• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বগা হাতীত পৰিণত ৰাজ্যৰ অধিকাংশ ৰাজহুৱা প্ৰতিষ্ঠান! কেগৰ প্ৰতিবেদনে উদঙালে ৰাজ্যৰ বিত্তীয় অব্যৱস্থাপনাৰ ভয়ংকৰ ছবি

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 8:09 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৩১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত  অসম চৰকাৰে ১০,৯০৩ কোটি টকাৰ বিশাল ধনৰাশি বিনিয়োগ কৰিছে যদিও ইয়াৰ পৰা চৰকাৰে লাভ কৰা প্ৰতিদানৰ পৰিমাণ প্ৰায় শূন্য। চলিত মাহত ৰাজ্যিক বিধানসভাত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (CAG) ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক বিত্তীয় হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত এই গুৰুতৰ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ অৰ্থনীতিৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে যদিও চৰকাৰী কোম্পানীসমূহত কৰা বিশাল বিনিয়োগৰ বিপৰীতে নামমাত্ৰ লাভাংশ অৰ্জন হোৱা বিষয়টোৱে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাৰ এক উদ্বেগজনক দিশ উন্মোচন কৰিছে।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, ৰাজ্যৰ ২৭টা চৰকাৰী কোম্পানী আৰু ৪টা বিধিবদ্ধ নিগমকে ধৰি মুঠ ৩১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত কেৱল অসম শক্তি উৎপাদন নিগম লিমিটেডেহে (APGCL) সামান্য লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২৪-২৫ বৰ্ষত এই প্ৰতিষ্ঠানটোৱে মাত্ৰ ১৫ কোটি টকাৰ লাভাংশ ঘৰলৈ আনিছে, যি মুঠ বিনিয়োগ কৰা মূলধনৰ মাত্ৰ ০.১১ শতাংশ। ইয়াৰ বিপৰীতে, ৰাজ্য চৰকাৰে গড়ে ৬.৭৬ শতাংশ সুতৰ হাৰত বজাৰৰ পৰা ঋণ সংগ্ৰহ কৰি আছে। ইয়াৰ অৰ্থ হ’ল চৰকাৰে নিজৰ প্ৰতিষ্ঠানসমূহৰ পৰা যিমান টকা উপাৰ্জন কৰিছে, তাতকৈ বহু বেছি পৰিমাণৰ ধন ঋণৰ সুত পৰিশোধ কৰোতেই ব্যয় কৰিবলগীয়া হৈছে।

Apply Now

ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ লোকচানৰ পৰিমাণ যথেষ্ট গভীৰ বুলি প্ৰতিবেদনত সৱিশেষ উল্লেখ কৰা হৈছে। ২৭টা চৰকাৰী কোম্পানীৰ ভিতৰত ১৭টাই বৰ্তমান লোকচানত চলি আছে আৰু এই কোম্পানীসমূহৰ এতিয়ালৈকে মুঠ লোকচানৰ পৰিমাণ হৈছে ৫৯২.৩০ কোটি টকা। একেদৰে, চাৰিটা বিধিবদ্ধ নিগমৰ ভিতৰত তিনিটা নিগমেই বৃহৎ লোকচানৰ সন্মুখীন হৈছে, যাৰ সামগ্ৰিক লোকচানৰ পৰিমাণ ১১২.৯০ কোটি টকালৈ বৃদ্ধি পাইছে। চৰকাৰে ঋণ লৈ বিনিয়োগ কৰাৰ পাছতো এই প্ৰতিষ্ঠানসমূহে কোনো ধন ঘূৰাই দিব নোৱাৰাৰ ফলত ৰাজ্যৰ ৰাজকোষৰ ওপৰত ভয়ংকৰ মাধমাৰ পৰিছে।

অসমৰ সামগ্ৰিক অৰ্থনীতিয়ে এক যোগাত্মক দিশত অগ্ৰসৰ হৈছে বুলি দাবী কৰা সময়ত এই নিৰাশাজনক তথ্যই অৰ্থনৈতিক বিকাশৰ প্ৰকৃত ছবিখন উদাঙাই দেখুৱাইছে। ২০২০-২১ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) বছৰি গড়ে ১৮ শতাংশ হাৰত বৃদ্ধি পাই ৬,৪৩,৬৬৭ কোটি টকা হৈছেগৈ। একেদৰে মূলধনী ব্যয়ৰ পৰিমাণো ২০২০-২১ বৰ্ষৰ ১২,৩৯৯ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৪-২৫ বৰ্ষত ২৬,৪০৪ কোটি টকা হৈছে। কিন্তু কেগৰ প্ৰতিবেদনৰ পৰিসংখ্যাই এক ভিন্ন বাস্তৱ দাঙি ধৰিছে য’ত ৰাজ্যখনে বিনিয়োগৰ বাবে বৃহৎ পৰিমাণৰ ঋণ লৈছে যদিও বিনিয়োগ লাভ কৰা প্ৰতিষ্ঠানসমূহে ঘূৰাই একোৱেই দিয়া নাই।

শেহতীয়া পাঁচ বছৰত ৰাজহ প্ৰাপ্তিৰ বিপৰীতে পেঞ্চনৰ ব্যয় ১৫.৯১ শতাংশৰ পৰা ১৯.৩৭ শতাংশলৈ আৰু সুতৰ ধন পৰিশোধৰ পৰিমাণ ৮.০১ শতাংশৰ পৰা ৯.৭৭ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত এই প্ৰতিষ্ঠানসমূহৰ বৃহৎ লোকচান পূৰণ কৰিবলৈ চৰকাৰৰ হাতত থকা বিত্তীয় পৰিসৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে। সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান এই গুৰুত্বপূৰ্ণ প্ৰতিবেদনখন বিতং আলোচনা আৰু উপযুক্ত পৰামৰ্শৰ বাবে সদনৰ লোক হিচাপ সমিতিৰ (Public Accounts Committee) ওচৰলৈ প্ৰেৰণ কৰা হৈছে।

 এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd