শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত বৰ্ধিত কাৰ্য্যনিৰ্বাহকত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে।
ৰয় আৰু বৰঠাকুৰক নিলম্বন কৰাৰ লগতে আন তিনিজন নেতাৰ বিৰুদ্ধে নিলম্বনৰ প্ৰস্তাৱ গ্ৰহণ কৰি অনুশাসন সমিতিলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে।
বৈঠকৰ অন্তত এই কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা, যুৱ কংগ্ৰেছী তথা এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰা আৰু সাধাৰণ সম্পাদক ৰমেশ জৈনৰ বিৰুদ্ধে নিলম্বনৰ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে।
‘দলৰ নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিবৰ বাবে তেওঁলোকৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।‘ বৰাই কয়।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বৰাক সম্ৰাটৰূপে পৰিচিত ৰয়ে বিজেপিৰ বিজয়ত মুকলিভাৱে উল্লাস প্ৰদৰ্শন কৰা বিষয়ক লৈ অস্বস্তিত পৰিছিল কংগ্ৰেছ। বৰাকৰ দুখন আসনত বিজেপি জয়ী হোৱাৰ পাছত গৌতম ৰয়ে মিঠাই খুৱাই, ফাকু খেলি আনন্দত আত্মহাৰা হোৱা ঘটনাৰ তদন্ত কৰাৰ কথা সদৰী কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
ইয়াৰোপৰি, বিগত লোকসভা নিৰ্বাচনৰ টিকট বঞ্চিত প্ৰাৰ্থী ৰমেন বৰঠাকুৰ আৰু দ্বিজেন শৰ্মাই ৰিপুণ বৰাৰ বিৰুদ্ধে ধন লৈ টিকট দিয়া বুলি গুৰুতৰ অভিযোগ তুলিছিল।
লগতে পাৰ্থপ্ৰতিম বৰাই কিছুদিন পূৰ্বে ৰিপুণ বৰাক সভাপতি পদৰ পৰা আঁতৰাবলৈ মুকলি বিদ্ৰোহ ঘোষণা কৰিছিল।
আনহাতে ২০২১ৰ অসম বিধান সভা নিৰ্বাচনৰ বাবে মিছন-৮০ লক্ষ্যৰে ৰণকৌশল যুগুত সন্দৰ্ভতো কংগ্ৰেছৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক বৈঠকত আলোচনা হয়।
বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্য্যয়ৰ পৰ্য্যালোচনা আৰু আগন্তুক বিধান সভা নিৰ্বাচনলৈ ৰণকৌশল যুগুতৰ উদ্দেশ্যে উক্ত বৈঠক অনুষ্ঠিত হয় বুলি বৈঠকৰ অন্তত জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱতে।
ৰাৱাতে কয় ‘বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্য্যয়ৰ বাবে যি যি দুৰ্বলতা আছিল সেইখিনি আজিৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহকত আলোচনা কৰা হয়। আজিৰ বৈঠকত আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছে ৮০ খন আসন দখলৰ উদ্দেশ্যে মিছন-৮০ ৰ সংকল্প গ্ৰহণ কৰে।’
ইয়াৰোপৰি, খালী হোৱা ৰাজ্যৰ ৪খন বিধানসভাৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত কংগ্ৰেছে আশাপ্ৰদ ফলাফল দেখুৱাব বুলিও তেওঁ মন্তব্য কৰে।
ইপিনে, দলৰ সংবিধান অমান্য কৰি দল বিৰোধী কাৰ্য্যত লিপ্ত হোৱাসকলৰ প্ৰতিও দলে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে ৰাৱতে।
আনহাতে, বৈঠক আধাতে এৰি নিজৰ ব্যক্তিগত কাম থকা বাবে বিদায় লোৱা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে কয় ‘হৰা সমষ্টিকেইটাক আমি কিয় হাৰিলো, নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কি প্ৰভাৱ আছিল, কোন জনগোষ্ঠীৰ পৰা কিমান ভোট পালো-নাপালো, ধৰ্মীয় মেৰুকৰণে কিমান ফেক্টৰ কৰিলে, সেই কথা আলোচনা কৰা হৈছে। কি কি কৰিলে ২০২১ত কংগ্ৰেছক পুনৰ শাসনলৈ আনিবলৈ বৈঠকত আলোচনা হৈছে।’