• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংস্থাপনৰ অপেক্ষাত ৰাজ্যৰ ১৫ লক্ষাধিক যুৱক-যুৱতী! সদনত প্ৰকাশ কৰিলে পঞ্জীয়নভুক্ত নিবনুৱাৰ উদ্বেগজনক তথ্য

ৰাজ্যত পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীসকলৰ ভিতৰত স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যা সৰ্বাধিক ছয় লাখৰো অধিক হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুন মাহলৈকে বাৰ লক্ষাধিক পঞ্জীয়ন বাতিল হোৱা বুলি সদৰী কৰিছে দক্ষতা, নিয়োগ আৰু উদ্যোগ মন্ত্ৰী প্ৰশান্ত ফুকনে

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 13, 2026 5:30 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বৰ্তমান ১৫.৪৩ লাখৰো অধিক লোক সক্ৰিয় চাকৰি প্ৰত্যাশী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে বুলি ১৩ জুলাইত ৰাজ্য চৰকাৰে অসম বিধানসভাত আনুষ্ঠানিকভাৱে অৱগত কৰিছে। বিধায়ক ৰেকিবুদ্দিন আহমেদে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত দক্ষতা, নিয়োগ আৰু উদ্যোগ মন্ত্ৰী প্ৰশান্ত ফুকনে জনায় যে ২০২৬ চনৰ ৩০ জুনলৈকে দক্ষতা, নিয়োগ আৰু উদ্যোগ সঞ্চালকালয়ত মুঠ ১৫,৪৩,৩৫০ গৰাকী চাকৰি প্ৰত্যাশীয়ে পঞ্জীয়ন কৰিছে। সদনত প্ৰকাশ কৰা চৰকাৰী তথ্যই  উদঙাই দিছে ৰাজ্যখনৰ নিবনুৱা সমস্যা আৰু নিযুক্তিৰ প্ৰকৃত ছবি।

 

Apply Now

বিধানসভাত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৬ চনৰ ৩১ মাৰ্চলৈকে ৰাজ্যত পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ সংখ্যা আছিল ১৫,৮২,۹৮৭ গৰাকী আৰু ইয়াৰ পৰৱৰ্তী সময়ত বিভাগে নিয়মীয়াকৈ বাৰ্ষিক পঞ্জীয়নৰ তথ্য সংৰক্ষণ কৰি আহিছে। পৰিসংখ্যা অনুসৰি, ২০২২ চনত পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ সংখ্যা আছিল ১১,৫৩,৯৭১ গৰাকী আৰু সেই বছৰত ১০,৩৪,৬১৩ গৰাকী নতুন চাকৰি প্ৰত্যাশীয়ে পঞ্জীয়ন কৰিছিল। একেদৰে, ২০২৩ চনত মুঠ পঞ্জীয়নৰ সংখ্যা ২০,১০,৫১৭ লৈ বৃদ্ধি পায়, য’ত ৮,৫৬,৫৪৬ গৰাকী নতুনকৈ পঞ্জীয়নভুক্ত হৈছিল। ২০২৪ চনত এই সংখ্যা পুনৰ বৃদ্ধি পাই ২১,১৬,৫৬১ হয়গৈ আৰু সেই বছৰত নতুন পঞ্জীয়নৰ সংখ্যা আছিল ১,০৬,০৪৪ গৰাকী। পৰৱৰ্তী বৰ্ষ অৰ্থাৎ ২০২৫ চনত সক্ৰিয় পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ সংখ্যা ১১,৮৮,১৬০ লৈ হ্ৰাস পায় আৰু ২,৪৯,৭৬৫ গৰাকীয়ে নতুনকৈ পঞ্জীয়ন কৰে।

 

চলিত বৰ্ষৰ অৰ্থাৎ ২০২৬ চনৰ ৩০ জুনলৈকে বিভাগটোৱে ১৫,৪৩,৩৫০ গৰাকী পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ তথ্য লিপিবদ্ধ কৰিছে আৰু এই সময়ছোৱাত ৩,৫৫,৭৪১ গৰাকী চাকৰি প্ৰত্যাশীয়ে নতুনকৈ নিজৰ নাম পঞ্জীয়ন কৰিছে। ইয়াৰ সমান্তৰালভাৱে, চৰকাৰে সদনক অৱগত কৰে যে ২০২৬ চনৰ ৩০ জুনলৈকে মুঠ ১২,৫২,৭৩১ গৰাকী চাকৰি প্ৰত্যাশীৰ পঞ্জীয়নৰ ম্যাদ উকলি গৈছে বা বাতিল হৈছে।

 

পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীসকলৰ শৈক্ষিক অৰ্হতাৰ সবিশেষ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সৰ্বাধিক পঞ্জীয়ন স্নাতক ডিগ্ৰীধাৰীৰ মাজত দেখা গৈছে। বৰ্তমান ৰাজ্যত ৬,৪৮,৮৯৯ গৰাকী স্নাতক আৰু ১,১৬,১৫৯ গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী চাকৰি প্ৰত্যাশী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে। ইয়াৰ লগতে পঞ্জীয়নৰ তালিকাত ৬২,৫৮১ গৰাকী কাৰিকৰী ডিপ্লমাধাৰী আৰু ৬৫,৯৮৯ গৰাকী কাৰিকৰী স্নাতক অন্তৰ্ভুক্ত হৈ আছে, যিয়ে ৰাজ্যখনত নিয়োগ বিচাৰি থকা উচ্চ অৰ্হতাসম্পন্ন যুৱক-যুৱতীৰ এক বৃহৎ অংশক প্ৰতিনিধিত্ব কৰে।

 

ৰাজ্যৰ নিয়োগ সঞ্চালকালয়ত পঞ্জীয়নভুক্ত নিবনুৱাৰ বৰ্ষভিত্তিক সবিশেষ আৰু চাকৰি প্ৰত্যাশীসকলৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত জানিবলৈ বিচৰা প্ৰশ্নৰ উত্তৰতেই চৰকাৰে এই তথ্যসমূহ বিধানসভাত দাঙি ধৰে। ৰাজ্যখনৰ নিয়োগ ব্যৱস্থা আৰু নিবনুৱা সমস্যাৰ সাম্প্ৰতিক স্থিতি উন্মোচন কৰা এই চৰকাৰী তথ্যৰ ভিত্তিত পৰৱৰ্তী সময়ত সংস্থাপন সৃষ্টিৰ বাবে কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

 

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd