NORTHEAST NOW (Assamese)

তামিলনাডু, মুম্বাইৰ আৰ্হিৰে ২০২০ চনত অসম প্ৰিমিয়াৰ লীগ; স্থানীয় খেলুৱৈয়ে পাব প্ৰতিভা বিকাশৰ সুযোগ

August 28, 2019 4:46 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

তামিলনাডু আৰু মুম্বাই প্ৰিমিয়াৰ লীগৰ আৰ্হিৰে অসম ক্ৰিকেট সন্থাই ২০২০ চনৰ ফেব্ৰুৱাৰি মাহত আৰম্ভ কৰিব অসম প্ৰিমিয়াৰ লীগ।

টি-২০ আৰ্হিত অনুষ্ঠিত হ’বলগীয়া প্ৰিমিয়াৰ লীগখনত মুঠ ছয়টা দলে প্ৰতিদ্বন্দ্বিতা কৰিব।

অসম প্ৰিমিয়াৰ লীগ সন্দৰ্ভত সংবাদ মেলত মত ব্যক্ত কৰি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ১৮ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত ছয়টা দলে ১৫ দিনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কয়।

আই পি এল আৰু অন্য ৰাজ্যৰ প্ৰিমিয়াৰ লীগৰ আৰ্হিত অনুষ্ঠিত হ’বলগীয়া প্ৰিমিয়াৰ লীগখনত স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক নিলাম যোগে ক্ৰয় কৰা হ’ব।

‘‘আমি ইতিমধ্যে বি চি চি আইৰ সৈতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ সম্পৰ্কত আলোচনা অব্যাহত ৰাখিছো যাতে উত্তৰ-পূবৰ অন্য ৰাজ্যৰ খেলুৱৈসকলেও প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰে’’-শইকীয়াই কয়।

অসম প্ৰিমিয়াৰ লীগ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে এখন বিশেষ পৰিচালনা সমিতি গঠন কৰা হৈছে।

অসম প্ৰিমিয়াৰ লীগে ৰাজ্যৰ উঠি অহা ক্ৰিকেট প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশত বিশেষভাৱে সহায় কৰিব বুলি আয়োজক মহলে আশা কৰিছে।

Related News