে৷ আইনী প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈ কোনো নাগৰিকে ভাৰতৰ পৰা পাকিস্তানলৈ যাব নোৱাৰে৷ ভিছা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে৷’’ ভিছা প্ৰক্ৰিয়াটো নিমন্ত্ৰণ হ’ল নেকি বুলিও ওলোটাই প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে৷ ভিছাত দিয়া ষ্টাম্প মানে নিমন্ত্ৰণ নহয় বুলিও উল্লেখ কৰে গগৈয়ে৷ গগৈয়ে কয়, ”নিমন্ত্ৰণ নহয়, ইয়াক ক্লিয়াৰেন্স বুলি কয়৷ মুখ্যমন্ত্ৰীক মই আহ্বান জনাও যে অসমত বহু সমস্যা আছে তাত গুৰুত্ব দিয়ক৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক গুৰুত্ব দিয়ক৷ বাগানৰ শ্ৰমিকক ভূমিপট্টা দিয়ক৷ ১২ হাজাৰ বিঘা মাটি কেনেকৈ হ’ল তাৰ উত্তৰ দিয়ক৷ ল’ৰা-ছোৱালীৰ মাজত ড্ৰাগছ আজি ডাঙৰ সমস্যা, তাৰ হিচাপ দিয়ক৷ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কিয় খুলিছে তাৰ উত্তৰ দিয়ক৷ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কিয় কথা কৈ আছে তাৰ উত্তৰ দিয়ক৷ আজি এই কথাবোৰ সকলোৱে গম পাইছে৷ এই সময় পৰিৱৰ্তনৰ৷’’
যিটো এনজিঅ’ত গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰিছিল সেই এনজিঅ’ই গুজৰাট চৰকাৰৰ কাম কৰিছিল বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গুজৰাটত উক্ত এনজিঅ’টোৰ কাম চলি আছিল। যদি ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা আহে তেন্তে সেই এনজিঅ’বোৰে কেনেকৈ কাম কৰিব পাৰিলে বুলিও গগৈয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে এই তদন্ত ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ নহয়৷ চৰকাৰৰ কেলেংকাৰীৰ পৰা দৃষ্টি আতৰাবলৈহে এই কাম কৰা হৈছে৷ তৰুণ গগৈ পুত্ৰ, বোৱাৰী, নাতি-নাতিনীক লৈ ৰাইজৰ মাজত বিভ্ৰান্তি কৰিব বিচৰা হৈছে৷ তৰুণ গগৈৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই যি বিশ্বাসঘাতকতা কৰিছিল সেই যাত্ৰা হিমন্ত বিশ্ব শৰ্মাই আজিও অব্যাহত ৰাখিছে বুলিও সংবাদমেলত উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
দিল্লীস্থিত পাকিস্তানৰ দূতাবাসলৈ যোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰাত গৌৰৱ গগৈয়ে কয়, ”সেই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নৱাজ শ্বৰীফৰ ঘৰত বিয়া খাবলৈ গৈছিল, প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণলৈ মাতিছিল৷ মই প্ৰধানমন্ত্ৰীক অনুসৰণ কৰি বিভিন্ন ছাত্ৰ-ছাত্ৰীক লৈ আলোচনা কৰিছিলো৷ সেই আলোচনা কেৱল পাক দূতাবাসৰ সৈতে নহয়, অষ্ট্ৰেলিয়াকে ধৰি আন বিভিন্ন দেশৰ সৈতেও আলোচনা অনুষ্ঠান হৈছিল। সেই অনুষ্ঠানৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত তেতিয়াই প্ৰকাশ পাইছিল। সেইবোৰ একো গোপন নাছিল। তাত সাংবাদিকো বহি আছিল। মুখ্যমন্ত্ৰীয়ে ভিত্তীহীন, কাল্পনিক, যুক্তিহীন কথা আমাৰ ওপৰত জাপি দিব খুজিছে৷’সংবাদমেলত গগৈয়ে বিধায়ক দিগন্ত কলিতাৰ নাম নোলোৱাকৈয়ে কয় যে এজন বিধায়কে মোৰ পাকিস্তানলৈ যোৱাৰ সম্পূৰ্ণ কাল্পনিক ভ্ৰমণসূচীয়ে প্ৰকাশ কৰিছিল। কিন্তু পিছত ডিলিট কৰিলে৷ সংবাদমেলত তেওঁ বিদেশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম নোলোৱাকৈয়ে কটাক্ষ কৰি কয়, ”মোৰ সেইগৰাকী বিদেশ মন্ত্ৰীৰ প্ৰতি চিন্তা হৈছে যিগৰাকীয়ে এই কাম কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ দিছিল৷ তেওঁৰ বাবে মোৰ চিন্তা হৈছে৷ তেওঁ এতিয়া কিমানদিন মন্ত্ৰী হৈ থাকিব ঠিক নাই।’’
উল্লেখ্য যে আজিৰ এই সংবাদমেলৰ আৰম্ভণিতে দুই সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনেও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদমেলৰ আৰম্ভণি কৰি কয় যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে এনে ধৰণৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে। এক কাহিনী ৰচনা কৰি সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে। বিজেপি চৰকাৰৰ দুৰ্নীতি আৰু মুখ্যমন্ত্ৰী পৰিয়ালৰ মাটি কেলেংকাৰী কংগ্ৰেছে পোহৰলৈ অনাৰ বাবেই এনে চক্ৰান্ত কৰা হৈছে বুলিও কয় সাংসদ বৰদলৈয়ে। একেদৰে, সাংসদ ৰকিবুল হুছেইনে কয়, ”ভেল্কীবাজীত পৰিণিত হৈছে মুখ্যমন্ত্ৰীৰ অভিযোগ। গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নাম চৰ্চালৈ অহাৰ সময়তে অস্থিৰ হৈ এনে কাম কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পৰিয়ালটোক অতি বেয়াকৈ ব্যক্তিগত আক্ৰমণ কৰিছে। সৰু লৰা-ছোৱালীকেইটাকো নেৰিলে। আমি ইমানদিনে ধৈৰ্য ধৰি আছিলো, কিন্তু আজি আমি উত্তৰ দিম। ইমানদিনে আমি আইনৰ আশ্ৰয় লোৱা নাছিলো। কিন্তু আমি যেতিয়া অসুৰক্ষিত অনুভৱ কৰিছো, গতিকে আমি কিছু চিন্তা কৰিছো।’’ তাৎপৰ্যপূৰ্ণ যে আজিৰ সংবাদমেলত গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিশু আইনৰ অধীনত আইনৰ কাষ চপাৰো স্পষ্ট ইংগিত দিয়ে। এই সন্দৰ্ভত অচিৰেই আইনজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব বুলিও কয় সভাপতি গৌৰৱ গগৈয়ে।





