অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ফলাফলত ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত এক বৈচিত্ৰ্যপূৰ্ণ প্ৰদৰ্শন পৰিলক্ষিত হৈছে। বিজেপি নেতৃত্বাধীন এন ডি এ মৰ্চাৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আনহাতে, বিৰোধী শিবিৰৰ আঞ্চলিক শক্তিসমূহৰ ভিতৰত ৰাইজৰ দলে সামান্য আসন বৃদ্ধিৰে নিজৰ অৱস্থিতিৰ প্ৰমাণ দিছে যদিও অসম জাতীয় পৰিষদ পুনৰবাৰ নিৰ্বাচনী যুঁজত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা দেখা গৈছে। সামগ্ৰিকভাৱে মিত্ৰজোঁটৰ ৰাজনীতিৰ মাজত আঞ্চলিক দলসমূহৰ প্ৰাসংগিকতা এই নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।
শাসকীয় মিত্ৰজোঁটৰ অন্যতম শক্তি অসম গণ পৰিষদে এইবাৰ ২৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১০ খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে, যি যোৱাবাৰৰ তুলনাত এখন আসন অধিক। দলটোৱে এইবাৰ বিশেষ ৰণনীতিৰে ১৩ গৰাকী সংখ্যালঘু প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিল যদিও এজনো সংখ্যালঘু প্ৰাৰ্থী বিধানসভালৈ নিৰ্বাচিত হ’বলৈ সক্ষম নহ’ল। অগপৰ হৈ বিজয়ী হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে বিলাসপাৰাৰ পৰা জীৱেশ ৰায়, বৰপেটাৰ পৰা দীপক কুমাৰ দাস, বজালীৰ পৰা ধৰ্মেশ্বৰ ৰায়, ডিমৰীয়াৰ পৰা ডাঃ তপন দাস, কলিয়াবৰৰ পৰা কেশৱ মহন্ত, তেজপুৰৰ পৰা পৃথিৰাজ ৰাভা, টীয়কৰ পৰা বিকাশ শইকীয়া, বোকাখাতৰ পৰা অতুল বৰা, বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰী আৰু হাজো-শুৱালকুছিৰ পৰা প্ৰকাশ চন্দ্ৰ দাস। দলৰ সভাপতি অতুল বৰাই এই বিজয়ক এন ডি এৰ ওপৰত ৰাইজৰ অদম্য বিশ্বাস আৰু বিকাশৰ যাত্ৰাৰ প্ৰতি জনসাধাৰণৰ প্ৰতিশ্ৰুতি বুলি অভিহিত কৰিছে।
বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) বা বিটিএডি অঞ্চলত বিপিএফে নিজৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰা পৰিলক্ষিত হৈছে। এন ডি এত পুনৰ যোগদান কৰি দলটোৱে ডোটমা, চিডলী চিৰাং, মানস, বাক্সা, ভেৰগাঁও, ওদালগুৰি, মাজবাট, গোসাঁইগাঁও, কোকৰাঝাৰ আৰু বাওখুংগ্ৰী সমষ্টিত জয়লাভ কৰি মুঠ ১০ খন আসন দখল কৰিছে। মন কৰিবলগীয়া যে বিপিএফৰ এই উত্থানৰ মাজতে ইয়াৰ প্ৰতিদ্বন্দ্বী দল ইউপিপিএলে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।
ইফালে বিৰোধী আঞ্চলিক শক্তি হিচাপে ৰাইজৰ দলে এই নিৰ্বাচনত নিজৰ শক্তি বৃদ্ধি কৰি দুই সংখ্যাৰ আসন লাভ কৰিবলৈ সক্ষম হৈছে। দলৰ সভাপতি অখিল গগৈয়ে হাই-প্ৰফাইল শিৱসাগৰ সমষ্টিৰ পৰা পুনৰ বিজয়ী হোৱাৰ বিপৰীতে মেহবুব মুক্তাৰে ধিং সমষ্টিৰ পৰা জয়লাভ কৰি দলটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ১৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাইজৰ দলৰ এই সফলতাই বিশেষকৈ উজনী অসম আৰু সংখ্যালঘু প্ৰধান এলেকাত দলটোৰ ভেটি ক্ৰমান্বয়ে দৃঢ় হোৱাৰ ইংগিত দিছে। ইয়াৰ বিপৰীতে অসমীয়া জাতীয়তাবাদৰ মূল সুঁতিৰ বিকল্প হিচাপে থিয় দিয়া অসম জাতীয় পৰিষদৰ বাবে নিৰ্বাচনী ফলাফল অত্যন্ত হতাশাজনক প্ৰমাণিত হৈছে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ চক্ৰধৰ গগৈৰ হাতত ৯,৯৮৪ টা ভোটত আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিজেপিৰ বলিন চেতিয়াৰ হাতত ৪১,৭৪৯ টা বৃহৎ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে।
২০২৬ বৰ্ষৰ এই নিৰ্বাচনী ফলাফলে অসমৰ ৰাজনৈতিক দৃশ্যপটৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনক সূচাইছে। আঞ্চলিক দলসমূহৰ প্ৰাসংগিকতা এতিয়াও অটুট আছে যদিও বৃহৎ মিত্ৰজোঁটৰ অংশীদাৰ নোহোৱাকৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো আঞ্চলিক শক্তিৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। অগপ আৰু বিপিএফে শাসকীয় মিত্ৰজোঁটৰ সৈতে থাকি নিজৰ সাংগঠনিক সুৰক্ষা নিশ্চিত কৰাৰ বিপৰীতে স্বতন্ত্ৰ আঞ্চলিক শক্তি হিচাপে থিয় দিয়া দলসমূহৰ বাবে নিৰ্বাচনী পথাৰখন এতিয়াও সংকীৰ্ণ হৈয়ে আছে। বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত এই ফলাফলসমূহে আগন্তুক দিনত অসমৰ আঞ্চলিকতাবাদৰ চৰিত্ৰ আৰু গতিপথ কেনে হ’ব, সেই লৈ নতুন চৰ্চাৰ উন্মেষ ঘটাইছে।





