ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈয়েই থকাৰ লগতে সুস্থতাৰ হাৰো বৃদ্ধি পাইছে যদিও অ’মিক্ৰণৰ সংক্ৰমণক লৈ অসমতো আশংকাৰ সৃষ্টি হৈছে।
আজিৰ দিনটোত ৰাজ্যখনত কোভিডত কোনো ২জন লোকে প্ৰাণ হেৰুৱাইছে।
বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১০১গৰাকী লোক।
আজিৰ দিনটোত ২৬,৫৪৩ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।
কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২৪ গৰাকী লোক।
কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৩৮ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬৬ শতাংশ।
ইপিনে দেশত কোভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত অসমতো অ’মিক্ৰণৰ সংক্ৰমণৰ সন্ধান পোৱা গৈছে।
Summary of 30/12/2021
Today’s Total 101
Overall Positivity Percentage (101 cases out of 26,543 test done = 0.38%)
Kamrup(M) 24
Death 2
Recovery Rate 98.66%
— Himanta Biswa Sarma (@himantabiswa) December 30, 2021
অসমত তিনিজনকৈ বিদেশী ছাত্ৰ কোভিডত আক্ৰান্ত হোৱাৰ কথাই উদ্বেগ বৃদ্ধি তুলিছিল।
শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা আফ্ৰিকাৰ ছাত্ৰ কেইজনৰ কোভিডৰ পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পিছতে তেওঁলোকৰ নমুনা জিনোম অনুক্ৰমৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। লাহোৱালস্থিত ICMR-এ উদ্ভাৱন কৰা কিটত পৰীক্ষা কৰাৰ অন্তত ছাত্ৰ কেইজন অমিক্ৰনত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে। এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।
লক্ষ্যণীয় কথাটো হ’ল আক্ৰান্ত ছাত্ৰ কেইজনৰ দুটা নমুনাৰ পৰীক্ষা কৰোৱা হৈছিল ডিব্ৰুগড়ত থকা আইচিএমআৰৰ অধীনত থকা ৰিজিঅ’নেল মেডিকেল ৰিছাৰ্চ চেণ্টাৰত।
সেই দুটা পৰীক্ষাত অমিক্ৰন পজিটিভ পোৱা গৈছিল। তিনিওজন ছাত্ৰৰে নমুনা CSIR-North East Institute of Science and Technology (NEIST) লৈ প্ৰেৰণ কৰা হৈছিল।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী বিষয়া অৰিঞ্জিত নাৰায়ণে প্ৰকাশ কৰা মতে কোভিডত আক্ৰান্ত তিনিজন আফ্ৰিকাৰ দেশৰ ছাত্ৰৰ ভিতৰৰ এজন কমোৰোছৰ।
এম কম পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰজনে অলপতে তেওঁৰ দেশৰ পৰা উভতি আহিছিল আৰু কোভিডত আক্ৰান্ত বুলি নিশ্চিত হৈছিল।
বিশ্ববিদ্যালয়খনৰ আন্তৰ্জাতিক হোষ্টেলত থকা ২২ জন বিদেশী শিক্ষাৰ্থী আছে।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল পৰীক্ষাত প্ৰমাণিত হোৱাৰ পিছতো চৰকাৰে ৰাজ্যত অমিক্ৰন আক্ৰান্তৰ তথ্য প্ৰকাশৰ বিষয়টোৰ পৰা গা এৰাই চলা পৰিলক্ষিত হৈছে।
ইপিনে, বিশেষজ্ঞসকলে কোভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক কোভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাই আহিছে।